--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত দেশৰ সৃষ্টিশীল যুৱ প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত দেশৰ সৃষ্টিশীল যুৱ প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি সংসদত বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিকছ (AVGC) খণ্ডৰ দ্ৰুত বিকাশৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশজুৰি 'কণ্টেণ্ট ক্ৰিয়েটৰ লেব' স্থাপনৰ অভিলাষী আঁচনি ঘোষণা কৰে।


AVGC খণ্ডত ২০ লাখ কৰ্মসংস্থাপনৰ লক্ষ্য


বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে যে ভাৰতত এনিমেশ্যন আৰু গেমিং খণ্ড অত্যন্ত দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০৩০ চনৰ ভিতৰত এই উদ্যোগটোত প্ৰায় ২০ লাখ দক্ষ পেছাদাৰীৰ প্ৰয়োজন হ’ব। এই বিশাল প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰে তৃণমূল পৰ্যায়ৰ পৰাই শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


১৫,০০০ বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত সৃষ্টিশীল হাব


সৃষ্টিশীলতাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে চৰকাৰে তলত দিয়া পদক্ষেপসমূহ ঘোষণা কৰিছে:


কণ্টেণ্ট ক্ৰিয়েটৰ লেব: ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছ, মুম্বাইৰ সহযোগত দেশৰ ১৫,০০০ মাধ্যমিক বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত অত্যাধুনিক 'AVGC কণ্টেণ্ট ক্ৰিয়েটৰ লেব' স্থাপন কৰা হ’ব।


কি শিকিব ছাত্ৰ-ছাত্ৰীয়ে: এই লেবসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলে এনিমেশ্যন, গেম ডেভেলপমেণ্ট, ডিজিটেল ষ্টৰী টেলিং, ভিজুৱেল ইফেক্টছ আৰু কমিক ডিজাইনৰ দৰে আধুনিক কৌশলসমূহৰ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব।


বিত্তমন্ত্ৰী সীতাৰমণে কয়, "আমাৰ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলক আৰম্ভণিৰে পৰাই আধুনিক সৃষ্টিশীল দক্ষতাৰ সৈতে চিনাকি কৰাই দিয়া যাতে তেওঁলোকে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়িব পাৰে।"


ডিজাইন শিক্ষাৰ প্ৰসাৰ আৰু নতুন প্ৰতিষ্ঠান


ডিজাইন খণ্ডত থকা দক্ষ ডিজাইনাৰৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে নতুন নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন (NID) স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ দ্বাৰা ভাৰতীয় ডিজাইন উদ্যোগটোৱে এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।


চৰকাৰৰ এই পদক্ষেপে স্পষ্ট কৰি দিছে যে অনাগত দিনত ভাৰত কেৱল তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ হৈয়ে নাথাকি, বৰঞ্চ বিশ্বৰ এক অন্যতম 'ক্ৰিয়েটিভ ইকনমি' বা সৃষ্টিশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু