ডিজিটেল ডেস্কঃ এটা পুৰণি চাহ গছৰ মুঢ়াও হ’ব পাৰে শিল্পৰ ভঁৰাল৷ অমৃত হাজৰিকা নামৰ এজন ব্যক্তিয়ে চাহ গছৰ মুঢ়াবোৰ সংগ্ৰহ কৰি নিজৰ হাতৰ পৰশত ৰূপ দিয়ে জীৱ-জন্তু, মানুহৰ মূৰ্তি, ঐতিহ্যবাহী কৃষ্টি-সংস্কৃতিৰ প্ৰতিচ্ছবি, ট্ৰফি, বিভিন্ন চিহ্ন ৷
চাহ গছৰ পুৰণি মুঢ়া যাক সাধাৰণতে নষ্ট বুলি ধৰা হয়, সেই অমূল্য সামগ্ৰীৰে তেওঁ নিৰ্মাণ কৰিছে দৃষ্টি নন্দন সৃষ্টি ৷এইজন নিৰৱ ভাস্কৰ্য শিল্পী, অমৃত কুমাৰ হাজৰিকা। ওৰাং চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু বৰ্তমানে ওৰাংৰ শইকীয়া চুবুৰীৰ নিবাসী অমৃত হাজৰিকাই নিজৰ শিল্পসাধনাৰে প্ৰমাণ কৰিছে—সৃষ্টিশীলতা কোনো পৰিসীমাত বন্ধ নহয়।
পেলনীয়া চাহ গছে যেতিয়া উৎপাদন ক্ষমতা হেৰুৱায়, তেতিয়া সেই গছবোৰ উঠাই পেলোৱা হয়। কিন্তু হাজৰিকাৰ বাবে সেই মুঢ়াবোৰ হ’ল এক শিল্পৰ সম্ভাৰ। তেওঁ উঠাই পেলুৱা এই চাহ গছৰ মুঢ়াবোৰ সংগ্ৰহ কৰি নিজৰ হাতৰ পৰশত ৰূপ দিয়ে জীৱ-জন্তু, মানুহৰ মূৰ্তি, ঐতিহ্যবাহী কৃষ্টি-সংস্কৃতিৰ প্ৰতিচ্ছবি, ট্ৰফি, বিভিন্ন চিহ্ন আৰু অলংকাৰিক সামগ্ৰীত। তেওঁৰ প্ৰতিটো সৃষ্টি যেন এক নিৰৱ কাব্য—যি কাষ চাপিলে অনুভৱ হয় শিল্পৰ গভীৰতা।বিশেষ কথা এই যে, অমৃত হাজৰিকাই নিজৰ কোনো সৃষ্টি বিক্ৰী নকৰে। উপহাৰ হিচাপে, আন্তৰিকতা আৰু সন্মানৰ ৰূপত তেওঁ সেইবোৰ আগবঢ়ায়। তেওঁৰ সৃষ্টি ইতিমধ্যে দেশৰ বহু প্ৰান্তৰ লগতে আমেৰিকাৰো কেইবাটাও গৃহত স্থান লাভ কৰিছে। শিল্পৰ সৈতে কোনো বানিজ্যিক উদ্দেশ্য নথকা এই সৃষ্টি আজিৰ যুগত এক ব্যতিক্ৰম উদাহৰণ।অমৃত হাজৰিকাৰ দৰে শিল্পীয়ে প্ৰমাণ কৰিছে যে সৃষ্টি মাথোঁ কাপোৰ, শিল-পাথৰত বা ৰঙত সীমাবদ্ধ নহয়। এটা পুৰণি চাহ গছৰ মুঢ়াও হ’ব পাৰে এক শিল্পৰ ভঁৰাল৷ যেতিয়া তাত স্পৰ্শ পায় এটা সৃষ্টিশীল মন। তেওঁক দেখি উপলব্ধি হয়—নিশব্দে কৰা কামৰো প্ৰভাৱ গভীৰ হয়, যদি তাৰ আধাৰত থাকে মৰম, নিষ্ঠা আৰু সমাজৰ প্ৰতি দায়িত্ববোধ।