--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে বিয়লি মোনা বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত ম'হকেইটা প্রত্যক্ষ কৰি ঊর্ধ্বতন কর্তৃপক্ষক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে পশু চিকিৎসকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে

ডিজিটেল ডেস্ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে বনৰীয়া ম'হৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মোনা বিলত টহলদাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰিছে ছটাকৈ মৃত বনৰীয়া ম'হ।


জানিব পৰা মতে, বুধবাৰে বিয়লি মোনা বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত ম'হকেইটা প্রত্যক্ষ কৰি ঊর্ধ্বতন কর্তৃপক্ষক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে পশু চিকিৎসকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।


বৃহস্পতিবাৰে উদ্যানৰ বন সংমণ্ডল প্রাধিকাৰী অৰুণ বিগ্নেশে জানিবলৈ দিয়া মতে, মৃত ম'হকেইটাৰ দুটা মতা আৰু চাৰিজনী মাইকী। ম'হকেইটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।


অৱশ্যে, ঘটনাস্থলীৰ পৰিৱেশ-পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰাৰম্ভিক তদন্তত বজ্রপাতৰ ফলত ম'হকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে বুলি প্ৰাধিকাৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ৪ গৰাকী পশু চিকিৎসকসহ এটা তদন্তকাৰী দল গঠন কৰি দিয়া হৈছে।


কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ মোহিত নিউল, বন বিভাগৰ পশু চিকিৎসক ডাঃ সৌৰভ বৰগোহাঁই, কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ বিশ্বজিত বৰুৱা আৰু বিভাগীয় পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক অভিজিত চেত্রীয়ে বনকৰ্মীৰ সহযোগত মৃত ম'হকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰে।


মৰণোত্তৰ পৰীক্ষাৰ সময়ত সহকাৰী বন সংৰক্ষক জয়ন্ত দাস, বুবুল বৰুৱা আৰু কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈও উপস্থিত থাকে।


বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে আৰু জানিবলৈ দিয়া মতে, ইতিমধ্যে ম'হকেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। মৃত্যুৰ কাৰণ জানিবলৈ ম'ইকেইটাৰ মৃতদেহৰ পৰা নমুনাও সংগ্ৰহ কৰা হৈছে। পশু চিকিৎসকে জানিবলৈ দিয়া মতে, পৰিস্থিতি পর্যবেক্ষণ কৰাৰ পাছত দুটা ম'হৰ মৃতদেহৰ সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষা কৰাৰ বিপৰীতে বাকী চাৰিটাৰ আংশিক পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত প্ৰাৰম্ভিক অৱস্থাত ম'হকেইটাৰ মৃত্যুৰ কাৰণ বজ্রপাত বুলিয়ে সন্দেহ কৰিছে চিকিৎসকৰ দলটোৱে। অৱশ্যে মৃত ম'হকেইটাৰ দেহৰ পৰা সংগৃহীত নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলিও চিকিৎসকে জনাইছে।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ