--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যাত্রা সমগ্র বিশ্ব ইলেক্‌ট্রিক ৰিক্সাৰে কৰাৰ এক দুঃসাহসিক অভিযান হিচাপে লৈ ইংলেণ্ডৰ যুৱক তিনিজনে ভাৰতৰ পশ্চিম বংগৰ কলকাতাত এইখন ইলেক্ট্রিক ৰিক্সা ক্ৰয় কৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰি আছে

ডিজিটেল ডেস্ক :প্রচণ্ড গৰমক নেওচি শীতল ঠাইত বসবাস কৰা লোক অৰ্থাৎ ইংলেণ্ডৰ যুৱকে পাছফালে যাত্ৰী লৈ কাজিৰঙাৰ ৰাজপথত ৰিক্সা চলাই থকাৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে।


ইংলেণ্ডৰ দৰে ধনী দেশৰ যুৱকে অসমত আহি ৰিক্সা চলোৱাত চকু কপালত উঠা কথা নহয়নে? ইংলেণ্ডৰ পৰা কাজিৰঙালৈ আহি প্ৰকৃততে কিয় ৰিক্সা চলাবলগীয়া হ'ল টম মর্গান নামৰ এই যুৱকজনে? প্ৰদূষণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অসম তথা ভাৰতত চলা ৰিক্সা সন্দৰ্ভত আৰু ইলেকট্রিক ৰিক্সা ব্যৱহাৰৰ লাভালাভৰ বিষয়ে কাজিৰঙাত সাংবাদিকৰ আগত জানিবলৈ দিয়ে ইংলেণ্ডৰ পৰা অহা যুৱকজনে।


জানিব পৰা মতে, এই যাত্রা সমগ্র বিশ্ব ইলেক্‌ট্রিক ৰিক্সাৰে কৰাৰ এক দুঃসাহসিক অভিযান হিচাপে লৈ ইংলেণ্ডৰ যুৱক তিনিজনে ভাৰতৰ পশ্চিম বংগৰ কলকাতাত এইখন ইলেক্ট্রিক ৰিক্সা ক্ৰয় কৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰি আছে।


তিনিজনীয়া বন্ধুৰ দলটোৱে শুকুৰবাৰে প্ৰদূষণবিহীন ৰিক্সা লৈ কাজিৰঙাত উপস্থিত হয়। দুদিন কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰ মাজত অতিবাহিত কৰি উজনি অসম অর্থাৎ ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ কথা প্রকাশ কৰে। উল্লেখযোগ্য যে উক্ত বন্ধুকেইজনে ইতিমধ্যে বুলগেৰিয় আৰু আফ্রিকা ভ্ৰমণ কৰি ভাৰতত উপস্থিত হৈ এই ৰিক্সা লৈ ভাৰতৰ পৰা সমগ্ৰ বিশ্ব ভ্ৰমণ কৰাৰ দুঃসাহসিক অভিযান আৰম্ভ কৰিছে। এই যাত্ৰাক 'ৰিক্সাৰে দুঃসাহসিক অভিযান' নাম দি বৰ্তমান ভাৰত ভ্ৰমণ কৰি আছে। এই দলটোৰ ইংলেণ্ডৰ লণ্ডন নিৱাসী অন্যতম সদস্য টম নামৰ যুৱকজনে সাংবাদিকক আৰু জানিবলৈ দিয়া মতে, কাজিৰঙাৰ প্রাকৃতিক দৃশ্যৰ মাজত মুক্ত মনে গঁড়, হাতী আদি বন্যপ্রাণী বিচৰণ কৰা দৃশ্য অতি মনোমোহা। অসমৰ জনগণ বৰ মৰমিয়াল আৰু সকলো ক্ষেত্রতে সহযোগ আগবঢ়ায় বুলি মত প্রকাশ কৰে।


অতি গুৰুত্বপূৰ্ণ কথা যে ইয়াৰ পূর্বে অর্থাৎ ২০০৭ চনত অট'ৰিক্সা লৈ ভাৰত ভ্ৰমণ কৰিছিল টমে। বার্টি নামৰ যুৱকজনে কয়, পশ্চিমৰ দেশৰ লোকে বিলাসী বন্ধ বাহনত ভ্রমণ কৰে। এই ধৰণৰ বাহনৰ পৰা প্ৰদূষণ হয়। কোনো লোকৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰাতো ব্যর্থ হয়। কিন্তু ৰিক্সা অৰ্থাৎ প্ৰদূষণ মুক্ত বাহনৰ দ্বাৰা ভ্ৰমণ কৰাত সকলোৰে সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰাৰ লগতে প্ৰদূষণ ৰোধ কৰি পৰিৱেশ সুন্দৰ কৰি ৰাখিব পাৰি।


বিশ্বত সীমিত পৰিমাণৰ প্রাকৃতিক শক্তি আছে। বৰ্তমানৰ দৰে যদি আমি এই শক্তি ব্যৱহাৰ কৰি থাকোঁ, তেন্তে অতি কম দিনৰ ভিতৰতে প্রাকৃতিক শক্তি শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে এইধৰণৰ প্ৰদূষণ মুক্ত বাহন ব্যৱহাৰ কৰিলে প্রাকৃতিক শক্তি সংৰক্ষণ হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ মুক্ত হৈ থাকিব বুলিও ইংলেণ্ডৰ যুৱকৰ দলটোৱে মত ব্যক্ত কৰে। ভাৰতে এই ধৰণৰ প্ৰদূষণ মুক্ত বাহন প্ৰস্তুত কৰাৰ নেতৃত্ব ল'বলৈও আহ্বান জনায় দলটোৱে। বিজ্ঞানৰ নন আৱিষ্কাৰ কৰি বিশ্বত চমক সৃষ্টি কৰা আমেৰিকাৰ এলন মাক্স ভাৰতলৈ আহি ভাৰতৰ প্ৰদূষণ মুক্ত বাহন অর্থাৎ ইলেকট্রিক ৰিক্সা চাই যাবলৈও আহ্বান জনায় ইংলেণ্ডৰ যুৱকৰ দলটোৱে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ