--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গার্লোছাই সম্পূর্ণ অনিয়মেৰে এন এল চি পি আৰৰ প্ৰায় ৩ কোটি টকা ধনেৰে নিৰ্মিত এখন অনাথ আশ্রম হোটেললৈ ৰূপান্তৰ কৰি নিজৰ এজন ঘনিষ্ঠক আবণ্টন দিছিল। চৰকাৰী সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি গার্লোছাই অনাথ শিশুসকলক শৰণাৰ্থীৰ দৰে এক ভিতৰুৱা অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ বাধ্য কৰিছিল।

ডিজিটেল ডেস্ক : ডিমা হাছাও জিলাৰ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদত একনায়কত্ববাদী শাসন চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা বিজেপি-নেতা দেৱলাল গার্লোছাই অৱশেষত জনতাৰ প্ৰতিবাদ আৰু সংবাদ মাধ্যমৰ বাতৰিত সেও মানি অনাথ আশ্ৰমত নিৰ্মাণ কৰা হোটেল বন্ধ কৰে।


গার্লোছাই সম্পূর্ণ অনিয়মেৰে এন এল চি পি আৰৰ প্ৰায় ৩ কোটি টকা ধনেৰে নিৰ্মিত এখন অনাথ আশ্রম হোটেললৈ ৰূপান্তৰ কৰি নিজৰ এজন ঘনিষ্ঠক আবণ্টন দিছিল। চৰকাৰী সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি গার্লোছাই অনাথ শিশুসকলক শৰণাৰ্থীৰ দৰে এক ভিতৰুৱা অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ বাধ্য কৰিছিল। সমগ্র জিলাজুৰি ইয়াৰ তীব্র প্রতিবাদ সাব্যস্ত হৈছিল।


'হাডিং হোটেল' নামেৰে জাতিংগাত খোলা এই হোটেলখন গার্লোছাৰ অতি ঘনিষ্ঠ হেমঞ্জয় জিগদুং নামৰ এগৰাকী লোকক আবণ্টন দিছিল। পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক সমৰজিৎ হাফলংবাৰ, প্ৰাক্তন এম এ চি ডেনিয়েল লাংথাছাৰ উপৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিল।


আনহাতে, সমৰজিৎ হাফলংবাৰ আৰু ডেনিয়েল লাংথাছাই বিষয়টোৰ সন্দৰ্ভত অসমৰ ৰাজ্যপাল, বিধানসভাৰ হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষলৈ পত্ৰ লিখি অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। অসম বিধানসভাৰ হিচাপ পৰীক্ষা সমিতিয়ে জিলা প্রশাসনক সমগ্র বিষয়টো সন্দর্ভত এক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে বুধবাৰে অকস্মাতে হোটেলখন খালী কৰি হোটেলৰ চাইন ব'ৰ্ড আদি খুলি পেলোৱা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ