--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ই ভি এমত প্ৰাৰ্থীৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ প্ৰক্ৰিয়া ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে জিলা নির্বাচনী বিষয়াসকলে নিৰ্ধাৰিত স্থানত সম্পন্ন কৰে।

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ইলেক্ট্রনিক ভোটিং মেচিনসমূহত (ই ভি এম) প্ৰাৰ্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাৰ্য ৰাজ্যৰ ১২৬টা সমষ্টিতে সফলভাৱে সম্পন্ন কৰা হৈছে। কালি এই কথা ঘোষণা কৰে ৰাজ্যিক নির্বাচন আয়োগে। 


এক বিবৃতিযোগে আয়োগে প্রকাশ কৰে যে ই ভি এমত প্ৰাৰ্থীৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ প্ৰক্ৰিয়া ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে জিলা নির্বাচনী বিষয়াসকলে নিৰ্ধাৰিত স্থানত সম্পন্ন কৰে। এই কাম কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰতিদ্বন্দ্বী প্রার্থীসকল অথবা তেওঁলোকৰ অনুমতিপ্রাপ্ত প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন কৰা হয়। এই কাম কৰাত ইলেক্‌ট্রনিকছ কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীসকলে সহযোগ কৰে। 


মুঠ ৪১,৩২০টা বেলট ইউনিট, ৪৩,৯৭৫টা কন্ট্রোল ইউনিট আৰু ৪৩,৯৯৭টা ভি ভি পি এ টি ইউনিটত প্রার্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰা বুলি আয়োগে প্রকাশ কৰে। অসমৰ মুঠ ৩১,৪৯০টা ভোটগ্রহণ কেন্দ্রত প্রয়োজন হ'লে ব্যৱহাৰৰ বাবে সংৰক্ষিত মেচিনসমূহো ইয়াত অন্তর্ভুক্ত আছে।


উৎসঃ দৈনিক জনমভূমি 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু