--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে কালি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'আমি সকলো জুবিনৰ অনুৰাগী। আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত। তৎক্ষণাৎ ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ'ম। ৰাইজে অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব। য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব।'

ডিজিটেল ডেস্ক : ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু ঘটা অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ কৰাত এছ আই টি ব্যর্থ হ'লে চি বি আইৰ দ্বাৰা তদন্ত কৰোৱা হ'ব। কালি এই ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। 


শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে কালি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'আমি সকলো জুবিনৰ অনুৰাগী। আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত। তৎক্ষণাৎ ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ'ম। ৰাইজে অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব। য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব।' 


আনহাতে, উৰাবাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'যিসকলে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকলৈ মোৰ অনুৰোধ- এই গোটেই ঘটনাবোৰৰ মাজত উৰাবাতৰি আৰু আন বিভিন্ন কথাৰে বিভ্রান্ত নহ'ব আৰু আনকো নকৰিব। অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। 

যদিহে এছ আই টি ব্যর্থ হয়, তেনেহ'লে এই তদন্তৰ ভাৰ চি বি আইলৈ হ'লেও আমি পঠিয়াম।' মুখ্যমন্ত্রী ড° শৰ্মাই দৃঢ়তাৰে কয়, 'আমাৰ দৃষ্টিভংগী স্পষ্ট- 'সিদিনা কি ঘটিছিল আমি তাক বিচাৰি উলিয়াম, পোহৰলৈ আনিম। আমি আপোচ নকৰোঁ। মাথোঁ আমি সকলোৱে অত্যন্ত ধৈৰ্যৰে কিছুদিন অপেক্ষা কৰিব লাগিব।' 


ইফালে, আদালতে পইন্ট-টু-পইন্ট তথ্য-প্রমাণ বিচাৰিব বুলি জনাই তেওঁ লগতে কয়, 'প্রমাণসহ সকলো তথ্য এছ আই টিয়ে আদালতত জমা নিদিলে প্রকৃত ন্যায় পোৱাৰ সম্ভাৱনা তেনেই কম। প'ষ্টমর্টেম ৰিপ'ৰ্ট আহিব লাগিব। একেদৰে ছিংগাপুৰত থকা মানুহখিনিক ওভতাই আনিব লাগিব। কোনোবাই যদি তাৎক্ষণিক ন্যায় বিচাৰে, তেনেহ'লে আমি ফেইল হৈ যাম। কিয়নো আদালতে আৱেগ নিবিচাৰিব। আদালতে পইন্ট-টু-পইন্ট তথ্য-প্রমাণ বিচাৰিব।' 


এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সকলোৰে সহযোগিতাও বিচাৰে। আনহাতে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা ক'ত আছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এতিয়ালৈকে তেওঁলোকৰ এজনো অসমলৈ অহা নাই। এছ আই টিয়ে তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান