--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে মৃতদেহটো সন্ধানহীন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক :  শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটাৰ দিখৌ নদীৰ পানী যুৱলিত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো দিখৌ নৈত বন্ধুৰ সৈতে সাঁতুৰিবলৈ গৈ সন্ধানহীন হোৱা আনজন কিশোৰ ছাত্ৰৰ বুলি সন্দেহ কৰা হৈছে।


বিগত ৩০ জুন তাৰিখে সমনীয়া বন্ধুৰ সৈতে চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নদীৰ ঘাটত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈছিল গধুলা ব্ৰাউন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ পূৰব কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি।


বিগত ৩ জুলাই তাৰিখে পূৰব কাশ্যপ দত্ত নামৰ ছাত্ৰজনৰ মৃতদেহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং মুখ অঞ্চলৰ কাষৰ দিখৌ নদীত উদ্ধাৰ হৈছিল যদিও আনজন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাছিল।


আজি পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটা অঞ্চলৰ কাষেৰে বৈ যোৱা দিখৌ নদীৰ পানী যুৱলিত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।


আৰক্ষীয়ে মৃতদেহটো সন্ধানহীন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এছ ডি আৰ এফ বাহিনী মৃতদেহ উদ্ধাৰৰ বাবে উক্ত স্থানলৈ ৰাওনা হৈছে।


মৃতদেহ চিনাক্তকৰণৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ লোকো মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ ৰাওনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা