--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি বিভিন্ন চাহ বাগিচাৰ অঞ্চলৰ কিশোৰী-যুৱতী সকলক টাৰ্গেট কৰি বৰ্হিৰাজ‍্যত কৰ্ম সংস্থাপন দিয়াৰ চলেৰে দিল্লীলৈ নি ৬০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ধনৰ বিনিময়ত বিক্ৰী কৰি দিছিল কল্পনা বৰাইকে।

ডিজিটেল ডেস্ক : ডিব্ৰুগড়ত পুহৰলৈ আহিছে ভয়ংকৰ নাৰী সৰবৰাহৰ ঘটনা। গুপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় আৰক্ষীয়ে বানীপুৰ ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিছে নাৰী সৰবৰাহ মূল মাষ্টাৰমাইণ্ড কল্পনা বৰাইক নামৰ এগৰাকী মহিলাক।


দীৰ্ঘদিন ধৰি বিভিন্ন চাহ বাগিচাৰ অঞ্চলৰ কিশোৰী-যুৱতী সকলক টাৰ্গেট কৰি বৰ্হিৰাজ‍্যত কৰ্ম সংস্থাপন দিয়াৰ চলেৰে দিল্লীলৈ নি ৬০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ধনৰ বিনিময়ত বিক্ৰী কৰি দিছিল কল্পনা বৰাইকে।


মৰাণৰ এগৰাকী সচেতন ব‍্যক্তি ৰাহুল সূত্ৰবংশীৰ নেতৃত্বত এটা দলে ডিব্ৰুগড় আৰক্ষীৰ সহযোগত গুপন সূত্ৰৰ পম খেদি ডিব্ৰুগড়ৰ বানীপুৰ ৰেল ষ্টেচনৰ পৰা আটক কৰে মাষ্টাৰমাইণ্ড কল্পনা বৰাইকক।


উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মৰাণৰ চাৰিগৰাকী কৈ যুৱতীক বৰ্হিৰাজ‍্যত বিক্ৰীৰ বাবে প্ৰস্তুতি চলাই থকাৰ ওপৰিও তিনিচুকীয়া জিলাৰ পৰা প্ৰায় ৪০ গৰাকী কৈ কিশোৰী-যুৱতীক বৰ্হিৰাজ‍্যলৈ নিবলৈ যোজা চলাই আছিল কল্পনা বৰাইক নামৰ মহিলা গৰাকীয়ে।


উল্লেখযোগ্য যে টিংখাঙৰ পৰা পশ্চিম বংগৰ মেডিনিপুৰ‌লৈ বিয়া হৈছিল কল্পনা বৰাইক। ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানটোত গ্ৰেপ্তাৰ হোৱা কল্পনা বৰাইকক বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত ৰাখি তদন্ত অব‍্যাহত ৰাখিছে। এই নাৰী সৰবৰাহৰ বৃহৎ চক্ৰটোত আৰু জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ইতিমধ্যে মৰাণৰ যুৱতী কেইগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ