--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালিৰ দিনটোত ঘাইপথেৰে অহা-যোৱা কৰা নামনি-উজনি দুয়োপিনে গাড়ীৰ শাৰী দেখা যায়। আনহাতে, পথছোৱাত ছুপাৰ বাছসমূহৰ লগতে ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰা লোকে সমাধিস্থলীলৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰে- 'জুবিন তুমি কুশলে থাকা'।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কি, সেয়া দেখুৱাই দিলে ৰাইজে। তেওঁৰ মৃত্যুক কোনেও ল'ব পৰা নাই সহজভাৱে। জুবিনৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছৰে পৰা সোণাপুৰলৈ সোঁত বৈছে শত সহস্ৰ অনুৰাগীৰ।


পুৱাৰ পৰা সমাধি ক্ষেত্রত বহু লোক সমবেত হৈ ধূপ-চাকি জ্বলাই জুবিনৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে। এফালে যদি ভাগৱত পাঠ, আনফালে আকৌ চলিছে জুবিন সম্পর্কীয় আলোচনা। এনে সময়ছোৱাতে কালি বিয়লিৰ ভাগত নগাঁৱৰ অঞ্জলি মহন্ত নামৰ এগৰাকী মহিলাই মেণ্ডলিনত মায়াবিনী গীতৰ সুৰেৰে অধিক আৱেগিক কৰি তোলে সমগ্ৰ পৰিৱেশ।


 উল্লেখযোগ্য যে কালিৰ দিনটোত ঘাইপথেৰে অহা-যোৱা কৰা নামনি-উজনি দুয়োপিনে গাড়ীৰ শাৰী দেখা যায়। আনহাতে, পথছোৱাত ছুপাৰ বাছসমূহৰ লগতে ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰা লোকে সমাধিস্থলীলৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰে- 'জুবিন তুমি কুশলে থাকা'। ইফালে কালি পুৱা ৬ বজাৰ পৰা বাতৰি লিখাৰ সময়লৈ অনুৰাগীৰ সংখ্যা প্রায় ৮/৯ হাজাৰ অতিক্ৰম কৰে। সন্ধিয়া প্রায় ৫ বজাৰ পৰা জুবিনৰ অনুৰাগীয়ে সমাধিত চাকি, ধূপ জ্বলাই সমাধিটো প্রদক্ষিণ কৰি 'জয় জুবিন, তুমি অমৰ হোৱা' বুলি শ্রদ্ধা নিবেদন কৰে। ইপিনে বিয়লিৰ ভাগত মন্ত্ৰী কেশৱ মহন্ত সমাধিস্থলীত উপস্থিত হৈ সমাধিস্থলীৰ কামবোৰৰ এটা সুন্দৰ নক্সা প্রস্তুত কৰিব বুলি কয়। 


বিশ্বমানৰ এটা আটকধুনীয়া সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে অহৰহ চিন্তা কৰি থকা বুলিও তেওঁ জনায়। আনহাতে, বুধবাৰে নিশাৰ ভাগলৈ বহু অনুৰাগীয়ে সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে গীত গাই জুবিন গাৰ্গলৈ অশ্রু অঞ্জলি যাচে। এনেদৰে প্ৰতিদিনে স্থানীয় ৰাইজ বিশেষকৈ মহিলাসকলে সমাধি ক্ষেত্র চাফ-চিকুণ কৰি চৌহদটো পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। আকৌ নিশাৰ ভাগত একাংশ জুবিন অনুৰাগী যুৱক-যুৱতীয়ে মদ্যপান কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্রশাসনে সমাধি ক্ষেত্ৰৰ চৌদিশে চি চি টিভি স্থাপনৰ ব্যৱস্থা কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান