--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিটি চেণ্টাৰৰ কে-ফুড নামৰ খাদ্য বিপণীখনত সংঘটিত এই ঘটনাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়

ডিজিটেল ডেস্ক : গুৱাহাটীৰ চিটি চেন্টাৰ শ্বপিং মলত দেওবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মলটোৰ এটা খাদ্য বিপণীত চিকেন নুডলছৰ পেকেটত ওলাল নিষিদ্ধ মাংস।



চিটি চেণ্টাৰৰ কে-ফুড নামৰ খাদ্য বিপণীখনত সংঘটিত এই ঘটনাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখযোগ্য যে মলটোৰ তৃতীয় মহলাত থকা কে ফুড এন্টিনা নামৰ বিপণীত নিষিদ্ধ গো-মাংস বিক্রী কৰা হৈছিল। কোৰিয়ান কোম্পানীৰ নুডলৰ পেকেটত ওলাইছে নিষিদ্ধ মাংস।


দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপা নামৰ তিনি গ্রাহকে বিপণীখনত নুডল্‌ খোৱাৰ সময়তে এই কথা পোহৰলৈ আহে। কোৰিয়ান ভাষাত লিখা কথাবোৰ তেওঁলোকে গুগল ট্রান্সলেট কৰাৰ সময়ত খাদ্যত গো-মাংসৰ উপকৰণৰ উপস্থিতি ধৰা পৰে। গ্রাহককেইজনে লগে লগে এই সন্দর্ভত বিপণীখনৰ মেনেজমেণ্টক সোধা-পোছা কৰে। কিন্তু সেই সময়ত সদুত্তৰ দিব নিবিচৰা বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে।


পৰিস্থিতি জটিল হোৱাৰ উমান পাই বিপণী কর্তৃপক্ষই সামগ্ৰীবিধৰ লগতে অন্যান্য নিষিদ্ধ মাংসৰ উপকৰণ থকা সামগ্রীসমূহ গোপন স্থানলৈ স্থানান্তৰ কৰে। তাৰ পাছতে কর্তৃপক্ষই বিপণীখন বন্ধ কৰি তাৰ পৰা পলায়ন কৰে। ইফালে ভুক্তভোগী গ্রাহক দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপাই ঘটনা সন্দর্ভত দিছপুৰ আৰক্ষীক বিপণীখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ