--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ আক্ৰমণৰ আশংকাত ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনে সাধাৰণ জনতাক মুকলি সমূহীয়া নামাজ নপঢ়িবলৈ নির্দেশ দিছিল।

ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে অব্যাহত ৰখা যুদ্ধখনে মধ্যপ্রাচ্যৰ দেশসমূহত সেমেকাই তুলিছে ঈদৰ উছাহ। যুদ্ধৰ বিভীষিকাৰ মাজতেই পৱিত্ৰ ৰমজান মাহটো পাৰ হৈ যোৱাৰ পাছত ঈদ-উল-ফিটৰৰ দিনটোতো কিন্তু বসতি প্রধান দেশবোৰৰ মধ্যপ্রাচ্যৰ মুছলমান জনসাধাৰণৰ পূৰ্বৰ আনন্দ-উছাহ দেখা নগ'ল।


মধ্যপ্রাচ্যৰ ইৰান, ইৰাক, কুৱেইট, ছৌডি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, জর্দান, য়েমেন, ওমান, ছিৰিয়া, তুৰস্ক, বাহৰেইন আদি দেশ মুছলমান বসতি প্রধান। 


কিন্তু পশ্চিম এছিয়াৰ অগ্নিগর্ভপৰিস্থিতিয়ে এই দেশসমূহৰ জনতাক শংকিত কৰি তুলিছে। ইতিমধ্যে যুদ্ধখনৰ ফলত মধ্যপ্রাচ্যৰ দেশসমূহত চাৰি সহস্রাধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত শিশু, মহিলাও আছে। ইফালে, আহত হৈছে হাজাৰ হাজাৰ লোক।


এনে পৰিস্থিতিত ঈদৰ উছাহ ম্লান পৰাটোৱেই স্বাভাৱিক। ইৰানৰ আক্ৰমণৰ আশংকাত ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনে সাধাৰণ জনতাক মুকলি সমূহীয়া নামাজ নপঢ়িবলৈ নির্দেশ দিছিল। 

ঈদ উপলক্ষে মধ্যপ্রাচ্যৰ বহুকেইখন দেশে চাৰিদিনীয়া বন্ধ ঘোষণা কৰিছে। কিন্তু পূৰ্বৰ জাকজমকতা এইবাৰ ঈদত নাই বুলিব পাৰি। ঈদ উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেশখনৰ মুছলমান জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement