--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি দুপৰীয়া ১২ বজাৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটে । যোৱা কেইবাদিন ধৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি আছিল তেওঁ।

ডিজিটেল ডেস্ক : আজি বিয়লি ৫ বাজি ৬ মিনিটত শিলচৰ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থে । ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থ দিল্লিৰ পৰা মেডিকেল কলেজত উপস্থিত হোৱাৰ পাছত চৰকাৰি ভাবে কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুৰ খবৰ ঘোষনা কৰা হয় ।


আজি দুপৰীয়া ১২ বজাৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটে । যোৱা কেইবাদিন ধৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি আছিল তেওঁ। মৃত্যুৰ খবৰ পাই মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈছে মন্ত্ৰী কৌশিক ৰয় সহ বিজেপিৰ কৰ্মকৰ্তা সকল । আজি তেওঁৰ মৃতদেহ শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হ'ব । কাইলৈ ৰাতিপুৱা ৯ বজাত মৃতদেহ ঘৰলৈ নিয়া হ'ব ।


উল্লেখ্য ১৯৮০ চনত তেখেতৰ হাত ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপি দল প্ৰতিষ্ঠা হৈছিল। ১৯৯১ চনত শিলচৰ লোকসভা আসনৰ পৰা তেওঁ প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনত‌ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰী সভাত সদস্য হিচাপে আছিল । তেওঁ আছিল জনসংযোগ আৰু তথ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিলে।


বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । তেওঁ উল্লেখ কৰে, "ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হ’লোঁ। বিজেপিৰ এগৰাকী সমৰ্পিত নেতা হিচাপে তেখেতে নিঃস্বাৰ্থ সেৱাৰে তৃণমূল পৰ্যায়ৰপৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেতৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমৰ্পণৰ উজ্জ্বল নিদৰ্শন। মোৰ দৰে হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ বাবে তেখেতৰ অম্লান কৰ্মৰাজি আৰু আদৰ্শ অহৰহ প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেখেতৰ মৃত্যু মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদৰ্শনেৰে তেখেত মোৰ বাবে পিতৃস্বৰূপ আছিল৷ তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰাটো অত্যন্ত কঠিন হ’ব৷ এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ শ্ৰী কনাদ পুৰকায়স্থ, পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ৷ ঔঁ শান্তি!"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ