--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অযুত সপোন বুকুত সাবটি কোনো চহা কৃষকে পাৰিছে ধানৰ কঠীয়া, কোনোৱে ধৰিছে গোছ, কোনোৱে ৰুইছে ভূই। কৃষকৰ বাবে এতিয়া অনুকূল বতৰ

ডিজিটেল ডেস্ক : 'মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা

ভঁৰালঘৰৰ চোতালখনতে

মৌ-সৰাদি জহি শুকাই সৰিম

পানী পালে, মাটি পালে, ৰ'দে-বৰষুণে

ভুৰ ভুৰকৈ আকৌ গজি উঠিম...

শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া

চহ কৰা মাটিৰ সীৰলুত শুই

কাণ তাল মৰা মেঘৰ গাজনি শুনিম

বিজুলী চমকত চকু মেলি চাম

ঢৌচিৰা এন্ধাৰ পথাৰখন...



আহাৰৰ অন্তিম সপ্তাহ- শাওণ এই সমাগত। শস্যসম্ভৱা ভৰুণ পথাৰখনৰ সপোনক বুকুত সাবটি হীৰুদাৰ এনে অপূৰ্ব শাওণৰ মালিতাৰ প্রতিচ্ছবি এতিয়া আমাৰ কৃষি পথাৰত।


অযুত সপোন বুকুত সাবটি কোনো চহা কৃষকে পাৰিছে ধানৰ কঠীয়া, কোনোৱে ধৰিছে গোছ, কোনোৱে ৰুইছে ভূই। কৃষকৰ বাবে এতিয়া অনুকূল বতৰ। সেয়েহে কৃষকৰ সপোনো এতিয়া হৈছে অনুকূল। বতৰৰ অনুকূল আহ্বানক সাৰথি কৰি কৃষি পথাৰত নামি পৰিছে কৃষক। নাঙলৰ সীৰলুত সোণগুটি চপোৱাৰ সপোন লৈ চৌদিশে কৃষকৰ তৎপৰতা কৃষি পথাৰত।


আইজং, ৰঞ্জিতকে ধৰি অধিক উৎপাদনৰ নতুন নতুন জাতৰ কঠীয়াৰ লগতে মাণিকী মধুৰী, জহা, বৰা, সুৱাগমণিৰ কঠীয়া টোমৰ পৰা উলিয়াই বোকা মাটিৰ পথাৰখনত ছটিয়াবলৈ এতিয়া খৰখেদাকৈ আগবাঢ়িছে আমাৰ চহা কৃষক ৰাইজ।


'তুমি আগবঢ়াই দিয়া তোমাৰ সেউজীয়া হাত- মই শস্যৰ প্ৰতিমা গড়ো/তুমি শস্যৰ দুচকুৰে বৈ অহা মোৰ কলং-কপিলী/গধূলি বতাহত ধূলি-বালিৰ সেমেকা গোন্ধ/ধুমুহা-ডাৱৰে ছাউনী পাতিছে/তুমি আগুৰি থাকিবা মোৰ ভৰপক ৰূপহী পথাৰ... 'হীৰুদাই- হীৰেন ভট্টাচাৰ্যই দেখা সেই ৰূপহী পথাৰখনৰ সপোন দেখি সকলো কৃষক নামি পৰিছে নিজৰ পথাৰখনত। যেন সকলোৱে দেখিছে শস্যৰ প্ৰতিমা গঢ়াৰ সপোন। এনে সপোনেৰে আজি চৌদিশৰ কৃষি পথাৰত কৃষকৰ তৎপৰতা। ঘর্মাক্ত শৰীৰত চিন নাই ভাগৰৰ।


এলাহ-আবদাৰৰ সন্মুখত ভুৰ ভুৰকৈ কঠীয়া গজাৰ সপোন- আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ অহাৰ সপোন। অলেখজন কৃষকে সেই সপোনকে সাৰথি কৰি পথাৰত নামি পৰাৰ পাছত তেজপুৰৰ পৰ্বতীয়াৰ পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত সামূহিক কৃষি বিকাশ আঁচনিৰ অধীনত শনিবাৰে কৃষকসকলক উদ্বুদ্ধ কৰিবলৈ কৃষকৰ লগত একেলগে কঠীয়া সিঁচিলে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। পৰমুখাপেক্ষী নহৈ আকৌ কৃষিয়েই জীৱন হওক অসমীয়াৰ। কাতিত সেউজীয়া হৈ আঘোণত সোণালী হওক আমাৰ কৃষি পথাৰবোৰ। আৰু হেৰাবলৈ নিদিব আমাৰ শস্যসম্ভৱা মাটিবোৰ! সেউজীয়া আৰু সোণালীৰ সপোনেৰে গঢ়ি তোলক সোণালী ভবিষ্যৎ-নতুন হীৰুদাৰ কাপত সৃষ্টি হওক আৰু অনেক শাওণৰ মালিতা...।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ