--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ই ভি এমত প্ৰাৰ্থীৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ প্ৰক্ৰিয়া ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে জিলা নির্বাচনী বিষয়াসকলে নিৰ্ধাৰিত স্থানত সম্পন্ন কৰে।

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ইলেক্ট্রনিক ভোটিং মেচিনসমূহত (ই ভি এম) প্ৰাৰ্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাৰ্য ৰাজ্যৰ ১২৬টা সমষ্টিতে সফলভাৱে সম্পন্ন কৰা হৈছে। কালি এই কথা ঘোষণা কৰে ৰাজ্যিক নির্বাচন আয়োগে। 


এক বিবৃতিযোগে আয়োগে প্রকাশ কৰে যে ই ভি এমত প্ৰাৰ্থীৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ প্ৰক্ৰিয়া ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে জিলা নির্বাচনী বিষয়াসকলে নিৰ্ধাৰিত স্থানত সম্পন্ন কৰে। এই কাম কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰতিদ্বন্দ্বী প্রার্থীসকল অথবা তেওঁলোকৰ অনুমতিপ্রাপ্ত প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন কৰা হয়। এই কাম কৰাত ইলেক্‌ট্রনিকছ কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীসকলে সহযোগ কৰে। 


মুঠ ৪১,৩২০টা বেলট ইউনিট, ৪৩,৯৭৫টা কন্ট্রোল ইউনিট আৰু ৪৩,৯৯৭টা ভি ভি পি এ টি ইউনিটত প্রার্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰা বুলি আয়োগে প্রকাশ কৰে। অসমৰ মুঠ ৩১,৪৯০টা ভোটগ্রহণ কেন্দ্রত প্রয়োজন হ'লে ব্যৱহাৰৰ বাবে সংৰক্ষিত মেচিনসমূহো ইয়াত অন্তর্ভুক্ত আছে।


উৎসঃ দৈনিক জনমভূমি 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ