--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিত দেৱালয়ৰ দলৈ নলিনী শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে

ডিজিটেল ডেস্কঃ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন কামৰূপৰ গুৱাহাটীস্থিত ঐতিহাসিক সিদ্ধি-শক্তিপীঠ আদ্যশক্তি শ্ৰী শ্ৰীঁউগ্ৰতাৰা দেৱালয়ত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীশ্ৰীঁ দূৰ্গা পূজা উপলক্ষে আয়োজিত দূৰ্গোৎসৱৰ আৰম্ভণিতে সদ্যপ্ৰয়াত অসমৰ নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিত দেৱালয়ৰ দলৈ নলিনী শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। 


দেৱালয়ৰ জ্যেষ্ঠ বৰদেউৰী কৈলাশ শৰ্মাৰ লগতে জুবিনৰ সতীৰ্থ তথা অসমীয়া বোলছবিৰ বিশিষ্ট অভিনেতা নীৰেন শৰ্মা, মৃণাল দাস,সঞ্জয় দাস, বিকি শইকীয়া, দেৱালয়ৰ বিষয়ববীয়া আৰু উপস্থিত ভক্তপ্ৰাণ ৰাইজে পুষ্পাঞ্জলিৰে প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাষন প্ৰসঙ্গত সাংস্কৃতিক কৰ্মী তথা আন্তৰ্জাতিক খ্যাতিমান ক্ৰীড়াবিদ কৈলাশ শৰ্মাই কয় যে, জুবিনৰ বিয়োগত অসমীয়া জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰখনে এক বৃহৎ ক্ষতিৰ সন্মূখীন হল। 


শৰ্মাই লগতে উল্লেখ কৰে যে, জুবিনৰ মৃত্যুৰ এক শক্তিশালী তদন্ত হব লাগে আৰু দোষী সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে এই সকল দেশদ্ৰোহী ব্যক্তিৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি সম্পুৰ্নৰূপে বাজেয়াপ্ত কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে দূৰ্গতিনাশিনী- মহিষাসুৰ মৰ্দিনী আদ্যশক্তি মা দূৰ্গাৰ ওচৰত দোষী সকলক চৰম শাস্তি বিহিবলৈ প্ৰাৰ্থনা জনায়। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ