--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনে লোহিত সাগৰত থকা ছৌডি আৰবৰ এটা শোধনাগাৰত আক্ৰমণ কৰে তথা কাটাৰৰ লিকুইফাইড প্রাকৃতিক গেছৰ প্ৰতিষ্ঠান আৰু কুৱেইটৰ দুটা তেল শোধনাগাৰ জ্বলাই দিয়ে।

ডিজিটেল ডেস্ক: ইৰানৰ প্ৰধান প্রাকৃতিক গেছ ফিল্ডত ইজৰাইলে কৰা আক্ৰমণৰ পাছতে ইৰানে বৃহস্পতিবাৰে পাৰস্য উপসাগৰীয় অঞ্চলৰ আৰ প্ৰতিৱেশীৰ ওপৰত আক্ৰমণ প্ৰবল কৰি তোলে। 


দেশখনে লোহিত সাগৰত থকা ছৌডি আৰবৰ এটা শোধনাগাৰত আক্ৰমণ কৰে তথা কাটাৰৰ লিকুইফাইড প্রাকৃতিক গেছৰ প্ৰতিষ্ঠান আৰু কুৱেইটৰ দুটা তেল শোধনাগাৰ জ্বলাই দিয়ে। মধ্য প্রাচ্যত যুদ্ধ প্রবল হৈ উঠাৰ সময়তে ইন্ধনৰ দামো বৃদ্ধি পাইছে। আক্ৰমণৰ মাজতে সংযুক্ত আৰব আমীৰশ্বাহীৰ (ইউ এ ই) উপকূলত এখন জাহাজত জুই লাগে আৰু কাটাৰত আন এখন জাহাজ ক্ষতিগ্রস্ত হয়। হৰমুজ প্রণালীত ইৰানৰ আধিপত্যৰ বাবে তাত জাহাজৰ বাবে সদায়ে থকা বিপদৰ কথা পুনৰ এই ঘটনাই প্ৰকাশ কৰিছে। 


হৰমুজ প্রণালী বাদ দি ছৌডি আৰবে লোহিত সাগৰেদি বৃহৎ পৰিমাণৰ তেল ৰপ্তানি কৰিছিল যদিও ইৰানৰ ড্রনে লোহিত সাগৰৰ পাৰৰ বন্দৰ মহানগৰী য়ানবুৰ ছামৰেফ শোধনাগাৰত কৰা আক্রমণে উক্ত পথৰ নিৰাপত্তাৰ ক্ষেত্ৰতো প্রশ্ন উত্থাপন কৰাইছে। 


বিশ্বৰ বজাৰৰ বাবে প্রাকৃতিক গেছৰ এক প্রধান উৎস কাটাৰে কয় যে ইৰানৰ মিছাইলে দেশখনৰ এক প্রধান এল এন জি (লিকুইফাইড প্রাকৃতিক গেছ) প্ৰতিষ্ঠানত কৰা আক্ৰমণৰ বাবে অগ্নিকাণ্ড সংঘটিত হয় আৰু পাছত অগ্নি নির্বাপক বাহিনীয়ে অগ্নি নির্বাপণ কৰে। 


কাটাৰত ইৰানৰ পূৰ্বৰ আক্ৰমণৰ বাবে উৎপাদন বন্ধ হৈছিল। কিন্তু এতিয়াৰ শেষৰলানি মিছাইল আক্রমণ 'প্রবল অগ্নিকাণ্ড হয় আৰু ব্যাপক ক্ষতি হয়' বুলি কাটাৰে জনায়। বাতৰি মতে উক্ত প্রতিষ্ঠানত হোৱা ক্ষতিৰ বাবে আনকি ইৰান যুদ্ধ বন্ধ হোৱাৰ পাছতো কাটাৰৰ গেছ যোগানত পলম হ'ব পাৰে। 


ইফালে কুৱেইটৰ মিনাৰ আল-আহমদী শোধনাগাৰত ইৰানে কৰা ড্রন আক্ৰমণত অগ্নিকাণ্ড সংঘটিত হয়, অৱশ্যে এই আক্রমণত কোনো লোক হতাহত হোৱা নাই। এই শোধনাগাৰটো মধ্যপ্রাচ্যৰ অন্যতম বৃহত্তম শোধনাগাৰ। ইয়াত প্রতি দিনে ৭৩০,০০০ বেৰেল পেট্রলিয়াম উৎপাদন হয়। ইউ এ ইৰ প্রশাসনে জনায় যে যোৱা নিশা ইৰানৰ আক্ৰমণ 'বিপজ্জনকভাৱে বৃদ্ধি পোৱাত দেশখনে হাবশ্বান গেছ প্রতিষ্ঠান আৰু বাব ফিল্ডৰ কাম-কাজ বন্ধ ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ