--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেল শোধনাগাৰত আক্ৰমণৰ ফলত বিষাক্ত ধোঁৱাই ভীষণ প্ৰদূষণৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যত চলি থকা যুদ্ধ উত্তেজনাই ১৯ দিন অতিক্রম কৰিলে। এই যুদ্ধ-উত্তেজনাৰ মাজতে উপসাগৰীয় অঞ্চলটোত গুৰুতৰ স্বাস্থ্য সংকটে দেখা দিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত ইৰানে মার্কিন ঘাটিসমূহত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধকল্পে প্রত্যাক্রমণ অব্যাহত ৰাখিছে। ঠিক সেইদৰে ইজৰাইল আৰু ইৰানৰ মাজতো আক্রমণ-প্রত্যাক্রমণ অব্যাহত আছে। 


ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই অঞ্চলটোত সৃষ্টি হোৱা ভীষণ স্বাস্থ্য সংকটৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে। সমগ্র উপসাগৰীয় অঞ্চলটোত আক্রমণ-প্রত্যাক্রমণত সহস্রাধিকৰ মৃত্যু হোৱাৰ লগতে হাজাৰোধিক আহত হৈছে আৰু স্থানচ্যুত হৈছে। এই সংঘৰ্ষজৰ্জৰ পৰিস্থিতিত অঞ্চলটোত তীব্র স্বাস্থ্য সংকটৰ সৃষ্টি হৈছে। ইৰানত সহস্রাধিক নিহত আৰু আহত হৈছে। লেবাননত ছয় শতাধিক নিহত হৈছে আৰু সহস্রাধিক গুৰুতৰভাৱে আহত হৈছে। ঠিক সেইদৰে ইজৰাইলতো ২০জন নিহত আৰু দুই সহস্রাধিক আহত হৈছে। 


আনহাতে, দুয়োপক্ষৰ আক্রমণত বহুতো আৱাসিক এলেকা বিধ্বস্ত হোৱাৰ ফলত বহুতো লোক গৃহহীন হৈছে। খাদ্য-খোৱাপানীৰ অভাৱত অঞ্চলটোৰ বহু দেশত হাহাকাৰ অৱস্থা হৈছে সাধাৰণ নাগৰিকৰ। আহতসকলৰ চিকিৎসাৰ বাবে পর্যাপ্ত ঔষধৰ অভাৱ হৈছে। ইৰানত ইতিমধ্যে ১ লাখ লোক গৃহহীন হৈছে। তদুপৰি, পৰিৱেশগত সংকটো আহিছে অঞ্চলটোলৈ। তেল শোধনাগাৰত আক্ৰমণৰ ফলত বিষাক্ত ধোঁৱাই ভীষণ প্ৰদূষণৰ সৃষ্টি কৰিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত এতিয়া জনস্বাস্থ্যৰ দিশত তীব্র সংকটৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু