--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চাহ গছৰ পুৰণি মুঢ়া যাক সাধাৰণতে নষ্ট বুলি ধৰা হয়, সেই অমূল্য সামগ্ৰীৰে তেওঁ নিৰ্মাণ কৰিছে দৃষ্টি নন্দন সৃষ্টি

ডিজিটেল ডেস্কঃ এটা পুৰণি চাহ গছৰ মুঢ়াও হ’ব পাৰে শিল্পৰ ভঁৰাল৷ অমৃত হাজৰিকা নামৰ এজন ব্যক্তিয়ে চাহ গছৰ মুঢ়াবোৰ সংগ্ৰহ কৰি নিজৰ হাতৰ পৰশত ৰূপ দিয়ে জীৱ-জন্তু, মানুহৰ মূৰ্তি, ঐতিহ্যবাহী কৃষ্টি-সংস্কৃতিৰ প্ৰতিচ্ছবি, ট্ৰফি, বিভিন্ন চিহ্ন ৷


চাহ গছৰ পুৰণি মুঢ়া যাক সাধাৰণতে নষ্ট বুলি ধৰা হয়, সেই অমূল্য সামগ্ৰীৰে তেওঁ নিৰ্মাণ কৰিছে দৃষ্টি নন্দন সৃষ্টি ৷এইজন নিৰৱ ভাস্কৰ্য শিল্পী, অমৃত কুমাৰ হাজৰিকা। ওৰাং চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু বৰ্তমানে ওৰাংৰ শইকীয়া চুবুৰীৰ নিবাসী অমৃত হাজৰিকাই নিজৰ শিল্পসাধনাৰে প্ৰমাণ কৰিছে—সৃষ্টিশীলতা কোনো পৰিসীমাত বন্ধ নহয়।


পেলনীয়া চাহ গছে যেতিয়া উৎপাদন ক্ষমতা হেৰুৱায়, তেতিয়া সেই গছবোৰ উঠাই পেলোৱা হয়। কিন্তু হাজৰিকাৰ বাবে সেই মুঢ়াবোৰ হ’ল এক শিল্পৰ সম্ভাৰ। তেওঁ উঠাই পেলুৱা এই চাহ গছৰ মুঢ়াবোৰ সংগ্ৰহ কৰি নিজৰ হাতৰ পৰশত ৰূপ দিয়ে জীৱ-জন্তু, মানুহৰ মূৰ্তি, ঐতিহ্যবাহী কৃষ্টি-সংস্কৃতিৰ প্ৰতিচ্ছবি, ট্ৰফি, বিভিন্ন চিহ্ন আৰু অলংকাৰিক সামগ্ৰীত। তেওঁৰ প্ৰতিটো সৃষ্টি যেন এক নিৰৱ কাব্য—যি কাষ চাপিলে অনুভৱ হয় শিল্পৰ গভীৰতা।বিশেষ কথা এই যে, অমৃত হাজৰিকাই নিজৰ কোনো সৃষ্টি বিক্ৰী নকৰে। উপহাৰ হিচাপে, আন্তৰিকতা আৰু সন্মানৰ ৰূপত তেওঁ সেইবোৰ আগবঢ়ায়। তেওঁৰ সৃষ্টি ইতিমধ্যে দেশৰ বহু প্ৰান্তৰ লগতে আমেৰিকাৰো কেইবাটাও গৃহত স্থান লাভ কৰিছে। শিল্পৰ সৈতে কোনো বানিজ্যিক উদ্দেশ্য নথকা এই সৃষ্টি আজিৰ যুগত এক ব্যতিক্ৰম উদাহৰণ।অমৃত হাজৰিকাৰ দৰে শিল্পীয়ে প্ৰমাণ কৰিছে যে সৃষ্টি মাথোঁ কাপোৰ, শিল-পাথৰত বা ৰঙত সীমাবদ্ধ নহয়। এটা পুৰণি চাহ গছৰ মুঢ়াও হ’ব পাৰে এক শিল্পৰ ভঁৰাল৷ যেতিয়া তাত স্পৰ্শ পায় এটা সৃষ্টিশীল মন। তেওঁক দেখি উপলব্ধি হয়—নিশব্দে কৰা কামৰো প্ৰভাৱ গভীৰ হয়, যদি তাৰ আধাৰত থাকে মৰম, নিষ্ঠা আৰু সমাজৰ প্ৰতি দায়িত্ববোধ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী