ডিজিটেল ডেস্ক : আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহানগৰৰ ৰ'ৰ্ডৰ ২৩ আৰু ৩৬ নং পথত কেৱল বিদ্যুৎ আৰু চি এন জি চালিত বাছহে চলিব।
এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্রহণৰ বাবে শনিবাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফটাবৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়।
সভাত অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰবন্ধক বিজু ডেকা, এ চি পি ট্রেফিক (২) দীপজ্যোতি দাধৰা, এ চি পি ট্রেফিক (৩) প্রিয়া বড়ো, প্ৰৱৰ্তক পৰিদৰ্শক বিক্রমাদিত্য গগৈ আৰু গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ বিভিন্ন সদস্যসকলৰ লগতে সংস্থাৰ অধীনৰ ২৩ আৰু ৩৬ নং পথৰ ডিজেলচালিত চিটিবাছৰ মালিকসকল উপস্থিত থাকে।
সভাত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে আগন্তুক জানুৱাৰী মাহৰ পৰা জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নং পথত কেৱল বিদ্যুৎ-চি এন জিচালিত বাছ চলাচলৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে পথ দুটা সম্পূর্ণ 'গ্রীন ৰ'ড' হিচাপে পৰিগণিত হ'ব বুলিও তেওঁ কয়। আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ যোৱা এপ্রিল মাহৰ এখন সভাত জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ অধ্যক্ষতাত গ্রহণ কৰা প্ৰস্তাৱ অনুসৰি এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ কথা তেওঁ উল্লেখ কৰে।
সেই অনুসৰি জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নং পথত চলা ডিজেলচালিত বাহনসমূহ জানুৱাৰী মাহৰ আগতে মহানগৰৰ আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ বাহনৰ গৰাকীৰ প্ৰতি তেওঁ আহ্বান জনায়। অৱশ্যে একে ৰ'ডতে যদি সেই বাহনসমূহ চলাব বিচাৰে তেন্তে সেইসমূহ বাহন চি এন জি কিট লগাই চলাব পাৰিব বুলিও কোৱা হয়। সভাত উপস্থিতি থাকি অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বাহনৰ গৰাকী তথা গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ কৰ্মকর্তাসকলক পূর্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
গুৰুত্বপূর্ণ সভাখনত উপস্থিত থাকি পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নং পথ দুটা আগন্তুক দিনত 'গ্রীন ৰ'ড' হিচাপে গঢ়ি তুলি যান-জট হ্রাস কৰাৰ লগতে যান-বাহন প্রদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতায়াত সুৰক্ষিত আৰু পৰিৱেশ অনুকূল কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অনাগত দিনত এই গ্রীন ৰ'ডে মহানগৰখনৰ লগতে ৰাজ্যবাসীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। গুৱাহাটী মহানগৰীত যিহেতু প্রতিদিনে ১১ লাখতকৈয়ো অধিক যান-বাহন চলাচল কৰে, এনেক্ষেত্ৰত মহানগৰৰ পৰিসৰ গুৱাহাটীৰ পৰা জাগীৰোড, গুৱাহাটীৰ পৰা বিজয়নগৰ, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি, হাজো-শুৱালকুছিৰ কাষৰীয়া অঞ্চললৈ চিটিবাছৰ সেৱা সম্প্ৰসাৰণ কৰিবলৈ তেওঁ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীক আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্রবন্ধক বিজু ডেকাই বাহনত চি এন জি কিট ব্যৱহাৰত ল'বলগীয়া বিভিন্ন ব্যৱস্থা আৰু পৰিচালন ব্যয় সন্দর্ভত ব্যক্তব্য আগবঢ়ায়। সভাৰ শেষত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণত কিবা অসুবিধাৰ সন্মুখীন হ'লে সেইসমূহ লিখিত আকাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনায়।
উৎসঃ দৈনিক জনমভূমি