--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি বিভিন্ন চাহ বাগিচাৰ অঞ্চলৰ কিশোৰী-যুৱতী সকলক টাৰ্গেট কৰি বৰ্হিৰাজ‍্যত কৰ্ম সংস্থাপন দিয়াৰ চলেৰে দিল্লীলৈ নি ৬০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ধনৰ বিনিময়ত বিক্ৰী কৰি দিছিল কল্পনা বৰাইকে।

ডিজিটেল ডেস্ক : ডিব্ৰুগড়ত পুহৰলৈ আহিছে ভয়ংকৰ নাৰী সৰবৰাহৰ ঘটনা। গুপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় আৰক্ষীয়ে বানীপুৰ ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিছে নাৰী সৰবৰাহ মূল মাষ্টাৰমাইণ্ড কল্পনা বৰাইক নামৰ এগৰাকী মহিলাক।


দীৰ্ঘদিন ধৰি বিভিন্ন চাহ বাগিচাৰ অঞ্চলৰ কিশোৰী-যুৱতী সকলক টাৰ্গেট কৰি বৰ্হিৰাজ‍্যত কৰ্ম সংস্থাপন দিয়াৰ চলেৰে দিল্লীলৈ নি ৬০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ধনৰ বিনিময়ত বিক্ৰী কৰি দিছিল কল্পনা বৰাইকে।


মৰাণৰ এগৰাকী সচেতন ব‍্যক্তি ৰাহুল সূত্ৰবংশীৰ নেতৃত্বত এটা দলে ডিব্ৰুগড় আৰক্ষীৰ সহযোগত গুপন সূত্ৰৰ পম খেদি ডিব্ৰুগড়ৰ বানীপুৰ ৰেল ষ্টেচনৰ পৰা আটক কৰে মাষ্টাৰমাইণ্ড কল্পনা বৰাইকক।


উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মৰাণৰ চাৰিগৰাকী কৈ যুৱতীক বৰ্হিৰাজ‍্যত বিক্ৰীৰ বাবে প্ৰস্তুতি চলাই থকাৰ ওপৰিও তিনিচুকীয়া জিলাৰ পৰা প্ৰায় ৪০ গৰাকী কৈ কিশোৰী-যুৱতীক বৰ্হিৰাজ‍্যলৈ নিবলৈ যোজা চলাই আছিল কল্পনা বৰাইক নামৰ মহিলা গৰাকীয়ে।


উল্লেখযোগ্য যে টিংখাঙৰ পৰা পশ্চিম বংগৰ মেডিনিপুৰ‌লৈ বিয়া হৈছিল কল্পনা বৰাইক। ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানটোত গ্ৰেপ্তাৰ হোৱা কল্পনা বৰাইকক বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত ৰাখি তদন্ত অব‍্যাহত ৰাখিছে। এই নাৰী সৰবৰাহৰ বৃহৎ চক্ৰটোত আৰু জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ইতিমধ্যে মৰাণৰ যুৱতী কেইগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ