--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গার্লোছাই সম্পূর্ণ অনিয়মেৰে এন এল চি পি আৰৰ প্ৰায় ৩ কোটি টকা ধনেৰে নিৰ্মিত এখন অনাথ আশ্রম হোটেললৈ ৰূপান্তৰ কৰি নিজৰ এজন ঘনিষ্ঠক আবণ্টন দিছিল। চৰকাৰী সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি গার্লোছাই অনাথ শিশুসকলক শৰণাৰ্থীৰ দৰে এক ভিতৰুৱা অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ বাধ্য কৰিছিল।

ডিজিটেল ডেস্ক : ডিমা হাছাও জিলাৰ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদত একনায়কত্ববাদী শাসন চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা বিজেপি-নেতা দেৱলাল গার্লোছাই অৱশেষত জনতাৰ প্ৰতিবাদ আৰু সংবাদ মাধ্যমৰ বাতৰিত সেও মানি অনাথ আশ্ৰমত নিৰ্মাণ কৰা হোটেল বন্ধ কৰে।


গার্লোছাই সম্পূর্ণ অনিয়মেৰে এন এল চি পি আৰৰ প্ৰায় ৩ কোটি টকা ধনেৰে নিৰ্মিত এখন অনাথ আশ্রম হোটেললৈ ৰূপান্তৰ কৰি নিজৰ এজন ঘনিষ্ঠক আবণ্টন দিছিল। চৰকাৰী সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি গার্লোছাই অনাথ শিশুসকলক শৰণাৰ্থীৰ দৰে এক ভিতৰুৱা অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ বাধ্য কৰিছিল। সমগ্র জিলাজুৰি ইয়াৰ তীব্র প্রতিবাদ সাব্যস্ত হৈছিল।


'হাডিং হোটেল' নামেৰে জাতিংগাত খোলা এই হোটেলখন গার্লোছাৰ অতি ঘনিষ্ঠ হেমঞ্জয় জিগদুং নামৰ এগৰাকী লোকক আবণ্টন দিছিল। পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক সমৰজিৎ হাফলংবাৰ, প্ৰাক্তন এম এ চি ডেনিয়েল লাংথাছাৰ উপৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিল।


আনহাতে, সমৰজিৎ হাফলংবাৰ আৰু ডেনিয়েল লাংথাছাই বিষয়টোৰ সন্দৰ্ভত অসমৰ ৰাজ্যপাল, বিধানসভাৰ হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষলৈ পত্ৰ লিখি অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। অসম বিধানসভাৰ হিচাপ পৰীক্ষা সমিতিয়ে জিলা প্রশাসনক সমগ্র বিষয়টো সন্দর্ভত এক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে বুধবাৰে অকস্মাতে হোটেলখন খালী কৰি হোটেলৰ চাইন ব'ৰ্ড আদি খুলি পেলোৱা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ