--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেওবাৰে ধৰমশালাৰ উক্ত মন্দিৰত উদযাপন কৰা হৈছিল চতুৰ্দশ দালাই লামাৰ ৯০ সংখ্যক জন্মদিন

ডিজিটেল ডেস্ক : দেওবাৰে পুৱা অহা প্ৰবল বৰষুণেও ধৰমশালাত থকা দালাই লামাৰ মন্দিৰ ছুগলাগখাঙৰ মূল প্রাংগণত সমৱেত হাজাৰ হাজাৰ লোকৰ উৎসাহ ম্লান পেলাব পৰা নাছিল।


দেওবাৰে ধৰমশালাৰ উক্ত মন্দিৰত উদযাপন কৰা হৈছিল চতুৰ্দশ দালাই লামাৰ ৯০ সংখ্যক জন্মদিন। চীনে পৰৱৰ্তী দালাই লামাৰ বাছনিৰ বিৰোধিতা কৰাৰ বাবে বৰ্তমানৰ দালাই লামাৰ পাছত উত্তৰাধিকাৰী থাকিব নে নাথাকে সেই লৈ বিশ্বজুৰি গুণা-গঁথা চলি থকাৰ মাজতেই তেওঁৰ জন্মদিন উলহ-মালহেৰে উদযাপন কৰা হয়। এই জন্মদিৱসত তিব্বতী বৌদ্ধৰ বিভিন্ন পন্থাৰ লোক, বিদ্যালয়ৰ শিশু, বিভিন্ন দেশৰ নৃত্যশিল্পী আৰু কণ্ঠশিল্পী তথা বিশ্বৰ বিভিন্ন দেশৰ বৌদ্ধ লোক উপস্থিত আছিল।


দালাই লামা আৰু বিশ্ব শান্তি আৰু ধর্মীয় সমন্বয়ৰ বাবে তেওঁৰ অবিৰত চেষ্টাক সন্মান জনাই দেশ-বিদেশৰ ৰাজনৈতিক নেতাও এই জন্মদিনৰ অংশীদাৰ হৈছিল। এটা ন তৰপীয়া কে'কৰ সন্মুখত বহি উক্ত জন্মদিৱস অনুষ্ঠানত দালাই লামা টেনজিন গিয়াটছোৱে কয়, 'মোৰ ক্ষেত্ৰত, মই বোধিসত্বৰ জীৱনশৈলী শান্তিদেৱৰ বোধিসত্বচৰ্যাৱতাৰলৈ মনত পেলাওঁ। সকলো সংবেদনশীল প্রাণীকে মোৰ আত্মীয় আৰু বন্ধু বুলি বিবেচনা কৰোঁ আৰু মই সদায় সকলো সংবেদনশীল প্রাণীকে মোৰ সৰ্বোচ্চ ক্ষমতাকে সেৱা আগবঢ়োৱাৰ কথা ভাবোঁ।


এই জন্মদিৱস উদযাপনত আপোনালোক অতি আনন্দেৰে ইয়ালৈ আহিছে। সেয়ে আপোনালোকক ধন্যবাদ।' কেন্দ্রীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু ৰাজীৱ ৰঞ্জন সিং, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মন্ত্ৰী ছোনম লামা আৰু হলিউডৰ অভিনেতা ৰিচাৰ্ড গেৰেয়েও ইয়াত সমৱেত লোকসকলৰ আগত ভাষণ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ