--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এনে হ’লে ভয় কৰাৰ প্ৰয়োজন নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি, আপুনি আপোনাৰ টকা ঘূৰাই পাব পাৰে।

ডিজিটেল ডেস্কঃ আজিকালি ডিজিটেল লেনদেনৰ যুগত আমি প্ৰায় সকলোৱে UPI ব্যৱহাৰ কৰোঁ। কিন্তু কেতিয়াবা এটা নম্বৰৰ ভুলৰ বাবে বা খৰখেদাকৈ কাম কৰিবলৈ গৈ আমি ভুল একাউণ্টলৈ টকা পঠিয়াই দিওঁ।


এনে হ’লে ভয় কৰাৰ প্ৰয়োজন নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি, আপুনি আপোনাৰ টকা ঘূৰাই পাব পাৰে। তাৰ বাবে আপুনি কৰিবলগীয়া পদক্ষেপসমূহ তলত দিয়া হ’ল:


১. লগে লগে বেংকক অৱগত কৰক


ভুল লেনদেন হোৱাৰ লগে লগে আপোনাৰ নিজৰ বেংকৰ সৈতে যোগাযোগ কৰক। বেংকৰ গ্ৰাহক সেৱা নম্বৰত ফোন কৰি অভিযোগ পঞ্জীয়ন কৰক। মনত ৰাখিব, লেনদেনৰ Transaction ID আৰু সময়টো হাতত ৰখা অতি জৰুৰী।


২. UPI এপৰ জৰিয়তে অভিযোগ  


আপুনি যিটো এপ ব্যৱহাৰ কৰিছে (যেনে: PhonePe, Google Pay বা Paytm), সেই এপটোৰ 'Help' বা 'Support' শাখাত গৈ Wrong Transaction বুলি এটা অভিযোগ দাখিল কৰক।


৩. NPCI প’ৰ্টেলত অভিযোগ দিয়ক


যদি বেংক বা এপৰ পৰা সহায় নাপায়, তেন্তে আপুনি পোনপটীয়াকৈ National Payments Corporation of India (NPCI) ৰ ৱেবছাইটত অভিযোগ কৰিব পাৰে।


NPCI ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।


'Get in touch' টেবত ক্লিক কৰি 'UPI Dispute Redressal Mechanism' বাছনি কৰক।


তাত 'Transaction' টেবত গৈ সকলো বিৱৰণ দি আপোনাৰ অভিযোগ জমা দিয়ক।


৪. RBI Ombudsman


যদি ৩০ দিনৰ ভিতৰত আপোনাৰ সমস্যাৰ সমাধান নহয়, তেন্তে আপুনি ডিজিটেল লেনদেনৰ অভিযোগ লৈ RBI Ombudsmanৰ ওচৰ চাপিব পাৰে। এয়া এক চৰকাৰী ব্যৱস্থা যিয়ে গ্ৰাহকৰ সমস্যা সমাধানত সহায় কৰে।


ভবিষ্যতে এনে ভুলৰ পৰা হাত সাৰিবলৈ কি কৰিব?


নাম পৰীক্ষা কৰক: নম্বৰটো দিয়াৰ লগে লগে এপটোত যিটো নাম দেখুৱায়, সেইটো সঠিক হয় নে নহয় পৰীক্ষা কৰি ল’ব।


পৰীক্ষামূলক টকা: প্ৰথমবাৰ কাৰোবালৈ বেছি পৰিমাণৰ টকা পঠোৱাৰ আগতে প্ৰথমে ১ টকা পঠিয়াই নিশ্চিত হৈ লওক।


স্ক্ৰীণশ্বট: লেনদেন হোৱাৰ পিছত সদায় কনফাৰ্মেচন স্ক্ৰীণশ্বট এটা ৰাখি থ’ব।


ভুল লেনদেনৰ ৪৮ ঘণ্টাৰ ভিতৰত অভিযোগ কৰিলে টকা ঘূৰাই পোৱাৰ সম্ভাৱনা অধিক থাকে। সেয়েহে পলম নকৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ