ডিজিটেল ডেস্ক : 'মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা
ভঁৰালঘৰৰ চোতালখনতে
মৌ-সৰাদি জহি শুকাই সৰিম
পানী পালে, মাটি পালে, ৰ'দে-বৰষুণে
ভুৰ ভুৰকৈ আকৌ গজি উঠিম...
শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই
কাণ তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন...
আহাৰৰ অন্তিম সপ্তাহ- শাওণ এই সমাগত। শস্যসম্ভৱা ভৰুণ পথাৰখনৰ সপোনক বুকুত সাবটি হীৰুদাৰ এনে অপূৰ্ব শাওণৰ মালিতাৰ প্রতিচ্ছবি এতিয়া আমাৰ কৃষি পথাৰত।
অযুত সপোন বুকুত সাবটি কোনো চহা কৃষকে পাৰিছে ধানৰ কঠীয়া, কোনোৱে ধৰিছে গোছ, কোনোৱে ৰুইছে ভূই। কৃষকৰ বাবে এতিয়া অনুকূল বতৰ। সেয়েহে কৃষকৰ সপোনো এতিয়া হৈছে অনুকূল। বতৰৰ অনুকূল আহ্বানক সাৰথি কৰি কৃষি পথাৰত নামি পৰিছে কৃষক। নাঙলৰ সীৰলুত সোণগুটি চপোৱাৰ সপোন লৈ চৌদিশে কৃষকৰ তৎপৰতা কৃষি পথাৰত।
আইজং, ৰঞ্জিতকে ধৰি অধিক উৎপাদনৰ নতুন নতুন জাতৰ কঠীয়াৰ লগতে মাণিকী মধুৰী, জহা, বৰা, সুৱাগমণিৰ কঠীয়া টোমৰ পৰা উলিয়াই বোকা মাটিৰ পথাৰখনত ছটিয়াবলৈ এতিয়া খৰখেদাকৈ আগবাঢ়িছে আমাৰ চহা কৃষক ৰাইজ।
'তুমি আগবঢ়াই দিয়া তোমাৰ সেউজীয়া হাত- মই শস্যৰ প্ৰতিমা গড়ো/তুমি শস্যৰ দুচকুৰে বৈ অহা মোৰ কলং-কপিলী/গধূলি বতাহত ধূলি-বালিৰ সেমেকা গোন্ধ/ধুমুহা-ডাৱৰে ছাউনী পাতিছে/তুমি আগুৰি থাকিবা মোৰ ভৰপক ৰূপহী পথাৰ... 'হীৰুদাই- হীৰেন ভট্টাচাৰ্যই দেখা সেই ৰূপহী পথাৰখনৰ সপোন দেখি সকলো কৃষক নামি পৰিছে নিজৰ পথাৰখনত। যেন সকলোৱে দেখিছে শস্যৰ প্ৰতিমা গঢ়াৰ সপোন। এনে সপোনেৰে আজি চৌদিশৰ কৃষি পথাৰত কৃষকৰ তৎপৰতা। ঘর্মাক্ত শৰীৰত চিন নাই ভাগৰৰ।
এলাহ-আবদাৰৰ সন্মুখত ভুৰ ভুৰকৈ কঠীয়া গজাৰ সপোন- আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ অহাৰ সপোন। অলেখজন কৃষকে সেই সপোনকে সাৰথি কৰি পথাৰত নামি পৰাৰ পাছত তেজপুৰৰ পৰ্বতীয়াৰ পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত সামূহিক কৃষি বিকাশ আঁচনিৰ অধীনত শনিবাৰে কৃষকসকলক উদ্বুদ্ধ কৰিবলৈ কৃষকৰ লগত একেলগে কঠীয়া সিঁচিলে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। পৰমুখাপেক্ষী নহৈ আকৌ কৃষিয়েই জীৱন হওক অসমীয়াৰ। কাতিত সেউজীয়া হৈ আঘোণত সোণালী হওক আমাৰ কৃষি পথাৰবোৰ। আৰু হেৰাবলৈ নিদিব আমাৰ শস্যসম্ভৱা মাটিবোৰ! সেউজীয়া আৰু সোণালীৰ সপোনেৰে গঢ়ি তোলক সোণালী ভবিষ্যৎ-নতুন হীৰুদাৰ কাপত সৃষ্টি হওক আৰু অনেক শাওণৰ মালিতা...।
উৎসঃ দৈনিক জনমভূমি