--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে মৃতদেহটো সন্ধানহীন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক :  শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটাৰ দিখৌ নদীৰ পানী যুৱলিত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো দিখৌ নৈত বন্ধুৰ সৈতে সাঁতুৰিবলৈ গৈ সন্ধানহীন হোৱা আনজন কিশোৰ ছাত্ৰৰ বুলি সন্দেহ কৰা হৈছে।


বিগত ৩০ জুন তাৰিখে সমনীয়া বন্ধুৰ সৈতে চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নদীৰ ঘাটত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈছিল গধুলা ব্ৰাউন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ পূৰব কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি।


বিগত ৩ জুলাই তাৰিখে পূৰব কাশ্যপ দত্ত নামৰ ছাত্ৰজনৰ মৃতদেহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং মুখ অঞ্চলৰ কাষৰ দিখৌ নদীত উদ্ধাৰ হৈছিল যদিও আনজন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাছিল।


আজি পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটা অঞ্চলৰ কাষেৰে বৈ যোৱা দিখৌ নদীৰ পানী যুৱলিত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।


আৰক্ষীয়ে মৃতদেহটো সন্ধানহীন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এছ ডি আৰ এফ বাহিনী মৃতদেহ উদ্ধাৰৰ বাবে উক্ত স্থানলৈ ৰাওনা হৈছে।


মৃতদেহ চিনাক্তকৰণৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ লোকো মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ ৰাওনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ