ডিজিটেল ডেস্কঃ বজালীৰ নিত্যানন্দ পাণবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
জোৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক।
জোঁৱায়েকজনৰ নাম কপিল কলিতা ।
দীৰ্ঘদিনৰ পৰা শাহুৱেকৰ ঘৰত আশ্ৰয় লৈ আছিল পৰিয়ালটো।
সামান্য কথাতেই প্ৰায়ে মাৰধৰ কৰিছিল নিজ পত্নীক সীমা মেধিক ।
জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত হয় শাহুৱেক গায়ত্ৰী মেধি আৰু পত্নী সীমা মেধি ।
দুয়োজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় পাঠশালা অসামৰিক চিকিৎসালত।
পত্নী আৰু শাহুৱেক হত্যাৰ চেষ্টা কৰাৰ পিছত নিজৰ চাৰিবছৰীয়া কন্যা সন্তানক লৈ পলায়ন কপিল কলিতাৰ।