--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালিৰ দিনটোত ঘাইপথেৰে অহা-যোৱা কৰা নামনি-উজনি দুয়োপিনে গাড়ীৰ শাৰী দেখা যায়। আনহাতে, পথছোৱাত ছুপাৰ বাছসমূহৰ লগতে ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰা লোকে সমাধিস্থলীলৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰে- 'জুবিন তুমি কুশলে থাকা'।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কি, সেয়া দেখুৱাই দিলে ৰাইজে। তেওঁৰ মৃত্যুক কোনেও ল'ব পৰা নাই সহজভাৱে। জুবিনৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছৰে পৰা সোণাপুৰলৈ সোঁত বৈছে শত সহস্ৰ অনুৰাগীৰ।


পুৱাৰ পৰা সমাধি ক্ষেত্রত বহু লোক সমবেত হৈ ধূপ-চাকি জ্বলাই জুবিনৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে। এফালে যদি ভাগৱত পাঠ, আনফালে আকৌ চলিছে জুবিন সম্পর্কীয় আলোচনা। এনে সময়ছোৱাতে কালি বিয়লিৰ ভাগত নগাঁৱৰ অঞ্জলি মহন্ত নামৰ এগৰাকী মহিলাই মেণ্ডলিনত মায়াবিনী গীতৰ সুৰেৰে অধিক আৱেগিক কৰি তোলে সমগ্ৰ পৰিৱেশ।


 উল্লেখযোগ্য যে কালিৰ দিনটোত ঘাইপথেৰে অহা-যোৱা কৰা নামনি-উজনি দুয়োপিনে গাড়ীৰ শাৰী দেখা যায়। আনহাতে, পথছোৱাত ছুপাৰ বাছসমূহৰ লগতে ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰা লোকে সমাধিস্থলীলৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰে- 'জুবিন তুমি কুশলে থাকা'। ইফালে কালি পুৱা ৬ বজাৰ পৰা বাতৰি লিখাৰ সময়লৈ অনুৰাগীৰ সংখ্যা প্রায় ৮/৯ হাজাৰ অতিক্ৰম কৰে। সন্ধিয়া প্রায় ৫ বজাৰ পৰা জুবিনৰ অনুৰাগীয়ে সমাধিত চাকি, ধূপ জ্বলাই সমাধিটো প্রদক্ষিণ কৰি 'জয় জুবিন, তুমি অমৰ হোৱা' বুলি শ্রদ্ধা নিবেদন কৰে। ইপিনে বিয়লিৰ ভাগত মন্ত্ৰী কেশৱ মহন্ত সমাধিস্থলীত উপস্থিত হৈ সমাধিস্থলীৰ কামবোৰৰ এটা সুন্দৰ নক্সা প্রস্তুত কৰিব বুলি কয়। 


বিশ্বমানৰ এটা আটকধুনীয়া সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে অহৰহ চিন্তা কৰি থকা বুলিও তেওঁ জনায়। আনহাতে, বুধবাৰে নিশাৰ ভাগলৈ বহু অনুৰাগীয়ে সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে গীত গাই জুবিন গাৰ্গলৈ অশ্রু অঞ্জলি যাচে। এনেদৰে প্ৰতিদিনে স্থানীয় ৰাইজ বিশেষকৈ মহিলাসকলে সমাধি ক্ষেত্র চাফ-চিকুণ কৰি চৌহদটো পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। আকৌ নিশাৰ ভাগত একাংশ জুবিন অনুৰাগী যুৱক-যুৱতীয়ে মদ্যপান কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্রশাসনে সমাধি ক্ষেত্ৰৰ চৌদিশে চি চি টিভি স্থাপনৰ ব্যৱস্থা কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ