--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে বিয়লি মোনা বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত ম'হকেইটা প্রত্যক্ষ কৰি ঊর্ধ্বতন কর্তৃপক্ষক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে পশু চিকিৎসকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে

ডিজিটেল ডেস্ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে বনৰীয়া ম'হৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মোনা বিলত টহলদাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰিছে ছটাকৈ মৃত বনৰীয়া ম'হ।


জানিব পৰা মতে, বুধবাৰে বিয়লি মোনা বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত ম'হকেইটা প্রত্যক্ষ কৰি ঊর্ধ্বতন কর্তৃপক্ষক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে পশু চিকিৎসকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।


বৃহস্পতিবাৰে উদ্যানৰ বন সংমণ্ডল প্রাধিকাৰী অৰুণ বিগ্নেশে জানিবলৈ দিয়া মতে, মৃত ম'হকেইটাৰ দুটা মতা আৰু চাৰিজনী মাইকী। ম'হকেইটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।


অৱশ্যে, ঘটনাস্থলীৰ পৰিৱেশ-পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰাৰম্ভিক তদন্তত বজ্রপাতৰ ফলত ম'হকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে বুলি প্ৰাধিকাৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ৪ গৰাকী পশু চিকিৎসকসহ এটা তদন্তকাৰী দল গঠন কৰি দিয়া হৈছে।


কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ মোহিত নিউল, বন বিভাগৰ পশু চিকিৎসক ডাঃ সৌৰভ বৰগোহাঁই, কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ বিশ্বজিত বৰুৱা আৰু বিভাগীয় পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক অভিজিত চেত্রীয়ে বনকৰ্মীৰ সহযোগত মৃত ম'হকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰে।


মৰণোত্তৰ পৰীক্ষাৰ সময়ত সহকাৰী বন সংৰক্ষক জয়ন্ত দাস, বুবুল বৰুৱা আৰু কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈও উপস্থিত থাকে।


বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে আৰু জানিবলৈ দিয়া মতে, ইতিমধ্যে ম'হকেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। মৃত্যুৰ কাৰণ জানিবলৈ ম'ইকেইটাৰ মৃতদেহৰ পৰা নমুনাও সংগ্ৰহ কৰা হৈছে। পশু চিকিৎসকে জানিবলৈ দিয়া মতে, পৰিস্থিতি পর্যবেক্ষণ কৰাৰ পাছত দুটা ম'হৰ মৃতদেহৰ সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষা কৰাৰ বিপৰীতে বাকী চাৰিটাৰ আংশিক পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত প্ৰাৰম্ভিক অৱস্থাত ম'হকেইটাৰ মৃত্যুৰ কাৰণ বজ্রপাত বুলিয়ে সন্দেহ কৰিছে চিকিৎসকৰ দলটোৱে। অৱশ্যে মৃত ম'হকেইটাৰ দেহৰ পৰা সংগৃহীত নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলিও চিকিৎসকে জনাইছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ