--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে নিশা ৰাবাৰবিল গাঁৱৰ পিৰটোজ বিলুং, অহদাৰ মুণ্ডা, সুৰজ কুমাৰ আৰু দীপ কুমাৰৰ বাসগৃহ ভাঙি পেলায়।

ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ৰঙাপৰাৰ ৰাবাৰবিলত বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ৷ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাবাৰবিলৰ চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি ক্ষতি সাধন কৰে। 


খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে নিশা ৰাবাৰবিল গাঁৱৰ পিৰটোজ বিলুং, অহদাৰ মুণ্ডা, সুৰজ কুমাৰ আৰু দীপ কুমাৰৰ বাসগৃহ ভাঙি পেলায়। বনৰীয়া হাতীয়ে পিৰটোজ বিলুঙৰ বাসগৃহৰ পকীৰ বেৰখনৰ ভাঙি পেলোৱাত ঘৰৰ ভিতৰত শুই থকা ব্যক্তিজনৰ পত্নী ৰাজনী মুণ্ডা আৰু দহ বছৰীয়া সন্তান ইৰনিউছ বিলুং গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। 


ইফালে দিপ কুমাৰৰ বাসগৃহটি ভাঙি পেলোৱাৰ পাছত বনৰীয়া হাতীটোৰ সৈতে মুখামুখি হয়। বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা কুমাৰৰ পৰিয়ালটো কথমপি প্ৰাণ ৰক্ষা পৰে। ৰঙাপৰাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্থানীয় ৰাইজে আমাৰিবাৰী মাধ্যম বনাঞ্চলিক কাৰ্যালয়ক দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ