--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিটি চেণ্টাৰৰ কে-ফুড নামৰ খাদ্য বিপণীখনত সংঘটিত এই ঘটনাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়

ডিজিটেল ডেস্ক : গুৱাহাটীৰ চিটি চেন্টাৰ শ্বপিং মলত দেওবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মলটোৰ এটা খাদ্য বিপণীত চিকেন নুডলছৰ পেকেটত ওলাল নিষিদ্ধ মাংস।



চিটি চেণ্টাৰৰ কে-ফুড নামৰ খাদ্য বিপণীখনত সংঘটিত এই ঘটনাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখযোগ্য যে মলটোৰ তৃতীয় মহলাত থকা কে ফুড এন্টিনা নামৰ বিপণীত নিষিদ্ধ গো-মাংস বিক্রী কৰা হৈছিল। কোৰিয়ান কোম্পানীৰ নুডলৰ পেকেটত ওলাইছে নিষিদ্ধ মাংস।


দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপা নামৰ তিনি গ্রাহকে বিপণীখনত নুডল্‌ খোৱাৰ সময়তে এই কথা পোহৰলৈ আহে। কোৰিয়ান ভাষাত লিখা কথাবোৰ তেওঁলোকে গুগল ট্রান্সলেট কৰাৰ সময়ত খাদ্যত গো-মাংসৰ উপকৰণৰ উপস্থিতি ধৰা পৰে। গ্রাহককেইজনে লগে লগে এই সন্দর্ভত বিপণীখনৰ মেনেজমেণ্টক সোধা-পোছা কৰে। কিন্তু সেই সময়ত সদুত্তৰ দিব নিবিচৰা বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে।


পৰিস্থিতি জটিল হোৱাৰ উমান পাই বিপণী কর্তৃপক্ষই সামগ্ৰীবিধৰ লগতে অন্যান্য নিষিদ্ধ মাংসৰ উপকৰণ থকা সামগ্রীসমূহ গোপন স্থানলৈ স্থানান্তৰ কৰে। তাৰ পাছতে কর্তৃপক্ষই বিপণীখন বন্ধ কৰি তাৰ পৰা পলায়ন কৰে। ইফালে ভুক্তভোগী গ্রাহক দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপাই ঘটনা সন্দর্ভত দিছপুৰ আৰক্ষীক বিপণীখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ