--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত দেশৰ সৃষ্টিশীল যুৱ প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত দেশৰ সৃষ্টিশীল যুৱ প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি সংসদত বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিকছ (AVGC) খণ্ডৰ দ্ৰুত বিকাশৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশজুৰি 'কণ্টেণ্ট ক্ৰিয়েটৰ লেব' স্থাপনৰ অভিলাষী আঁচনি ঘোষণা কৰে।


AVGC খণ্ডত ২০ লাখ কৰ্মসংস্থাপনৰ লক্ষ্য


বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে যে ভাৰতত এনিমেশ্যন আৰু গেমিং খণ্ড অত্যন্ত দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০৩০ চনৰ ভিতৰত এই উদ্যোগটোত প্ৰায় ২০ লাখ দক্ষ পেছাদাৰীৰ প্ৰয়োজন হ’ব। এই বিশাল প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰে তৃণমূল পৰ্যায়ৰ পৰাই শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


১৫,০০০ বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত সৃষ্টিশীল হাব


সৃষ্টিশীলতাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে চৰকাৰে তলত দিয়া পদক্ষেপসমূহ ঘোষণা কৰিছে:


কণ্টেণ্ট ক্ৰিয়েটৰ লেব: ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছ, মুম্বাইৰ সহযোগত দেশৰ ১৫,০০০ মাধ্যমিক বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত অত্যাধুনিক 'AVGC কণ্টেণ্ট ক্ৰিয়েটৰ লেব' স্থাপন কৰা হ’ব।


কি শিকিব ছাত্ৰ-ছাত্ৰীয়ে: এই লেবসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলে এনিমেশ্যন, গেম ডেভেলপমেণ্ট, ডিজিটেল ষ্টৰী টেলিং, ভিজুৱেল ইফেক্টছ আৰু কমিক ডিজাইনৰ দৰে আধুনিক কৌশলসমূহৰ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব।


বিত্তমন্ত্ৰী সীতাৰমণে কয়, "আমাৰ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলক আৰম্ভণিৰে পৰাই আধুনিক সৃষ্টিশীল দক্ষতাৰ সৈতে চিনাকি কৰাই দিয়া যাতে তেওঁলোকে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়িব পাৰে।"


ডিজাইন শিক্ষাৰ প্ৰসাৰ আৰু নতুন প্ৰতিষ্ঠান


ডিজাইন খণ্ডত থকা দক্ষ ডিজাইনাৰৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে নতুন নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন (NID) স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ দ্বাৰা ভাৰতীয় ডিজাইন উদ্যোগটোৱে এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।


চৰকাৰৰ এই পদক্ষেপে স্পষ্ট কৰি দিছে যে অনাগত দিনত ভাৰত কেৱল তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ হৈয়ে নাথাকি, বৰঞ্চ বিশ্বৰ এক অন্যতম 'ক্ৰিয়েটিভ ইকনমি' বা সৃষ্টিশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ