--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই খৰাং পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰখনেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ডিজিটেল ডেস্ক : অনাবৃষ্টিৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশে পথাৰত ছিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। তাৰ মাজতে নৈৰ পানী শুকাই যোৱাক লৈ চিন্তাত পৰিছে নৈপৰীয়া ৰাইজ আৰু খেতিয়কসকল।


নৈৰ পানী শুকাই যোৱাত জৈৱ বৈচিত্র্যৰ প্ৰতি এতিয়া একপ্ৰকাৰ যেন ভাবুকি হৈ পৰিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ অভাৱত এতিয়া নদীসমূহৰ জলপৃষ্ঠ নিম্নগামী হোৱাত খেতিৰ ওপৰতে নিৰ্ভৰশীল লোকসকলে পানীৰ অভাৱত একপ্ৰকাৰে হাহাকাৰ কৰিবলগীয়া হৈছে। সমান্তৰালভাৱে অসমৰ অন্যতম কৃষি প্রধান জিলা মাজুলীতো একেই পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰশীল জিলাখনৰ কৃষকে ইয়াৰ পূৰ্বে যিবোৰ পথাৰত ভূঁই ৰুই শালি ধানৰ খেতি সম্পন্ন কৰিছিল এতিয়া সেইবোৰ পথাৰত বৃহৎ বৃহৎ ছিৰাল ফাট মেলাত কৃষকৰ চকুত চকুলো বোৱাইছে।


কোৱা হয় শাওণ হৈছে অসমীয়া জাতিৰ আয়ুসৰেখা। যি শাওণে শস্যসম্ভৱা কৰে, যি শাওণে ভঁৰাল চহকী কৰে আৰু যি শাওণে অসমীয়া জাতিক অর্থনৈতিক উন্নয়নৰ মাপকাঠী নিৰূপণ কৰে সেই শাওণে এতিয়া কৃষকৰ সপোন সম্পূর্ণৰূপে চূর্ণ-বিচূর্ণ কৰি এফালৰ পৰা মষিমূৰ কৰি পেলাইছে হাজাৰ হাজাৰ হেক্টৰ শালি ধানৰ কৃষি ভূমি। বিশেষকৈ মাজুলী জিলাৰ উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মাজৰ দেউৰী, জেংৰাইমুখ, চেৰপাই, ফুলনি, ৰতনপুৰ মিৰি আদিকে ধৰি বিভিন্ন অঞ্চলৰ কৃষি ভূমিত দেখা দিয়া ছিৰাল ফাটে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছে। পথাৰলৈ ওলাই আহি প্রত্যক্ষ কৰা দুর্বিষহ দৃশ্যবোৰে কৃষকৰ অন্তৰত বাৰুকৈ আঘাত হানিছে। কোনো কোনো কৃষকে ধাৰ-ঋণ লৈ দ ঠাইৰ পৰা মেচিনেৰে পানী উঠাই বছৰৰ ভাত মুঠিৰ বাবে ভূঁই ৰুইছে যদিও পানীৰ অভাৱত ৰোৱাবোৰো শুকাই যোৱাৰ উপক্রম হৈছে। আন একাংশ কৃষকে আকৌ ভূঁই ৰুবৰ বাবে মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত ৰুব পৰা নাই। দেশৰ ৫ খন শ্রেষ্ঠ ৰাজ্য হিচাপে উন্নীত কৰাৰ বাবে সততে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈ অহা কথাবোৰ আৰু কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনে এতিয়ালৈকে উপযুক্ত কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থা কৰিবলৈ সক্ষম নোহোৱা কথাবোৰে অসমক লৈ এনে সপোন দেখাটো শূন্যত তৰোৱাল ঘূৰুৱাৰ দৰেই ঘটনা বুলি বহুতে ক'ব খোজে।


ইফালে এই খৰাং পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰখনেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত কৃষিবিভাগ তথা জলসিঞ্চন বিভাগৰ দৰে বিভাগে কোনো তৎপৰতা গ্ৰহণ নকৰালৈ লক্ষ্য ৰাখি 'আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল' শীর্ষক বিৰূপ মন্তব্য কৰিছে ভুক্তভোগী কৃষকসকলে। ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কাইলৈ খেতিপথাৰত উপযুক্ত জলসিঞ্চন ব্যৱস্থা কৰাৰ দাবীত আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত মাজুলী জিলা আছুৱেও কমলাবাৰীস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভকাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ