--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধ্য প্রাচ্যত চলি থকা যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা শক্তিৰ সংকটৰ সময়তে ভাৰতীয় টকাৰ মূল্য হ্রাস পায়। ইয়াৰ প্ৰভাৱ মুঠ ঘৰুৱা উৎপাদনতো পৰে।

ডিজিটেল ডেস্ক: বিশ্বত ভাৰতীয় অৰ্থনীতিৰ স্থান চতুৰ্থৰ পৰা ষষ্ঠ স্থানলৈ অৱনমিত হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) প্ৰকাশ কৰা শেহতীয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে। অৱশ্যে বিশ্ব অর্থনীতিৰ মন্দাৱস্থাৰ গ্ৰাসত পৰাৰ আশংকা বৃদ্ধি পোৱাৰ সময়ত ভাৰতীয় অর্থনীতি সকলোতকৈ অধিক হাৰত উন্নয়ন হ'ব বুলিও আই এম এফে লগতে প্রকাশ কৰিছে। 


আই এম এফৰ মতে ২০২৬ বৰ্ষৰ এপ্ৰিলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ৪.১৫ লাখ কোটি ডলাৰলৈ নামিছে। আনহাতে, ব্রিটেইনৰ চাৰি লাখ কোটি ডলাৰ আৰু জাপানৰ অৰ্থ ব্যৱস্থা ৪.৪৪ লাখ কোটি ডলাৰ হৈছে। ইফালে চলিত বছৰৰ বাবে আই এম এফে প্রকাশ কৰা বিশ্ব অর্থনীতিৰ ৰেংকিঙত আমেৰিকাই ৩২.৩৮ লাখ কোটি ডলাৰৰ জি ডি পিৰে প্ৰথম স্থান লাভ কৰি আছে। দ্বিতীয় স্থানত থকা চীনৰ মুঠ ঘৰুৱা উৎপাদন চলিত বছৰত ২০.৮৫ লাখ কোটি ডলাৰ বুলি কোৱা হৈছে। ইয়াৰ পাছতে জার্মানিয়ে ৫.৪৫ লাখ কোটি ডলাৰেৰে তৃতীয় স্থান, জাপানে ৪.৩৮ লাখ কোটি ডলাৰেৰে চতুৰ্থ স্থান আৰু ব্রিটেইনে ৪.২৬ লাখ কোটি ডলাৰেৰে পঞ্চম স্থান লাভ কৰি আছে। ষষ্ঠ স্থানত থকা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৪.১৫ লাখ কোটি ডলাৰ বুলি আই এম এফে অনুমান কৰিছে।


আই এম এফে সকলো দেশৰে জি ডি পি ডলাৰত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত ভাৰত বিশ্বৰ প্ৰথম পাঁচটা সৰ্ববৃহৎ অর্থনীতিৰ তালিকাত স্থান লাভ কৰি আছিল। আনহাতে, যোৱা বছৰ ভাৰত বিশ্বৰ চতুৰ্থ স্থানৰ অর্থনীতিত পৰিণত হৈছিল। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱাৰ সময়তে বিশ্বত ভাৰতীয় অর্থনীতিৰ স্থান চতুৰ্থৰ পৰা ষষ্ঠলৈ অৱনমিত হয়। মধ্য প্রাচ্যত চলি থকা যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা শক্তিৰ সংকটৰ সময়তে ভাৰতীয় টকাৰ মূল্য হ্রাস পায়। ইয়াৰ প্ৰভাৱ মুঠ ঘৰুৱা উৎপাদনতো পৰে। ভাৰতত উৎপাদন বৃদ্ধি তথা আয় বৃদ্ধি পালেও মার্কিন ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱা বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ মূল্যও হ্রাস পায়। 


আনহাতে, ভাৰতে মুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ ভিত্তি বৰ্ষ সলনি কৰি ২০১১-১২ বৰ্ষৰ স্থানত ২০২২-২৩ কৰে। ইয়াৰ লগে লগে ভাৰতীয় অর্থনীতিক নতুন মাপক তথা তথ্যৰ ভিত্তিত গণনা কৰা হয় আৰু ইয়াৰ ফলত নতুন তথ্য অধিক সঠিক তথা বাস্তৱ হয়। নতুন প্রণালীৰে পূৰ্বৰ বৰ্ষৰ জি ডি পি পুনৰ গণনা কৰাৰ ফলত পুৰণি বৰ্ষৰ জি ডি পিও হ্রাস পায়। ফলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন হ্রাস পায়। বিশ্বৰ অৰ্থনীতিত স্থান তললৈ নামিলেও ভাৰত এতিয়াও বিশ্বৰ ভিতৰতে আটাইতকৈ দ্রুত গতিত আগবঢ়া অর্থনীতি হৈয়ে আছে। আই এম এফে প্রকাশ কৰা মতে, পশ্চিম এছিয়াত উত্তেজনা চলি থকা সত্ত্বেও ভাৰতীয় অর্থনীতিয়ে চলিত বছৰত ৬.৫% হাৰতউন্নয়নৰ দিশত আগবাঢ়িব। 


আই এম এফৰ 'গ্ল'বেল ইকনমিত ছিনেৰিয়' নামৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হ'ব। প্রতিবেদনখনৰ মতে, চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ হ'ব প্রায় ৬.৫%। আই এম এফে চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰৰ পূর্বানুমান যোৱা বছৰৰ তুলনাত ০.৩% বৃদ্ধি কৰে। যোৱা বছৰ দেশৰ অৰ্থনীতিৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে চলিত বছৰত উন্নয়নৰ হাৰ সামান্য বৃদ্ধি কৰে আই এম এফে। আনহাতে, অহা বছৰো ভাৰতীয় অর্থনীতিয়ে সমান হাৰত আগবাঢ়ি যাব বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু