--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৪ চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ সংখ্যা ১২৮৮ টা

ডিজিটেল ডেস্কঃ বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দুৰীকৰণৰ বাবে ২০১২ চনৰ পৰাই প্ৰতিবছৰে উদযাপন কৰা হৈছে বিশ্ব হাতী দিৱস৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বিগ ফাইভৰ অন্যতম এই হাতী।


২০২৪ চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ সংখ্যা ১২৮৮ টা।DFO অৰুণ ভিগ্নেশৰ মতে হাতীক পৰিবেশ তন্ত্ৰৰ অভিযন্তা বুলি অভিহিত কৰা হয়।বানপানীৰ পূৰ্বানুমান হাতীৰ পৰাই কৰিব পাৰি কিয়নো বানপানীৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰলৈ ধাৱমান হয় হাতীৰ জাক।


আৱাসস্থল প্ৰৱন্ধন কৰাত হাতীৰ ভূমকা অপৰিসীম বুলি কয় বিষয়াগৰাকীয়ে।ইপিনে কাজিৰঙাত পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী।বৰ্তমান হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী–মানুহৰ মাজত আছে এক নিবিড় সম্পৰ্ক৷ এই সম্পৰ্ক অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম সৌন্দৰ্যৰ প্ৰতীক হ’ল বিশাল হস্তী বাহিনী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু দেশী-বিদেশী পৰ্যটকৰ সেৱাত আৰম্ভণিৰে পৰা নিয়োজিত হৈ আহিছে হাতীৰ জাক৷দীৰ্ঘদিন ধৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযান,দুৰ্গম এলেকাত বনকৰ্মীৰ সৈতে কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে হস্তী বাহিনীয়ে।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা ৬৫টা বিভাগীয় হাতীয়ে পালন কৰি আহিছে বিভিন্ন দায়িত্ব।উল্লেখ্য যে বিগত সময়ত কাজিৰঙাত পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণৰ সময়ত কৰা হাতী চাফাৰীৰ কথা উল্লেখ কৰে DFO অৰুণ ভিগ্নেশে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ