--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • অর্থনৈতিক সমীক্ষাত উল্লেখ কৰা মতে, ২০২৩ বৰ্ষৰ পৰা ২০২৬ বৰ্ষৰ ভিতৰত বিনাচৰ্তে নগদ ধন হস্তান্তৰ কৰা ৰাজ্যৰ সংখ্যা পাঁচ গুণতকৈ অধিক বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: চৰকাৰী বিনামূলীয়া আঁচনিক লৈ এইবাৰ অসন্তুষ্টি প্রকাশ কৰা হৈছে অর্থনৈতিক সমীক্ষাত। বৃহস্পতিবাৰে সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে এই আঁচনিসমূহে ৰাজ্যসমূহৰ ৰাজভঁৰাল উদং কৰিছে। ইয়াৰ ফলত স্কুল, হস্পিটেল আৰু পথৰ বাবে বাজেট হ্রাস পাইছে। 


অর্থনৈতিক সমীক্ষাত উল্লেখ কৰা মতে, ২০২৩ বৰ্ষৰ পৰা ২০২৬ বৰ্ষৰ ভিতৰত বিনাচৰ্তে নগদ ধন হস্তান্তৰ কৰা ৰাজ্যৰ সংখ্যা পাঁচ গুণতকৈ অধিক বৃদ্ধি পাইছে। উদ্বেগৰ বিষয়টো হ'ল ইয়াৰে আধাতকৈ অধিক সংখ্যক ৰাজ্য আগৰে পৰাই ৰাজহ ঘাটিৰ সৈতে যুঁজ দি আছে আৰু ঋণ লৈ আছে। বিনামূলীয়া আঁচনিসমূহে কাম কৰাৰ ইচ্ছা হ্রাস কৰাৰ আশংকা প্রকাশ কৰা হৈছে অর্থনৈতিক সমীক্ষাত। ইয়াত কোৱা হৈছে যে নগদ ধন বেংক একাউন্টলৈ হস্তান্তৰ কৰাৰ ফলত দৰিদ্ৰ পৰিয়ালসমূহে লগে লগে সকাহ লাভ কৰে। এই ধন মহিলা অনিয়মীয়া শ্রমিকৰ মাহিলি আয়ৰ প্রায় ২৪% আৰু কিছুমান ৰাজ্যত নিজৰ কাম কৰা মহিলাৰ আয়ৰ ৮৭%। 


কিন্তু এই আঁচনিয়ে এক ডাঙৰ আশংকাৰো সৃষ্টি কৰিছে বুলি অর্থনৈতিক সমীক্ষাক কোৱা হৈছে। ইয়াত কোৱা হৈছে যদি এই আঁচনিসমূহক দক্ষতাৰ (স্কীল ডেভেলপমেন্ট) সৈতে সংযোজিত কৰা নহয়, তেতিয়া কাম কৰাৰ ইচ্ছা হ্রাস পাব পাৰে। ইয়াত লগতে কোৱা হৈছে যে ভাৰতে এই ক্ষেত্ৰত মেক্সিকো আৰু ব্রাজিলৰ পৰা শিকনি লোৱা উচিত। দুয়োখন দেশত নগদ ধন হস্তান্তৰৰ ক্ষেত্ৰত কিছুমান চৰ্ত আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত শিশু স্কুললৈ যোৱা বা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দৰে চৰ্তও আছে। ভাৰততো এই আঁচনিসমূহত 'ছানছেট ক্লাজ' (শেষ হোৱাৰ সময়সীমা) আৰু সময়ে সময়ে পর্যালোচনা কৰাৰ ব্যৱস্থা হ'ব লাগে যাতে ই চিৰদিনৰ বাবে বোজা হৈ নপৰে। 


অর্থনৈতিক সমীক্ষাত উল্লেখ কৰা মতে, বেতন, পেঞ্চন আৰু ৰাজসাহায্যত ৰাজ্যসমূহৰ আয়ৰ ৬২% আগতে ব্যয় হয়। ইয়াৰ ফলত নতুন নগদ ধনৰ আঁচনিৰ বাবে ধনৰ যোগাৰ কৰাৰ বাবে মূলধনী ব্যয় হ্রাস কৰিবলৈ লৈছে। মূলধনী ব্যয়ৰ অৰ্থ হ'ল চৰকাৰৰ দ্বাৰা স্কুল, হস্পিটেল, পথ আৰু দলং নিৰ্মাণৰ দৰে কাৰ্যত কৰা বিনিয়োগ কৰা ধন। চলিত বিত্ত বৰ্ষত ৰাজ্যসমূহে নগদ ধন হস্তান্তৰৰ আঁচনিত কৰা ব্যয়ৰ পৰিমাণ ১.৭০ লাখ কোটি টকা হ'বগৈ বুলি অনুমান কৰা হৈছে। অর্থনৈতিক সমীক্ষাত লগতে কোৱা হৈছে যে মূলধনী ব্যয়ৰ জৰিয়তে লাভ কৰা সুবিধাসমূহ স্থায়ী তথা দীর্ঘম্যাদী হয়, ইয়াৰ বিপৰীতে নগদ ধন হস্তান্তৰৰ জৰিয়তে শিক্ষা তথা পুষ্টিহীনতাৰ দৰে বিষয়সমূহত কোনো ধৰণৰ বিশেষ উন্নতি হোৱা দেখা পোৱা নাযায়। অর্থনৈতিক সমীক্ষাত শিশুৰ বাবে গাখীৰ আৰু পানীয়ৰ প্ৰচাৰ তথা প্ৰসাৰত নিষেধাজ্ঞা আৰোপৰ পৰামৰ্শ দিয়া হৈছে। দেশত মেদবহুল শিশুৰ সংখ্যা বৃহৎ হাৰত বৃদ্ধি পোৱাত উদ্বেগ প্রকাশ কৰা হৈছে। ভাৰতত ২০২০ চনত মেদবহুলতাত ভোগা শিশুৰ সংখ্যা ৩.৩ কোটি আৰু ২০৩৫ চনত ইয়াৰ সংখ্যা ৮ কোটিৰ অধিক হ'বগৈ বুলি অনুমান কৰা হৈছে। 


আনহাতে সমীক্ষাটোত বয়সৰ ভিত্তিত সামাজিক মাধ্যম ব্যৱহাৰৰ সময়সীমা নির্ধাৰণ কৰাৰ পৰামর্শ দিয়া হৈছে আৰু অনলাইন প্লেটফর্মত বয়সৰ সত্যপনৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে। সমীক্ষাত ইয়াৰ লগতে কোৱা হৈছে যে ডিজিটেল নিচাই পঢ়া-শুনা, কর্মক্ষেত্রত উৎপাদনশীলতাত প্রভাৱ পেলাইছে। শিশুসকলক সাধাৰণ ফ'ন বা কেৱল পঢ়া-শুনাৰ বাবেহে টেবলেট দিয়াত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে অত্যধিক মাত্ৰাত চৰ্বি আৰু চেনি থকা খাদ্যৰ উপভোগ বৃদ্ধিত গভীৰ উদ্বেগ প্রকাশ কৰি অৰ্থনৈতিক সমীক্ষাত এনে ধৰণৰ খাদ্যৰ (জাংক ফুড) বিজ্ঞাপনত পুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ নিষেধাজ্ঞা আৰোপৰ পৰামৰ্শ দিয়া হৈছে।


ইয়াত কোৱা হৈছে শিশুৰ ওপৰত পৰা প্ৰভাৱ হ্রাস কৰাৰ কাৰণে ব্রিটেইনত অলপতে নিশা ৯ বজাৰ আগতে জাংক ফুডৰ বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াত পৰম্পৰাগত মাধ্যমৰ লগতে ডিজিটেল মিডিয়াটো এনেধৰণৰ সামগ্ৰীৰ বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপৰ পৰামৰ্শ দিয়া হয়। সমীক্ষা মতে, বিজ্ঞাপন সংহিতা নিয়ম-৭ অনুসৰি বিভ্রান্তিকৰ বা অস্বাস্থ্যকৰ বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপ কৰা হয়, কিন্তু ইয়াক বিভ্রান্তিৰ স্পষ্ট, পুষ্টিকৰ-দ্ৰব্যৰ ভিত্তি সংজ্ঞাৰ অভাৱ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement