--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ আক্ৰমণৰ আশংকাত ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনে সাধাৰণ জনতাক মুকলি সমূহীয়া নামাজ নপঢ়িবলৈ নির্দেশ দিছিল।

ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে অব্যাহত ৰখা যুদ্ধখনে মধ্যপ্রাচ্যৰ দেশসমূহত সেমেকাই তুলিছে ঈদৰ উছাহ। যুদ্ধৰ বিভীষিকাৰ মাজতেই পৱিত্ৰ ৰমজান মাহটো পাৰ হৈ যোৱাৰ পাছত ঈদ-উল-ফিটৰৰ দিনটোতো কিন্তু বসতি প্রধান দেশবোৰৰ মধ্যপ্রাচ্যৰ মুছলমান জনসাধাৰণৰ পূৰ্বৰ আনন্দ-উছাহ দেখা নগ'ল।


মধ্যপ্রাচ্যৰ ইৰান, ইৰাক, কুৱেইট, ছৌডি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, জর্দান, য়েমেন, ওমান, ছিৰিয়া, তুৰস্ক, বাহৰেইন আদি দেশ মুছলমান বসতি প্রধান। 


কিন্তু পশ্চিম এছিয়াৰ অগ্নিগর্ভপৰিস্থিতিয়ে এই দেশসমূহৰ জনতাক শংকিত কৰি তুলিছে। ইতিমধ্যে যুদ্ধখনৰ ফলত মধ্যপ্রাচ্যৰ দেশসমূহত চাৰি সহস্রাধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত শিশু, মহিলাও আছে। ইফালে, আহত হৈছে হাজাৰ হাজাৰ লোক।


এনে পৰিস্থিতিত ঈদৰ উছাহ ম্লান পৰাটোৱেই স্বাভাৱিক। ইৰানৰ আক্ৰমণৰ আশংকাত ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনে সাধাৰণ জনতাক মুকলি সমূহীয়া নামাজ নপঢ়িবলৈ নির্দেশ দিছিল। 

ঈদ উপলক্ষে মধ্যপ্রাচ্যৰ বহুকেইখন দেশে চাৰিদিনীয়া বন্ধ ঘোষণা কৰিছে। কিন্তু পূৰ্বৰ জাকজমকতা এইবাৰ ঈদত নাই বুলিব পাৰি। ঈদ উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেশখনৰ মুছলমান জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু