--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • উক্ত অনুষ্ঠানতে প্রতিবক্ষা মন্ত্রীজনে দেশৰ বিভিন্ন ৰাজ্যত নির্মিত মুঠ ১২৫টা আন্তঃগাঁথনি প্রকল্প একেদৰে উদ্বোধন কৰে।

ডিজিটেল ডেস্ক : অৰুণাচল প্রদেশত নির্মিত ৩২টা গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প দেওবাৰে উদ্বোধন কৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। লাডাখত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা অৰুণাচলৰ এই প্রকল্পকেইটা তেওঁ ভার্চুৱেলী উদ্বোধন কৰে।


উক্ত অনুষ্ঠানতে প্রতিবক্ষা মন্ত্রীজনে দেশৰ বিভিন্ন ৰাজ্যত নির্মিত মুঠ ১২৫টা আন্তঃগাঁথনি প্রকল্প একেদৰে উদ্বোধন কৰে। উল্লেখযোগ্য যে চীন সীমান্তৱর্তী অৰুণাচল প্রদেশত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন প্রকল্প চলাই আছে। 


দেওবাৰে উদ্বোধন কৰা সীমান্ত পথ সংস্থা (বি আৰ অ')ৰ ৩২টা প্রকল্পও কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ। এই ৩২টা প্রকল্পৰ উদ্বোধনী উপলক্ষে অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ আলোত ৪৪ ব'ৰ্ডাৰ ৰ'ৰ্ডছ টাস্ক ফ'র্চে এটা অনুষ্ঠানৰো আয়োজন কৰিছিল। ৰাজ্যিক আইন আৰু ন্যায় মন্ত্রী কেণ্টো জিনিয়ে কয় যে এই প্রকল্পকেইটাই ভাৰত-চীন সীমান্তৰ চি য়োমি আৰু আপাৰ চিয়াং জিলালৈ সেনা প্ৰেৰণ কৰাত সহায় কৰিব। তদুপৰি, প্রকল্পকেইটাই যিকোনো পৰিস্থিতিতে সেনাক সষ্টম আৰু প্রস্তুত হৈ থকাৰ লগতে তাৎক্ষণিকভাৱে সেনা সঞ্চালন কৰাত সহায় কৰিব। লগতে সেনা বাহিনীৰ উপৰি স্থানীয় জনতাকো যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত প্রকল্পকেইটাই সহায় কৰিব বুলি তেওঁ আশা কৰে। 


অৰুণাচল প্রদেশত প্রতিৰক্ষা মন্ত্রীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে টাটো-মেঢুকা পথত থকা ৩৫ মিটাৰ দৈর্ঘ্যৰ চেনে নাল্লা দলং, ১৫ মিটাৰ দৈর্ঘ্যৰ ৰিতুবাং দলং, ৪০ মিটাৰ দৈর্ঘ্যৰ বাবুং দলং, ৪০ মিটাৰ দৈৰ্ঘ্যৰ ছেয়ো নাল্লা দলং, দিম্মে-মিগিং পথ আদি। তদুপৰি, আন কেইবাটাও পথ আৰু হেলিপেড প্রকল্পও আছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন