--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি SIT ৰ ওচৰত ভাষ্য প্ৰদান কৰিলে NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ ।

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অকাল বিয়োগৰ এটা মাহ উকলিল । অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ।


আজি SIT ৰ ওচৰত ভাষ্য প্ৰদান কৰিলে NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ ।


জুবিন গাৰ্গৰ সংগীতৰ ৰয়েলিটী আৰু কপিৰাইট সন্দৰ্ভত তথ্য ল'বলৈ মাতিছিল দেৱ বৰকটকীক । এই সন্দৰ্ভত SITক সকলো তথ্য প্ৰদান কৰিছে বৰকটকীয়ে


ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ হৈছিল দেৱ বৰকটকীৰ । জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সিদ্ধাৰ্থৰ অৱজ্ঞাৰ কথা উল্লেখ কৰিলে দেৱ বৰকটকীয়ে। অসুস্থ বুলি জানিওঁ সিদ্ধাৰ্থই সাগৰলৈ লৈ গৈছিল জুবিনক। 


তেওঁ কয়,'ছিংগাপুৰ যোৱাৰ অলপ দিনৰ আগত জুবিনক লগ পাইছিলো ৷ কৈছিল যে মই এতিয়া গানতকৈ চিনেমাৰ কাম কৰি আছো। সিদ্ধাৰ্থ শৰ্মাক মই ব্যক্তিগত ভাৱে চিনি নাপাও ৷ আগৰ সময়খিনিত তেওঁলোক নাছিল। পাছত তাৰচেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ সকলো চোৱাচিতা কৰিছিল।


আগলৈ তেওঁ কয়,'জুবিনৰ মৃত্যু চুড়ান্ত অৱহেলাৰ বাবে হ'ল ৷ সিদ্ধাৰ্থৰ ভুল সকলো৷ জুবিনৰ নিজৰ প্ৰডাকচনৰ ৰয়েলটি জুবিনে পায় ৷ যদি বেংক একাউন্টত সিদ্ধাৰ্থৰ নাম আছে তেন্তে তাত সোমাব ৷ সেইটো মই গম নাপাও।'



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ