--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া ভাবুকিৰ পাছত পেট্র'ই তেওঁক মুকলিকৈ জনোৱা প্রত্যাহ্বানে যথেষ্ট গুৰুত্ব লাভ কৰিছে

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক উভতি ধৰে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্র'ই। 


উল্লেখযোগ্য যে মার্কিন সেনাই ভেনিজুবেলাত আক্রমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাড়ুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে পেট্ৰ'ৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ ধমকি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত পেট্ৰ'ৱে কালি ৰাষ্ট্ৰপতি ট্রাম্পক মুকলিকৈ প্রত্যাহ্বান জনায়। 


পেট্র'ৱে ট্রাম্পক উদ্দেশ্যি কয়, 'আহক মোকো লৈ যাওক, মই অপেক্ষা কৰি আছোঁ।' পেট্র'ৱে ট্রাম্পক প্রত্যক্ষভাবে ভাবুকি দি কয়, 'আহক মোক ইয়াৰ পৰা লৈ যাওক। মই ইয়াতে আপোনালৈ অপেক্ষা কৰি আছোঁ। মোক ধমকি নিদিব। যদি আপুনি বিচাৰে মই ইয়াতেই আপোনাৰ বাবে অপেক্ষা কৰিম।' কোনো ধৰণৰ সামৰিক হস্তক্ষেপৰ পক্ষত নথকা বুলি স্পষ্টভাৱে উল্লেখ কৰি পেট্র'বে কয়, 'মই যিকোনো ধৰণৰ আক্ৰমণ, ক্ষেপণাস্ত্র বা হত্যাক মানি নলওঁ। কেৱল চোৰাংচোৱাৰ কথা হ'ব পাৰে। যদি কথা পাতিব লাগে তেতিয়া তথ্যসহকাৰে সন্মুখলৈ আহি কথা কওক, মিথ্যাচাৰৰ সৈতে নহয়।' তেওঁ কলম্বিয়াৰ ঘৰুৱা ৰাজনীতিকো কঠোৰ ভাষাৰে সমালোচনা কৰি লগতে কয়, 'ৰাজনৈতিক মাফিয়াই সাত লাখ লোকক হত্যা কৰি বিশ্বৰ ভিতৰতে আটাইকৈ সমতাহীন দেশত পৰিণত কৰিলে।' তেওঁ ৰাষ্ট্ৰপতি ট্রাম্পক কঠোৰভাৱে সকীয়নি দি কয়, 'যদি আমেৰিকাই আক্রমণ কৰে তেতিয়া দেশৰ কৃষকসকলে অস্ত্ৰ হাতত তুলি ল'ব আৰু পাহাৰত গেৰিলা যুদ্ধ আৰম্ভ হ'ব। যিখন দেশৰ বৃহৎসংখ্যক জনতাই সন্মান আৰু স্নেহ কৰা ৰাষ্ট্ৰপতিজনক আমেৰিকাই গ্ৰেপ্তাৰ কৰিলে জনসাধাৰণৰ ক্ষোভজাগুৱাৰৰ দৰে বিস্ফোৰিত হ'ব।' 


আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া ভাবুকিৰ পাছত পেট্র'ই তেওঁক মুকলিকৈ জনোৱা প্রত্যাহ্বানে যথেষ্ট গুৰুত্ব লাভকৰিছে। ইফালে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোৰ পুত্ৰত্র নিকোলাছ মাডুৰো গুয়েৰায়ো মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক প্রত্যাহ্বান জনাই কয় যে যদি ট্রাম্পে তেওঁলোকৰ মাতৃভূমিত আক্রমণ কৰে তেতিয়া তেওঁলোকৰ ৰাইফলবিলাক নিউয়ক পাবগৈ আৰু তেওঁলোকে হোৱাইট হাউছ দখল কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ