--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়া প্রযুক্তিৰে সমৃদ্ধ এই ভাসমান দ্বীপটো চীনে দক্ষিণ চীন সাগৰত নিৰ্মাণ কৰিছে। চীনৰ এই মেগা প্রকল্পই এতিয়া সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছে।

ডিজিটেল ডেস্ক : গোলা-বাৰুদ, বোমা-ক্ষেপণাস্ত্র নহয়, পাৰমাণৱিক আক্রমণক প্ৰতিৰোধ কৰিব পৰা এটা ভ্রাম্যমাণ কৃত্রিম দ্বীপ নিৰ্মাণ কৰি আছে চুবুৰীয়া চীনে। 


শেহতীয়া প্রযুক্তিৰে সমৃদ্ধ এই ভাসমান দ্বীপটো চীনে দক্ষিণ চীন সাগৰত নিৰ্মাণ কৰিছে। চীনৰ এই মেগা প্রকল্পই এতিয়া সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছে। চীনে সাগৰৰ মাজত নিৰ্মাণ কৰি থকা এই বৃহৎ আন্তঃগাঁথনিটোৱে চীনৰ সামুদ্রিক শক্তি বৃদ্ধি কৰিব। আটাইতকৈ লক্ষণীয় কথাটো হ'ল এই কৃত্রিম দ্বীপটো অভিযান্ত্রিক দিশত এনেদৰে নিৰ্মাণ কৰা হৈছে যে এই দ্বীপটোক পাৰমাণৱিক বোমাৰ আক্রমণেও চুব নোৱাৰে। দ্বীপটোক পাৰমাণৱিক বোমা প্ৰতিৰোধী হিচাপে নিৰ্মাণ কৰি থকা হৈছে। 


প্রায় ৭৮,০০০ টন, অর্ধ জলমগ্ন, দুই তৰপীয়া প্লেটফর্ম থকা বিশ্বৰ প্ৰথমটো ভ্রাম্যমাণ, ভাসমান কৃত্রিম দ্বীপ নির্মাণ কৰি আছে শক্তিশালী চীনে। কোনো ধৰণৰ খাদ্য সামগ্ৰী, অত্যাবশ্যকীয় সামগ্রী পুনৰ যোগান নধৰাকৈ চাৰি মাহৰ বাবে ২৩৮গৰাকী বাসিন্দা থাকিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে দ্বীপটো। সমগ্ৰ বিশ্বৰ দেশসমূহৰ সামুদ্রিক শক্তিক প্রত্যাহ্বান জনাব পৰা এই অভূতপূর্ব শক্তিসম্পন্ন দ্বীপটো ২০২৮ চনত কার্যক্ষম হ'ব। 


বিজ্ঞানীসকলৰ মতে, এই দ্বীপটোত এটা বিজ্ঞানসম্মত আৱৰণ আছে, যাৰ তলত এটা বিৰল পাৰমাণৱিক-বিস্ফোৰণ প্ৰতিৰোধী ডিজাইন আছে, যিয়ে ভয়ংকৰ জোকাৰণিকো কম প্রাবল্যলৈ ৰূপান্তৰিত কৰিব পাৰে। ছাংহাই জিয়াও টং বিশ্ববিদ্যালয়ৰ অধ্যাপক য়ং ডেকিঙৰ নেতৃত্বৰ এটা দলে যোৱা ৪ নৱেম্বৰত প্ৰকাশ কৰা এটা অধ্যয়নত কয় যে এই দ্বীপটো সকলো বতৰতে উপযোগী হোৱাকৈ দীর্ঘ সময়ৰ বাসস্থান হিচাপে নির্মাণ কৰি থকা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ