--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে কালি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'আমি সকলো জুবিনৰ অনুৰাগী। আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত। তৎক্ষণাৎ ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ'ম। ৰাইজে অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব। য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব।'

ডিজিটেল ডেস্ক : ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু ঘটা অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ কৰাত এছ আই টি ব্যর্থ হ'লে চি বি আইৰ দ্বাৰা তদন্ত কৰোৱা হ'ব। কালি এই ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। 


শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে কালি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'আমি সকলো জুবিনৰ অনুৰাগী। আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত। তৎক্ষণাৎ ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ'ম। ৰাইজে অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব। য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব।' 


আনহাতে, উৰাবাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'যিসকলে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকলৈ মোৰ অনুৰোধ- এই গোটেই ঘটনাবোৰৰ মাজত উৰাবাতৰি আৰু আন বিভিন্ন কথাৰে বিভ্রান্ত নহ'ব আৰু আনকো নকৰিব। অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। 

যদিহে এছ আই টি ব্যর্থ হয়, তেনেহ'লে এই তদন্তৰ ভাৰ চি বি আইলৈ হ'লেও আমি পঠিয়াম।' মুখ্যমন্ত্রী ড° শৰ্মাই দৃঢ়তাৰে কয়, 'আমাৰ দৃষ্টিভংগী স্পষ্ট- 'সিদিনা কি ঘটিছিল আমি তাক বিচাৰি উলিয়াম, পোহৰলৈ আনিম। আমি আপোচ নকৰোঁ। মাথোঁ আমি সকলোৱে অত্যন্ত ধৈৰ্যৰে কিছুদিন অপেক্ষা কৰিব লাগিব।' 


ইফালে, আদালতে পইন্ট-টু-পইন্ট তথ্য-প্রমাণ বিচাৰিব বুলি জনাই তেওঁ লগতে কয়, 'প্রমাণসহ সকলো তথ্য এছ আই টিয়ে আদালতত জমা নিদিলে প্রকৃত ন্যায় পোৱাৰ সম্ভাৱনা তেনেই কম। প'ষ্টমর্টেম ৰিপ'ৰ্ট আহিব লাগিব। একেদৰে ছিংগাপুৰত থকা মানুহখিনিক ওভতাই আনিব লাগিব। কোনোবাই যদি তাৎক্ষণিক ন্যায় বিচাৰে, তেনেহ'লে আমি ফেইল হৈ যাম। কিয়নো আদালতে আৱেগ নিবিচাৰিব। আদালতে পইন্ট-টু-পইন্ট তথ্য-প্রমাণ বিচাৰিব।' 


এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সকলোৰে সহযোগিতাও বিচাৰে। আনহাতে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা ক'ত আছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এতিয়ালৈকে তেওঁলোকৰ এজনো অসমলৈ অহা নাই। এছ আই টিয়ে তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ