--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ জকাইচুকৰ পৰা যোৱা এগৰাকী প্রতিভাধৰ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনী।

ডিজিটেল ডেস্ক : অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ কঢ়িয়াইছে ভিতৰুৱা গাঁৱৰ এজন ব্যক্তিয়ে। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে এগৰাকী অসম সন্তান। এতিয়াৰ পৰা বিশ্বৰ ভিতৰতে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ তথ্য প্রযুক্তি নিয়ন্ত্রণ কৰিব এগৰাকী অসম সন্তানে।


অসমৰ জকাইচুকৰ পৰা যোৱা এগৰাকী প্রতিভাধৰ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনী। উল্লেখযোগ্য যে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তর্ভুক্ত ব্যাসকুছি গাঁৱৰ পৰা ঘৰ এৰি এদিন আমেৰিকালৈ যোৱা মনজিত বৰ্মন নামৰ ব্যক্তিজনে এতিয়া সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে।


ব্যাসকুছিতে প্রাথমিক শিক্ষা, হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা প্ৰখৰ বুদ্ধিৰ মনজিত বৰ্মনে পৰৱৰ্তীকালত গোৱালপাৰাৰ সৈনিক স্কুলত নামভৰ্তি কৰিছিল। ভাৰতীয় বায়ু সেনা বাহিনীত চাকৰি কৰাৰ ইচ্ছা আছিল যদিও সেই সুযোগ লাভ নকৰাত শিলচৰৰ অসম আঞ্চলিক অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা মনজিত বৰ্মনে অভিযন্তাৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছতেই মনত উচ্চাকাংক্ষা পুহি ৰখা মনজিত বর্মনে ১৯৯৯ চনত বেংগালুৰুত ছফটৱেৰ ডেভেলপমেণ্টৰ এটা কামত মকৰল লাভ কৰে।


প্রবল অধ্যৱসায়ৰ লগতে মানসিক দৃঢ়তাৰে কাম কৰি মনজিত বর্মনে কম সময়ৰ ভিতৰতে এগৰাকী দক্ষ কৰ্মচাৰী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয়। কিবা এক নতুন কৰাৰ লগতে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে মনে-প্রাণে পৰিকল্পনা কৰি থকা মনজিত বর্মনে বিদেশত চাকৰি কৰাৰ লক্ষ্যৰে ২০০০ চনত কানাডালৈ গুচি যায়। কানাডাৰ টৰণ্টো চহৰত ছয় মাহ কাম কৰাৰ পাছত আমেৰিকালৈ যোৱাৰ এক সুযোগ লাভ কৰে। ২০০১ চনত মনজিত বর্মনে এক সপোন বুকুত লৈ উৰা মাৰিছিল আমেৰিকালৈ।


এগৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষক গদাপাণি বৰ্মনৰ দ্বিতীয় সন্তান তথা অভিযন্তাৰ ডিগ্রীধাৰী মনজিত বৰ্মনে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কম্পিউটাৰ ইনফৰমেশ্যন ছিষ্টেমত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। আমেৰিকাৰ দুই-তিনিটা কোম্পানীৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া বিশ্বৰ শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে ব্যাসকুছিৰ সন্তান মনজিত বর্মন। অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসমৰ মনজিত বৰ্মনে।


শিপা পাহৰি নোযোৱা মনজিত বৰ্মনৰ গাঁৱৰ ঘৰত মাক-দেউতাকৰ লগত আছে পৰিয়াল। তিনি ভাতৃ আৰু দুই ভগ্নীৰ মাজত থাকি গাঁৱৰ বোকাপানী গচকি ডাঙৰ-দীঘল হোৱা আৰু গাঁৱৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া মনজিত বৰ্মনৰ এনে সাফল্যত পিতৃ গদাপাণি বর্মন, মাতৃ সাবিত্রী বৰ্মন আৰু পৰিয়ালৰ লগতে গাঁওবাসীও উৎফুল্ল হৈছে। অৱশ্যে, মনজিত বৰ্মন বর্তমান আমেৰিকাৰ বাসিন্দা তথা নাগৰিক। বষ্টন চহৰৰ ওচৰৰ ৱেলছলিত বাস কৰা মনজিত বর্মনে আমেৰিকা নিৱাসী অসমীয়া সমাজৰ লগতে গাঁৱৰ ঘৰৰ লগত যোগাযোগ ৰক্ষা কৰি চলি আহিছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী