--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেওবাৰে ধৰমশালাৰ উক্ত মন্দিৰত উদযাপন কৰা হৈছিল চতুৰ্দশ দালাই লামাৰ ৯০ সংখ্যক জন্মদিন

ডিজিটেল ডেস্ক : দেওবাৰে পুৱা অহা প্ৰবল বৰষুণেও ধৰমশালাত থকা দালাই লামাৰ মন্দিৰ ছুগলাগখাঙৰ মূল প্রাংগণত সমৱেত হাজাৰ হাজাৰ লোকৰ উৎসাহ ম্লান পেলাব পৰা নাছিল।


দেওবাৰে ধৰমশালাৰ উক্ত মন্দিৰত উদযাপন কৰা হৈছিল চতুৰ্দশ দালাই লামাৰ ৯০ সংখ্যক জন্মদিন। চীনে পৰৱৰ্তী দালাই লামাৰ বাছনিৰ বিৰোধিতা কৰাৰ বাবে বৰ্তমানৰ দালাই লামাৰ পাছত উত্তৰাধিকাৰী থাকিব নে নাথাকে সেই লৈ বিশ্বজুৰি গুণা-গঁথা চলি থকাৰ মাজতেই তেওঁৰ জন্মদিন উলহ-মালহেৰে উদযাপন কৰা হয়। এই জন্মদিৱসত তিব্বতী বৌদ্ধৰ বিভিন্ন পন্থাৰ লোক, বিদ্যালয়ৰ শিশু, বিভিন্ন দেশৰ নৃত্যশিল্পী আৰু কণ্ঠশিল্পী তথা বিশ্বৰ বিভিন্ন দেশৰ বৌদ্ধ লোক উপস্থিত আছিল।


দালাই লামা আৰু বিশ্ব শান্তি আৰু ধর্মীয় সমন্বয়ৰ বাবে তেওঁৰ অবিৰত চেষ্টাক সন্মান জনাই দেশ-বিদেশৰ ৰাজনৈতিক নেতাও এই জন্মদিনৰ অংশীদাৰ হৈছিল। এটা ন তৰপীয়া কে'কৰ সন্মুখত বহি উক্ত জন্মদিৱস অনুষ্ঠানত দালাই লামা টেনজিন গিয়াটছোৱে কয়, 'মোৰ ক্ষেত্ৰত, মই বোধিসত্বৰ জীৱনশৈলী শান্তিদেৱৰ বোধিসত্বচৰ্যাৱতাৰলৈ মনত পেলাওঁ। সকলো সংবেদনশীল প্রাণীকে মোৰ আত্মীয় আৰু বন্ধু বুলি বিবেচনা কৰোঁ আৰু মই সদায় সকলো সংবেদনশীল প্রাণীকে মোৰ সৰ্বোচ্চ ক্ষমতাকে সেৱা আগবঢ়োৱাৰ কথা ভাবোঁ।


এই জন্মদিৱস উদযাপনত আপোনালোক অতি আনন্দেৰে ইয়ালৈ আহিছে। সেয়ে আপোনালোকক ধন্যবাদ।' কেন্দ্রীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু ৰাজীৱ ৰঞ্জন সিং, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মন্ত্ৰী ছোনম লামা আৰু হলিউডৰ অভিনেতা ৰিচাৰ্ড গেৰেয়েও ইয়াত সমৱেত লোকসকলৰ আগত ভাষণ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু