--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ জকাইচুকৰ পৰা যোৱা এগৰাকী প্রতিভাধৰ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনী।

ডিজিটেল ডেস্ক : অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ কঢ়িয়াইছে ভিতৰুৱা গাঁৱৰ এজন ব্যক্তিয়ে। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে এগৰাকী অসম সন্তান। এতিয়াৰ পৰা বিশ্বৰ ভিতৰতে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ তথ্য প্রযুক্তি নিয়ন্ত্রণ কৰিব এগৰাকী অসম সন্তানে।


অসমৰ জকাইচুকৰ পৰা যোৱা এগৰাকী প্রতিভাধৰ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনী। উল্লেখযোগ্য যে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তর্ভুক্ত ব্যাসকুছি গাঁৱৰ পৰা ঘৰ এৰি এদিন আমেৰিকালৈ যোৱা মনজিত বৰ্মন নামৰ ব্যক্তিজনে এতিয়া সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে।


ব্যাসকুছিতে প্রাথমিক শিক্ষা, হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা প্ৰখৰ বুদ্ধিৰ মনজিত বৰ্মনে পৰৱৰ্তীকালত গোৱালপাৰাৰ সৈনিক স্কুলত নামভৰ্তি কৰিছিল। ভাৰতীয় বায়ু সেনা বাহিনীত চাকৰি কৰাৰ ইচ্ছা আছিল যদিও সেই সুযোগ লাভ নকৰাত শিলচৰৰ অসম আঞ্চলিক অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা মনজিত বৰ্মনে অভিযন্তাৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছতেই মনত উচ্চাকাংক্ষা পুহি ৰখা মনজিত বর্মনে ১৯৯৯ চনত বেংগালুৰুত ছফটৱেৰ ডেভেলপমেণ্টৰ এটা কামত মকৰল লাভ কৰে।


প্রবল অধ্যৱসায়ৰ লগতে মানসিক দৃঢ়তাৰে কাম কৰি মনজিত বর্মনে কম সময়ৰ ভিতৰতে এগৰাকী দক্ষ কৰ্মচাৰী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয়। কিবা এক নতুন কৰাৰ লগতে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে মনে-প্রাণে পৰিকল্পনা কৰি থকা মনজিত বর্মনে বিদেশত চাকৰি কৰাৰ লক্ষ্যৰে ২০০০ চনত কানাডালৈ গুচি যায়। কানাডাৰ টৰণ্টো চহৰত ছয় মাহ কাম কৰাৰ পাছত আমেৰিকালৈ যোৱাৰ এক সুযোগ লাভ কৰে। ২০০১ চনত মনজিত বর্মনে এক সপোন বুকুত লৈ উৰা মাৰিছিল আমেৰিকালৈ।


এগৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষক গদাপাণি বৰ্মনৰ দ্বিতীয় সন্তান তথা অভিযন্তাৰ ডিগ্রীধাৰী মনজিত বৰ্মনে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কম্পিউটাৰ ইনফৰমেশ্যন ছিষ্টেমত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। আমেৰিকাৰ দুই-তিনিটা কোম্পানীৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া বিশ্বৰ শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে ব্যাসকুছিৰ সন্তান মনজিত বর্মন। অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসমৰ মনজিত বৰ্মনে।


শিপা পাহৰি নোযোৱা মনজিত বৰ্মনৰ গাঁৱৰ ঘৰত মাক-দেউতাকৰ লগত আছে পৰিয়াল। তিনি ভাতৃ আৰু দুই ভগ্নীৰ মাজত থাকি গাঁৱৰ বোকাপানী গচকি ডাঙৰ-দীঘল হোৱা আৰু গাঁৱৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া মনজিত বৰ্মনৰ এনে সাফল্যত পিতৃ গদাপাণি বর্মন, মাতৃ সাবিত্রী বৰ্মন আৰু পৰিয়ালৰ লগতে গাঁওবাসীও উৎফুল্ল হৈছে। অৱশ্যে, মনজিত বৰ্মন বর্তমান আমেৰিকাৰ বাসিন্দা তথা নাগৰিক। বষ্টন চহৰৰ ওচৰৰ ৱেলছলিত বাস কৰা মনজিত বর্মনে আমেৰিকা নিৱাসী অসমীয়া সমাজৰ লগতে গাঁৱৰ ঘৰৰ লগত যোগাযোগ ৰক্ষা কৰি চলি আহিছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ