--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। সৰুসজাইত প্ৰয়োজনত দুদিনৰ বাবেও ৰখা হ’ব পাৰে নশ্বৰদেহ।’’

ডিজিটেল ডেস্কঃ অসম আজি বাকৰুদ্ধ, অসম আজি স্তব্ধ। এটা সোণালী যুগৰ হঠাতে পৰিসমাপ্তি ঘটিল। ছিংগাপুৰৰ পৰা শুকুৰবাৰে আহিলে অতি দুখৰ খবৰটো। অসমবাসীক দুখৰ সাগৰত পেলাই অজান দেশলৈ গ’লগৈ হিয়াৰ আমঠু জুবিন গাৰ্গ। সকলোৰে ঘৰত দুখৰ বন্যা। টোপনি নাই অধিকাংশৰে চকুত। নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা।


মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘শনিবাৰে পুৱাৰ ভাগত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। শনিবাৰে বিয়লিহে জুবিনৰ নশ্বৰদেহ আহি পোৱাৰ সম্ভাৱনা। সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। সৰুসজাইত প্ৰয়োজনত দুদিনৰ বাবেও ৰখা হ’ব পাৰে নশ্বৰদেহ।’’


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাহিলীপাৰাৰ ঘৰলৈ অনা হ’ব জুবিনৰ নশ্বৰদেহ। কাহিলীপাৰাত কেৱল পৰিয়ালৰ লোকেহে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। 


শেষকৃত্যৰ স্থান পৰিয়ালৰে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি জনোৱাৰ লগতে শেষকৃত্যৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।


সমাধিক্ষেত্ৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘যোৰহাটবাসীয়ে যোৰহাটত সমাধিক্ষেত্ৰ হোৱাটো বিচাৰিছে। সৎকাৰ আৰু সমাধিক্ষেত্ৰৰ কথা পৃথকে আলোচনা কৰিম।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ