--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। সৰুসজাইত প্ৰয়োজনত দুদিনৰ বাবেও ৰখা হ’ব পাৰে নশ্বৰদেহ।’’

ডিজিটেল ডেস্কঃ অসম আজি বাকৰুদ্ধ, অসম আজি স্তব্ধ। এটা সোণালী যুগৰ হঠাতে পৰিসমাপ্তি ঘটিল। ছিংগাপুৰৰ পৰা শুকুৰবাৰে আহিলে অতি দুখৰ খবৰটো। অসমবাসীক দুখৰ সাগৰত পেলাই অজান দেশলৈ গ’লগৈ হিয়াৰ আমঠু জুবিন গাৰ্গ। সকলোৰে ঘৰত দুখৰ বন্যা। টোপনি নাই অধিকাংশৰে চকুত। নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা।


মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘শনিবাৰে পুৱাৰ ভাগত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। শনিবাৰে বিয়লিহে জুবিনৰ নশ্বৰদেহ আহি পোৱাৰ সম্ভাৱনা। সৰুসজাইত এদিনৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। সৰুসজাইত প্ৰয়োজনত দুদিনৰ বাবেও ৰখা হ’ব পাৰে নশ্বৰদেহ।’’


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাহিলীপাৰাৰ ঘৰলৈ অনা হ’ব জুবিনৰ নশ্বৰদেহ। কাহিলীপাৰাত কেৱল পৰিয়ালৰ লোকেহে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। 


শেষকৃত্যৰ স্থান পৰিয়ালৰে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি জনোৱাৰ লগতে শেষকৃত্যৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।


সমাধিক্ষেত্ৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘যোৰহাটবাসীয়ে যোৰহাটত সমাধিক্ষেত্ৰ হোৱাটো বিচাৰিছে। সৎকাৰ আৰু সমাধিক্ষেত্ৰৰ কথা পৃথকে আলোচনা কৰিম।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ