--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনে লোহিত সাগৰত থকা ছৌডি আৰবৰ এটা শোধনাগাৰত আক্ৰমণ কৰে তথা কাটাৰৰ লিকুইফাইড প্রাকৃতিক গেছৰ প্ৰতিষ্ঠান আৰু কুৱেইটৰ দুটা তেল শোধনাগাৰ জ্বলাই দিয়ে।

ডিজিটেল ডেস্ক: ইৰানৰ প্ৰধান প্রাকৃতিক গেছ ফিল্ডত ইজৰাইলে কৰা আক্ৰমণৰ পাছতে ইৰানে বৃহস্পতিবাৰে পাৰস্য উপসাগৰীয় অঞ্চলৰ আৰ প্ৰতিৱেশীৰ ওপৰত আক্ৰমণ প্ৰবল কৰি তোলে। 


দেশখনে লোহিত সাগৰত থকা ছৌডি আৰবৰ এটা শোধনাগাৰত আক্ৰমণ কৰে তথা কাটাৰৰ লিকুইফাইড প্রাকৃতিক গেছৰ প্ৰতিষ্ঠান আৰু কুৱেইটৰ দুটা তেল শোধনাগাৰ জ্বলাই দিয়ে। মধ্য প্রাচ্যত যুদ্ধ প্রবল হৈ উঠাৰ সময়তে ইন্ধনৰ দামো বৃদ্ধি পাইছে। আক্ৰমণৰ মাজতে সংযুক্ত আৰব আমীৰশ্বাহীৰ (ইউ এ ই) উপকূলত এখন জাহাজত জুই লাগে আৰু কাটাৰত আন এখন জাহাজ ক্ষতিগ্রস্ত হয়। হৰমুজ প্রণালীত ইৰানৰ আধিপত্যৰ বাবে তাত জাহাজৰ বাবে সদায়ে থকা বিপদৰ কথা পুনৰ এই ঘটনাই প্ৰকাশ কৰিছে। 


হৰমুজ প্রণালী বাদ দি ছৌডি আৰবে লোহিত সাগৰেদি বৃহৎ পৰিমাণৰ তেল ৰপ্তানি কৰিছিল যদিও ইৰানৰ ড্রনে লোহিত সাগৰৰ পাৰৰ বন্দৰ মহানগৰী য়ানবুৰ ছামৰেফ শোধনাগাৰত কৰা আক্রমণে উক্ত পথৰ নিৰাপত্তাৰ ক্ষেত্ৰতো প্রশ্ন উত্থাপন কৰাইছে। 


বিশ্বৰ বজাৰৰ বাবে প্রাকৃতিক গেছৰ এক প্রধান উৎস কাটাৰে কয় যে ইৰানৰ মিছাইলে দেশখনৰ এক প্রধান এল এন জি (লিকুইফাইড প্রাকৃতিক গেছ) প্ৰতিষ্ঠানত কৰা আক্ৰমণৰ বাবে অগ্নিকাণ্ড সংঘটিত হয় আৰু পাছত অগ্নি নির্বাপক বাহিনীয়ে অগ্নি নির্বাপণ কৰে। 


কাটাৰত ইৰানৰ পূৰ্বৰ আক্ৰমণৰ বাবে উৎপাদন বন্ধ হৈছিল। কিন্তু এতিয়াৰ শেষৰলানি মিছাইল আক্রমণ 'প্রবল অগ্নিকাণ্ড হয় আৰু ব্যাপক ক্ষতি হয়' বুলি কাটাৰে জনায়। বাতৰি মতে উক্ত প্রতিষ্ঠানত হোৱা ক্ষতিৰ বাবে আনকি ইৰান যুদ্ধ বন্ধ হোৱাৰ পাছতো কাটাৰৰ গেছ যোগানত পলম হ'ব পাৰে। 


ইফালে কুৱেইটৰ মিনাৰ আল-আহমদী শোধনাগাৰত ইৰানে কৰা ড্রন আক্ৰমণত অগ্নিকাণ্ড সংঘটিত হয়, অৱশ্যে এই আক্রমণত কোনো লোক হতাহত হোৱা নাই। এই শোধনাগাৰটো মধ্যপ্রাচ্যৰ অন্যতম বৃহত্তম শোধনাগাৰ। ইয়াত প্রতি দিনে ৭৩০,০০০ বেৰেল পেট্রলিয়াম উৎপাদন হয়। ইউ এ ইৰ প্রশাসনে জনায় যে যোৱা নিশা ইৰানৰ আক্ৰমণ 'বিপজ্জনকভাৱে বৃদ্ধি পোৱাত দেশখনে হাবশ্বান গেছ প্রতিষ্ঠান আৰু বাব ফিল্ডৰ কাম-কাজ বন্ধ ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু