--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেল শোধনাগাৰত আক্ৰমণৰ ফলত বিষাক্ত ধোঁৱাই ভীষণ প্ৰদূষণৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যত চলি থকা যুদ্ধ উত্তেজনাই ১৯ দিন অতিক্রম কৰিলে। এই যুদ্ধ-উত্তেজনাৰ মাজতে উপসাগৰীয় অঞ্চলটোত গুৰুতৰ স্বাস্থ্য সংকটে দেখা দিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত ইৰানে মার্কিন ঘাটিসমূহত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধকল্পে প্রত্যাক্রমণ অব্যাহত ৰাখিছে। ঠিক সেইদৰে ইজৰাইল আৰু ইৰানৰ মাজতো আক্রমণ-প্রত্যাক্রমণ অব্যাহত আছে। 


ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই অঞ্চলটোত সৃষ্টি হোৱা ভীষণ স্বাস্থ্য সংকটৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে। সমগ্র উপসাগৰীয় অঞ্চলটোত আক্রমণ-প্রত্যাক্রমণত সহস্রাধিকৰ মৃত্যু হোৱাৰ লগতে হাজাৰোধিক আহত হৈছে আৰু স্থানচ্যুত হৈছে। এই সংঘৰ্ষজৰ্জৰ পৰিস্থিতিত অঞ্চলটোত তীব্র স্বাস্থ্য সংকটৰ সৃষ্টি হৈছে। ইৰানত সহস্রাধিক নিহত আৰু আহত হৈছে। লেবাননত ছয় শতাধিক নিহত হৈছে আৰু সহস্রাধিক গুৰুতৰভাৱে আহত হৈছে। ঠিক সেইদৰে ইজৰাইলতো ২০জন নিহত আৰু দুই সহস্রাধিক আহত হৈছে। 


আনহাতে, দুয়োপক্ষৰ আক্রমণত বহুতো আৱাসিক এলেকা বিধ্বস্ত হোৱাৰ ফলত বহুতো লোক গৃহহীন হৈছে। খাদ্য-খোৱাপানীৰ অভাৱত অঞ্চলটোৰ বহু দেশত হাহাকাৰ অৱস্থা হৈছে সাধাৰণ নাগৰিকৰ। আহতসকলৰ চিকিৎসাৰ বাবে পর্যাপ্ত ঔষধৰ অভাৱ হৈছে। ইৰানত ইতিমধ্যে ১ লাখ লোক গৃহহীন হৈছে। তদুপৰি, পৰিৱেশগত সংকটো আহিছে অঞ্চলটোলৈ। তেল শোধনাগাৰত আক্ৰমণৰ ফলত বিষাক্ত ধোঁৱাই ভীষণ প্ৰদূষণৰ সৃষ্টি কৰিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত এতিয়া জনস্বাস্থ্যৰ দিশত তীব্র সংকটৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ