--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি, পূৰ্বতেও বহু ছাত্ৰীৰ ওপৰত এনেদৰে অপকৰ্ম কৰি আহিছে এই গৰাকী প্ৰধান শিক্ষকে।

ডিজিটেল ডেস্কঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন প্ৰধান শিক্ষকে । পেঙেৰীৰ ব্ৰহ্মজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক নেয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী সপ্তম মান শ্ৰেণীৰ ছাত্ৰীৰ।


বৃহস্পতি বাৰৰ দিনা বিদ্যালয় চলি থকাৰ মাজতে প্ৰধান শিক্ষকে নিজৰ কাৰ্যালয়লৈ মাতি আনি ছাত্ৰী গৰাকীৰে ওপৰত অপকৰ্ম লগতে যৌন নিৰ্যাতনৰ চলোৱা অভিযোগত আজি বিদ্যালয় চৌহদত ছাত্ৰী গৰাকীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে প্ৰধান শিক্ষক টংক নেৱাৰক আবদ্ধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।


অসম অৰুণাচল সীমান্তৰ দাঁতিকাষৰীয়া ঠাই পেঙেৰীৰ ব্ৰহ্মাজানৰ এজন লম্পট শিক্ষাগুৰুৰ কাণ্ডই অঞ্চলজুৰী চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পেঙেৰীৰ নাতিদূৰৈত থকা ব্ৰহ্মাজান মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক প্ৰসাদ নেৱাৰে দীৰ্ঘদিনৰ পৰা শিক্ষাৰ্থীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে । দৈনন্দিন পাঠদানৰ সময়ত ছাত্ৰীসকলক গোপন অংগত চল চাতুৰীৰে স্পৰ্শ কৰাৰ অভিযোগ শিক্ষাৰ্থীৰ ।


অভিযোগ অনুসৰি, পূৰ্বতেও বহু ছাত্ৰীৰ ওপৰত এনেদৰে অপকৰ্ম কৰি আহিছে এই গৰাকী প্ৰধান শিক্ষকে।


বিদ্যাৰ্থীসকলে এই কথা পিতৃ মাতৃক অৱগত কৰাত আজি বিদ্যালয়ৰ সন্মুখত এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হয় । জ্বালামুখী সদৃহ অৱিভাৱকসকলক একপ্ৰকাৰ শিক্ষক টংক প্ৰসাদ নেৱাৰক ফাঁচিৰ দাবী কৰিছে স্থানীয় ৰাইজে । কেইবা শতাধিক ৰাইজৰ সৈতে অৱিভাৱকসকল লম্পট তথা কু-চৰিত্ৰবান শিক্ষক টংক প্ৰসাদ নেৱাৰক ফাঁচিৰ দাবীত প্ৰতিবাদ মুখি হৈ পৰে ৰাইজ।


উক্ত বিদ্যালয় খনত আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হয় আৰু টংক প্ৰসাদক নেৱাৰক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে পৰিয়ালৰ লোকে লম্পট শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সদৌ মৰাণ ছাত্ৰ সন্থাই শিক্ষক জনৰ বিৰুদ্ধে প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এতিয়া লক্ষ্যণীয় হ'ব লম্পট শিক্ষাগুৰু টংক প্ৰসাদ নেৱাৰৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে!




FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ