--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধ্য প্রাচ্যত চলি থকা যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা শক্তিৰ সংকটৰ সময়তে ভাৰতীয় টকাৰ মূল্য হ্রাস পায়। ইয়াৰ প্ৰভাৱ মুঠ ঘৰুৱা উৎপাদনতো পৰে।

ডিজিটেল ডেস্ক: বিশ্বত ভাৰতীয় অৰ্থনীতিৰ স্থান চতুৰ্থৰ পৰা ষষ্ঠ স্থানলৈ অৱনমিত হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) প্ৰকাশ কৰা শেহতীয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে। অৱশ্যে বিশ্ব অর্থনীতিৰ মন্দাৱস্থাৰ গ্ৰাসত পৰাৰ আশংকা বৃদ্ধি পোৱাৰ সময়ত ভাৰতীয় অর্থনীতি সকলোতকৈ অধিক হাৰত উন্নয়ন হ'ব বুলিও আই এম এফে লগতে প্রকাশ কৰিছে। 


আই এম এফৰ মতে ২০২৬ বৰ্ষৰ এপ্ৰিলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ৪.১৫ লাখ কোটি ডলাৰলৈ নামিছে। আনহাতে, ব্রিটেইনৰ চাৰি লাখ কোটি ডলাৰ আৰু জাপানৰ অৰ্থ ব্যৱস্থা ৪.৪৪ লাখ কোটি ডলাৰ হৈছে। ইফালে চলিত বছৰৰ বাবে আই এম এফে প্রকাশ কৰা বিশ্ব অর্থনীতিৰ ৰেংকিঙত আমেৰিকাই ৩২.৩৮ লাখ কোটি ডলাৰৰ জি ডি পিৰে প্ৰথম স্থান লাভ কৰি আছে। দ্বিতীয় স্থানত থকা চীনৰ মুঠ ঘৰুৱা উৎপাদন চলিত বছৰত ২০.৮৫ লাখ কোটি ডলাৰ বুলি কোৱা হৈছে। ইয়াৰ পাছতে জার্মানিয়ে ৫.৪৫ লাখ কোটি ডলাৰেৰে তৃতীয় স্থান, জাপানে ৪.৩৮ লাখ কোটি ডলাৰেৰে চতুৰ্থ স্থান আৰু ব্রিটেইনে ৪.২৬ লাখ কোটি ডলাৰেৰে পঞ্চম স্থান লাভ কৰি আছে। ষষ্ঠ স্থানত থকা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৪.১৫ লাখ কোটি ডলাৰ বুলি আই এম এফে অনুমান কৰিছে।


আই এম এফে সকলো দেশৰে জি ডি পি ডলাৰত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত ভাৰত বিশ্বৰ প্ৰথম পাঁচটা সৰ্ববৃহৎ অর্থনীতিৰ তালিকাত স্থান লাভ কৰি আছিল। আনহাতে, যোৱা বছৰ ভাৰত বিশ্বৰ চতুৰ্থ স্থানৰ অর্থনীতিত পৰিণত হৈছিল। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱাৰ সময়তে বিশ্বত ভাৰতীয় অর্থনীতিৰ স্থান চতুৰ্থৰ পৰা ষষ্ঠলৈ অৱনমিত হয়। মধ্য প্রাচ্যত চলি থকা যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা শক্তিৰ সংকটৰ সময়তে ভাৰতীয় টকাৰ মূল্য হ্রাস পায়। ইয়াৰ প্ৰভাৱ মুঠ ঘৰুৱা উৎপাদনতো পৰে। ভাৰতত উৎপাদন বৃদ্ধি তথা আয় বৃদ্ধি পালেও মার্কিন ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱা বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ মূল্যও হ্রাস পায়। 


আনহাতে, ভাৰতে মুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ ভিত্তি বৰ্ষ সলনি কৰি ২০১১-১২ বৰ্ষৰ স্থানত ২০২২-২৩ কৰে। ইয়াৰ লগে লগে ভাৰতীয় অর্থনীতিক নতুন মাপক তথা তথ্যৰ ভিত্তিত গণনা কৰা হয় আৰু ইয়াৰ ফলত নতুন তথ্য অধিক সঠিক তথা বাস্তৱ হয়। নতুন প্রণালীৰে পূৰ্বৰ বৰ্ষৰ জি ডি পি পুনৰ গণনা কৰাৰ ফলত পুৰণি বৰ্ষৰ জি ডি পিও হ্রাস পায়। ফলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন হ্রাস পায়। বিশ্বৰ অৰ্থনীতিত স্থান তললৈ নামিলেও ভাৰত এতিয়াও বিশ্বৰ ভিতৰতে আটাইতকৈ দ্রুত গতিত আগবঢ়া অর্থনীতি হৈয়ে আছে। আই এম এফে প্রকাশ কৰা মতে, পশ্চিম এছিয়াত উত্তেজনা চলি থকা সত্ত্বেও ভাৰতীয় অর্থনীতিয়ে চলিত বছৰত ৬.৫% হাৰতউন্নয়নৰ দিশত আগবাঢ়িব। 


আই এম এফৰ 'গ্ল'বেল ইকনমিত ছিনেৰিয়' নামৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হ'ব। প্রতিবেদনখনৰ মতে, চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ হ'ব প্রায় ৬.৫%। আই এম এফে চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰৰ পূর্বানুমান যোৱা বছৰৰ তুলনাত ০.৩% বৃদ্ধি কৰে। যোৱা বছৰ দেশৰ অৰ্থনীতিৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে চলিত বছৰত উন্নয়নৰ হাৰ সামান্য বৃদ্ধি কৰে আই এম এফে। আনহাতে, অহা বছৰো ভাৰতীয় অর্থনীতিয়ে সমান হাৰত আগবাঢ়ি যাব বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ