ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ৰঙাপৰাৰ ৰাবাৰবিলত বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ৷ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাবাৰবিলৰ চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি ক্ষতি সাধন কৰে।
খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে নিশা ৰাবাৰবিল গাঁৱৰ পিৰটোজ বিলুং, অহদাৰ মুণ্ডা, সুৰজ কুমাৰ আৰু দীপ কুমাৰৰ বাসগৃহ ভাঙি পেলায়। বনৰীয়া হাতীয়ে পিৰটোজ বিলুঙৰ বাসগৃহৰ পকীৰ বেৰখনৰ ভাঙি পেলোৱাত ঘৰৰ ভিতৰত শুই থকা ব্যক্তিজনৰ পত্নী ৰাজনী মুণ্ডা আৰু দহ বছৰীয়া সন্তান ইৰনিউছ বিলুং গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
ইফালে দিপ কুমাৰৰ বাসগৃহটি ভাঙি পেলোৱাৰ পাছত বনৰীয়া হাতীটোৰ সৈতে মুখামুখি হয়। বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা কুমাৰৰ পৰিয়ালটো কথমপি প্ৰাণ ৰক্ষা পৰে। ৰঙাপৰাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্থানীয় ৰাইজে আমাৰিবাৰী মাধ্যম বনাঞ্চলিক কাৰ্যালয়ক দাবী জনাইছে।