--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাত HRINIKINANDI LLC নামৰ এটা কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত আছে। এই কোম্পানীটোৰ সৈতে বহু কোটি টকাৰ বিনিয়োগ আৰু আতিথ্য খণ্ডৰ প্ৰকল্পৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পৰ্ক আছে।

ডিজিটেল ডেস্ক: বিধানসভাৰ নির্বাচনলৈ মাজত আৰু মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নির্বাচন আয়োগৰ দ্বাৰস্থ হয় প্রদেশ কংগ্ৰেছ। 


ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল, এ আই চি চিৰ সম্পাদক মনোজ চৌহান আৰু জালুকবাৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্রতিনিধি দলে অসমৰ মুখ্য নির্বাচন বিষয়াক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শপতনামাত মিছাৰ আশ্রয় লোৱাৰ অভিযোগ তুলি প্রার্থিত্ব খাৰিজৰ দাবীৰে এখন অভিযোগ-পত্র দাখিল কৰে। 


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপতনামাৰ সন্দৰ্ভত কেতবোৰ আপত্তি দর্শাই দাখিল কৰা এই অভিযোগ-পত্ৰৰ জৰিয়তে অৱগত কৰা বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্য নির্বাচন বিষয়াগৰাকীক কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অনুৰোধ জনায়। কংগ্রেছে অভিযোগ-পত্ৰখনত উল্লেখ কৰা অনুসৰি ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে দাখিল কৰা নিৰ্বাচনী শপতনামাত হিমন্ত বিশ্ব শর্মাই ইচ্ছাকৃতভাৱে সম্পত্তি গোপন কৰা বিষয়টোৰ ওপৰত তাৎক্ষণিকভাৱে গুৰুত্ব প্রদান কৰিব লাগে, দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা নিৰ্বাচনী শপতনামাৰ সত্যতা আৰু সম্পূৰ্ণতাৰ ওপৰত এক তাৎক্ষণিক আৰু পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিব লাগে আৰু তৃতীয়তে হিমন্ত বিশ্ব শৰ্মাৰ নির্বাচনী শপতনামাখন ত্রুটীপূৰ্ণ হোৱাৰ ভিত্তিত তেওঁৰ প্ৰাৰ্থিত্ব খাৰিজ কৰাৰ বাবে উপযুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। 


আনহাতে, মিছা শপতনামা দাখিল কৰাৰ বাবে জনপ্রতিনিধিত্ব আইন-১৯৫১ৰ ১২৫এ ধাৰাৰ অধীনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিব লাগে বুলিও অভিযোগ-পত্ৰখনত উল্লেখ কৰা হৈছে। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি সোমবাৰে কংগ্ৰেছৰ নেতা স্বপন দাসে ই ডিৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। 


এই এজাহাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বৃহৎ পৰিমাণৰ ক'লা ধন ডুবাই আৰু আমেৰিকাত থকা বুলি অভিযোগ উত্থাপন কৰি কংগ্রেছ নেতাগৰাকীয়ে এজাহাৰত উল্লেখ কৰে যে আমেৰিকাত HRINIKINANDI LLC নামৰ এটা কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত আছে। এই কোম্পানীটোৰ সৈতে বহু কোটি টকাৰ বিনিয়োগ আৰু আতিথ্য খণ্ডৰ প্ৰকল্পৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পৰ্ক আছে। সেইবাবে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে Prevention of Money Laundering Act (PMLA)-ৰ অধীনত Enforce-ment Case Information Report (ECIR)ত গোচৰ ৰুজু কৰাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে আহ্বান জনায়।3


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ