--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই খৰাং পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰখনেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ডিজিটেল ডেস্ক : অনাবৃষ্টিৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশে পথাৰত ছিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। তাৰ মাজতে নৈৰ পানী শুকাই যোৱাক লৈ চিন্তাত পৰিছে নৈপৰীয়া ৰাইজ আৰু খেতিয়কসকল।


নৈৰ পানী শুকাই যোৱাত জৈৱ বৈচিত্র্যৰ প্ৰতি এতিয়া একপ্ৰকাৰ যেন ভাবুকি হৈ পৰিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ অভাৱত এতিয়া নদীসমূহৰ জলপৃষ্ঠ নিম্নগামী হোৱাত খেতিৰ ওপৰতে নিৰ্ভৰশীল লোকসকলে পানীৰ অভাৱত একপ্ৰকাৰে হাহাকাৰ কৰিবলগীয়া হৈছে। সমান্তৰালভাৱে অসমৰ অন্যতম কৃষি প্রধান জিলা মাজুলীতো একেই পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰশীল জিলাখনৰ কৃষকে ইয়াৰ পূৰ্বে যিবোৰ পথাৰত ভূঁই ৰুই শালি ধানৰ খেতি সম্পন্ন কৰিছিল এতিয়া সেইবোৰ পথাৰত বৃহৎ বৃহৎ ছিৰাল ফাট মেলাত কৃষকৰ চকুত চকুলো বোৱাইছে।


কোৱা হয় শাওণ হৈছে অসমীয়া জাতিৰ আয়ুসৰেখা। যি শাওণে শস্যসম্ভৱা কৰে, যি শাওণে ভঁৰাল চহকী কৰে আৰু যি শাওণে অসমীয়া জাতিক অর্থনৈতিক উন্নয়নৰ মাপকাঠী নিৰূপণ কৰে সেই শাওণে এতিয়া কৃষকৰ সপোন সম্পূর্ণৰূপে চূর্ণ-বিচূর্ণ কৰি এফালৰ পৰা মষিমূৰ কৰি পেলাইছে হাজাৰ হাজাৰ হেক্টৰ শালি ধানৰ কৃষি ভূমি। বিশেষকৈ মাজুলী জিলাৰ উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মাজৰ দেউৰী, জেংৰাইমুখ, চেৰপাই, ফুলনি, ৰতনপুৰ মিৰি আদিকে ধৰি বিভিন্ন অঞ্চলৰ কৃষি ভূমিত দেখা দিয়া ছিৰাল ফাটে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছে। পথাৰলৈ ওলাই আহি প্রত্যক্ষ কৰা দুর্বিষহ দৃশ্যবোৰে কৃষকৰ অন্তৰত বাৰুকৈ আঘাত হানিছে। কোনো কোনো কৃষকে ধাৰ-ঋণ লৈ দ ঠাইৰ পৰা মেচিনেৰে পানী উঠাই বছৰৰ ভাত মুঠিৰ বাবে ভূঁই ৰুইছে যদিও পানীৰ অভাৱত ৰোৱাবোৰো শুকাই যোৱাৰ উপক্রম হৈছে। আন একাংশ কৃষকে আকৌ ভূঁই ৰুবৰ বাবে মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত ৰুব পৰা নাই। দেশৰ ৫ খন শ্রেষ্ঠ ৰাজ্য হিচাপে উন্নীত কৰাৰ বাবে সততে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈ অহা কথাবোৰ আৰু কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনে এতিয়ালৈকে উপযুক্ত কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থা কৰিবলৈ সক্ষম নোহোৱা কথাবোৰে অসমক লৈ এনে সপোন দেখাটো শূন্যত তৰোৱাল ঘূৰুৱাৰ দৰেই ঘটনা বুলি বহুতে ক'ব খোজে।


ইফালে এই খৰাং পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰখনেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত কৃষিবিভাগ তথা জলসিঞ্চন বিভাগৰ দৰে বিভাগে কোনো তৎপৰতা গ্ৰহণ নকৰালৈ লক্ষ্য ৰাখি 'আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল' শীর্ষক বিৰূপ মন্তব্য কৰিছে ভুক্তভোগী কৃষকসকলে। ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কাইলৈ খেতিপথাৰত উপযুক্ত জলসিঞ্চন ব্যৱস্থা কৰাৰ দাবীত আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত মাজুলী জিলা আছুৱেও কমলাবাৰীস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভকাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ