--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি, পূৰ্বতেও বহু ছাত্ৰীৰ ওপৰত এনেদৰে অপকৰ্ম কৰি আহিছে এই গৰাকী প্ৰধান শিক্ষকে।

ডিজিটেল ডেস্কঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন প্ৰধান শিক্ষকে । পেঙেৰীৰ ব্ৰহ্মজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক নেয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী সপ্তম মান শ্ৰেণীৰ ছাত্ৰীৰ।


বৃহস্পতি বাৰৰ দিনা বিদ্যালয় চলি থকাৰ মাজতে প্ৰধান শিক্ষকে নিজৰ কাৰ্যালয়লৈ মাতি আনি ছাত্ৰী গৰাকীৰে ওপৰত অপকৰ্ম লগতে যৌন নিৰ্যাতনৰ চলোৱা অভিযোগত আজি বিদ্যালয় চৌহদত ছাত্ৰী গৰাকীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে প্ৰধান শিক্ষক টংক নেৱাৰক আবদ্ধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।


অসম অৰুণাচল সীমান্তৰ দাঁতিকাষৰীয়া ঠাই পেঙেৰীৰ ব্ৰহ্মাজানৰ এজন লম্পট শিক্ষাগুৰুৰ কাণ্ডই অঞ্চলজুৰী চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পেঙেৰীৰ নাতিদূৰৈত থকা ব্ৰহ্মাজান মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক প্ৰসাদ নেৱাৰে দীৰ্ঘদিনৰ পৰা শিক্ষাৰ্থীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে । দৈনন্দিন পাঠদানৰ সময়ত ছাত্ৰীসকলক গোপন অংগত চল চাতুৰীৰে স্পৰ্শ কৰাৰ অভিযোগ শিক্ষাৰ্থীৰ ।


অভিযোগ অনুসৰি, পূৰ্বতেও বহু ছাত্ৰীৰ ওপৰত এনেদৰে অপকৰ্ম কৰি আহিছে এই গৰাকী প্ৰধান শিক্ষকে।


বিদ্যাৰ্থীসকলে এই কথা পিতৃ মাতৃক অৱগত কৰাত আজি বিদ্যালয়ৰ সন্মুখত এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হয় । জ্বালামুখী সদৃহ অৱিভাৱকসকলক একপ্ৰকাৰ শিক্ষক টংক প্ৰসাদ নেৱাৰক ফাঁচিৰ দাবী কৰিছে স্থানীয় ৰাইজে । কেইবা শতাধিক ৰাইজৰ সৈতে অৱিভাৱকসকল লম্পট তথা কু-চৰিত্ৰবান শিক্ষক টংক প্ৰসাদ নেৱাৰক ফাঁচিৰ দাবীত প্ৰতিবাদ মুখি হৈ পৰে ৰাইজ।


উক্ত বিদ্যালয় খনত আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হয় আৰু টংক প্ৰসাদক নেৱাৰক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে পৰিয়ালৰ লোকে লম্পট শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সদৌ মৰাণ ছাত্ৰ সন্থাই শিক্ষক জনৰ বিৰুদ্ধে প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এতিয়া লক্ষ্যণীয় হ'ব লম্পট শিক্ষাগুৰু টংক প্ৰসাদ নেৱাৰৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে!




FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ