--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে কেন্দ্রীয় বিদ্যুৎ প্ৰাধিকৰণে সোৱণশিৰি প্রকল্পক বিপজ্জনক প্রকল্প হিচাপে অভিহিত কৰিছে। এনে প্ৰকল্পৰ বাবে আর্লি ৱানিং ছিষ্টেম, অর্থাৎ আগতীয়াকৈ সতর্কবাণী দিয়াৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়াৰ কথা প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

ডিজিটেল ডেস্ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প বিপজ্জনক। এই কথা সংসদত প্রকাশ কৰিছে খোদ কেন্দ্রীয় চৰকাৰে।


নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনে কৰা প্রতিবাদক নস্যাৎ কৰি যিসময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পটো ৰূপায়ণ কৰিবলৈ উঠিপৰি লাগিছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পটোৰ সন্দৰ্ভত প্রকাশ কৰা


এই তথ্যই অসমবাসীক অধিক উদ্বিগ্ন কৰি তুলিছে। উল্লেখযোগ্য যে লোক সভাত কেন্দ্রীয় শক্তি মন্ত্রী শ্রীপদ নায়কে কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে, সাগৰপৃষ্ঠৰ পৰা ১৫০০ মিটাৰ উচ্চতাত হিমালয় অঞ্চলত থকা জলবিদ্যুৎ প্রকল্পসমূহ বিপজ্জনক।


ইতিমধ্যে কেন্দ্রীয় বিদ্যুৎ প্ৰাধিকৰণে সোৱণশিৰি প্রকল্পক বিপজ্জনক প্রকল্প হিচাপে অভিহিত কৰিছে। এনে প্ৰকল্পৰ বাবে আর্লি ৱানিং ছিষ্টেম, অর্থাৎ আগতীয়াকৈ সতর্কবাণী দিয়াৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়াৰ কথা প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে।


মন কৰিব লগীয়া কথা যে নামনি সোৱণশিৰি প্ৰকল্পকে ধৰি দেশৰ ৪৬টা প্রকল্প এনে বিপজ্জনক প্রকল্প হিচাপে চিনাক্ত কৰা হৈছে। উক্ত প্রকল্পসমূহৰ ভিতৰত অৰুণাচলৰ পানয়'ৰ ল'ৱাৰ (ৰঙানদী) আৰু কামেং প্ৰকল্পৰ নামো অন্তর্ভুক্ত হৈছে। সকলোতকৈ ডাঙৰ কথা যে অসমৰ বিভিন্ন দল-সংগঠনে নামনি সোৱণশিৰি প্ৰকল্পক 'জলবোমা' বুলি অভিহিত কৰি দীৰ্ঘ দিনৰ পৰাই প্রকল্পটো বন্ধ কৰিবলৈ দাবী জনাই আহিছে।


কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ এই দাবীক কোনো ধৰণৰ গুৰুত্ব নিদি প্রকল্পটোৰ কাম প্রায় সমাপ্ত কৰিছে। ইতিমধ্যে চাৰিটা ইউনিটৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সাজু হৈ আছে প্রকল্প ৰূপায়ণকাৰী সংস্থা এন এইচ পি চি। কেইমাহমান মানৰ পূর্বে কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ এটা দল আহি প্রকল্পটো পর্যবেক্ষণ কৰি গৈছেহি। পিছে উক্ত প্ৰতিনিধিৰ দলটোৱে এতিয়াও নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভকৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা নাই।


যেতিয়াই কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে সেউজ সংকেত দিব তেতিয়াই প্রথম পর্যায়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ কৰা হ'ব। ইয়াৰ পাছত অহা বৰ্ষৰ জুনৰ ভিতৰত প্ৰকল্পটোৰ সকলো ইউনিট সম্পূর্ণরূপে কার্যক্ষম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।


ইফালে যিমানে প্রকল্পটোৰ কাম আগবাঢ়িছে সিমানে লখিমপুৰ, মাজুলী আৰু ধেমাজিবাসীৰ লোকৰ উদ্বিগ্নতা বৃদ্ধি পাইছে। কিয়নো ৪০০ মেগাৱাট শক্তিসম্পন্ন ৰঙানদী প্রকল্পই ইতিমধ্যে কিদৰে ৰাইজক আধা মৰা কৰিছে সেয়া ধেমাজি, লখিমপুৰ আৰু মাজুলীবাসী ৰাইজে প্রত্যক্ষ কৰিছে। এনে পৰিস্থিতিত ৰঙানদী প্রকল্পতকৈ প্রায় পাঁচগুণ ডাঙৰ নামনি সোৱণশিৰি প্ৰকল্প ৰূপায়ণ হ'লে কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া অনুমান কৰি চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ