--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৪ চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ সংখ্যা ১২৮৮ টা

ডিজিটেল ডেস্কঃ বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দুৰীকৰণৰ বাবে ২০১২ চনৰ পৰাই প্ৰতিবছৰে উদযাপন কৰা হৈছে বিশ্ব হাতী দিৱস৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বিগ ফাইভৰ অন্যতম এই হাতী।


২০২৪ চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ সংখ্যা ১২৮৮ টা।DFO অৰুণ ভিগ্নেশৰ মতে হাতীক পৰিবেশ তন্ত্ৰৰ অভিযন্তা বুলি অভিহিত কৰা হয়।বানপানীৰ পূৰ্বানুমান হাতীৰ পৰাই কৰিব পাৰি কিয়নো বানপানীৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰলৈ ধাৱমান হয় হাতীৰ জাক।


আৱাসস্থল প্ৰৱন্ধন কৰাত হাতীৰ ভূমকা অপৰিসীম বুলি কয় বিষয়াগৰাকীয়ে।ইপিনে কাজিৰঙাত পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী।বৰ্তমান হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী–মানুহৰ মাজত আছে এক নিবিড় সম্পৰ্ক৷ এই সম্পৰ্ক অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম সৌন্দৰ্যৰ প্ৰতীক হ’ল বিশাল হস্তী বাহিনী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু দেশী-বিদেশী পৰ্যটকৰ সেৱাত আৰম্ভণিৰে পৰা নিয়োজিত হৈ আহিছে হাতীৰ জাক৷দীৰ্ঘদিন ধৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযান,দুৰ্গম এলেকাত বনকৰ্মীৰ সৈতে কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে হস্তী বাহিনীয়ে।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা ৬৫টা বিভাগীয় হাতীয়ে পালন কৰি আহিছে বিভিন্ন দায়িত্ব।উল্লেখ্য যে বিগত সময়ত কাজিৰঙাত পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণৰ সময়ত কৰা হাতী চাফাৰীৰ কথা উল্লেখ কৰে DFO অৰুণ ভিগ্নেশে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য