--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া ভাবুকিৰ পাছত পেট্র'ই তেওঁক মুকলিকৈ জনোৱা প্রত্যাহ্বানে যথেষ্ট গুৰুত্ব লাভ কৰিছে

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক উভতি ধৰে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্র'ই। 


উল্লেখযোগ্য যে মার্কিন সেনাই ভেনিজুবেলাত আক্রমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাড়ুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে পেট্ৰ'ৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ ধমকি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত পেট্ৰ'ৱে কালি ৰাষ্ট্ৰপতি ট্রাম্পক মুকলিকৈ প্রত্যাহ্বান জনায়। 


পেট্র'ৱে ট্রাম্পক উদ্দেশ্যি কয়, 'আহক মোকো লৈ যাওক, মই অপেক্ষা কৰি আছোঁ।' পেট্র'ৱে ট্রাম্পক প্রত্যক্ষভাবে ভাবুকি দি কয়, 'আহক মোক ইয়াৰ পৰা লৈ যাওক। মই ইয়াতে আপোনালৈ অপেক্ষা কৰি আছোঁ। মোক ধমকি নিদিব। যদি আপুনি বিচাৰে মই ইয়াতেই আপোনাৰ বাবে অপেক্ষা কৰিম।' কোনো ধৰণৰ সামৰিক হস্তক্ষেপৰ পক্ষত নথকা বুলি স্পষ্টভাৱে উল্লেখ কৰি পেট্র'বে কয়, 'মই যিকোনো ধৰণৰ আক্ৰমণ, ক্ষেপণাস্ত্র বা হত্যাক মানি নলওঁ। কেৱল চোৰাংচোৱাৰ কথা হ'ব পাৰে। যদি কথা পাতিব লাগে তেতিয়া তথ্যসহকাৰে সন্মুখলৈ আহি কথা কওক, মিথ্যাচাৰৰ সৈতে নহয়।' তেওঁ কলম্বিয়াৰ ঘৰুৱা ৰাজনীতিকো কঠোৰ ভাষাৰে সমালোচনা কৰি লগতে কয়, 'ৰাজনৈতিক মাফিয়াই সাত লাখ লোকক হত্যা কৰি বিশ্বৰ ভিতৰতে আটাইকৈ সমতাহীন দেশত পৰিণত কৰিলে।' তেওঁ ৰাষ্ট্ৰপতি ট্রাম্পক কঠোৰভাৱে সকীয়নি দি কয়, 'যদি আমেৰিকাই আক্রমণ কৰে তেতিয়া দেশৰ কৃষকসকলে অস্ত্ৰ হাতত তুলি ল'ব আৰু পাহাৰত গেৰিলা যুদ্ধ আৰম্ভ হ'ব। যিখন দেশৰ বৃহৎসংখ্যক জনতাই সন্মান আৰু স্নেহ কৰা ৰাষ্ট্ৰপতিজনক আমেৰিকাই গ্ৰেপ্তাৰ কৰিলে জনসাধাৰণৰ ক্ষোভজাগুৱাৰৰ দৰে বিস্ফোৰিত হ'ব।' 


আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া ভাবুকিৰ পাছত পেট্র'ই তেওঁক মুকলিকৈ জনোৱা প্রত্যাহ্বানে যথেষ্ট গুৰুত্ব লাভকৰিছে। ইফালে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোৰ পুত্ৰত্র নিকোলাছ মাডুৰো গুয়েৰায়ো মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক প্রত্যাহ্বান জনাই কয় যে যদি ট্রাম্পে তেওঁলোকৰ মাতৃভূমিত আক্রমণ কৰে তেতিয়া তেওঁলোকৰ ৰাইফলবিলাক নিউয়ক পাবগৈ আৰু তেওঁলোকে হোৱাইট হাউছ দখল কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু