--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখ্য যে প্ৰতিবাৰেই এই নিষিদ্ধ চেং মাছ ডিব্ৰুগড় বিমানবন্দৰ পৰা বিমানেৰে যদু চৰকাৰ আৰু সুজিত চৰকাৰ নামৰ ব্যৱসায়ীদ্বয়ে কলিকতাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে ৷

ডিজিটেল ডেস্কঃ বন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলিমাৰি উজনিত অৱ্যাহত আছে নিষিদ্ধ তথা বিলুপ্তপ্ৰায় চেং মাছৰ লাখ লাখটকীয়া ব্যৱসায় ৷


উল্লেখ্য যে প্ৰতিবাৰেই এই নিষিদ্ধ চেং মাছ ডিব্ৰুগড় বিমানবন্দৰ পৰা বিমানেৰে যদু চৰকাৰ আৰু সুজিত চৰকাৰ নামৰ ব্যৱসায়ীদ্বয়ে কলিকতাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে ৷


আজিও এই ব্যৱসায়ীদ্বয়ে তিনিচুকীয়াৰ গুইজান অঞ্চলৰ পৰা বুজন পৰিমাণৰ চেংমাছ ডিব্ৰুগড় বিমানবন্দৰেদি নিয়াৰ ব্যৱস্থা কৰিছিল।কিন্তু অনুমতি লোৱা নাছিল ডিব্ৰু চৈখোৱাৰ মীন সমবায় সমিতিৰ ৷ চৰকাৰী ভাবে তিনিচুকীয়াৰ পৰা চেং মাছ নিবলৈ হলে চালান লব লাগিব ডিব্ৰু চৈখোৱাৰ মীন সমবায় সমিতিৰ পৰা।ডিব্ৰুগড় বিমানবন্দৰত ডিব্ৰু চৈখোৱাৰ সমবায় সমিতিৰ সভাপতি নৱিন দাসে দেখা মাত্ৰেই ডিব্ৰুগড় বিমানবন্দৰ পৰিচালকক খবৰ দিয়ে।


ততাতৈয়াকৈ চেং মাছ সমূহ বিমানবন্দৰ পৰা নমাই দিয়ে। উল্লেখ্য যে এই নিষিদ্ধ ব্যৱসায়ৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকে বাইট লৈ থাকোতে গোপনে ভিদিঅ কৰি থকাৰ প্ৰতিবাদ কৰিবলৈ যোৱা সাংবাদিককো এই চৰকাৰ ভাতৃদ্বয়ৰ গুণ্ডাবাহিনীয়ে সাংবাদিকক অপদস্ত কৰিবলৈও উদ্যত হয় ৷অভিযোগ অনুসৰি চেং মাছ সমূহ নিবৰ বাবে যদু চৰকাৰে ধেমাজিৰ পৰা এখন ভুৱা চালান প্ৰদৰ্শন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ