--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি SIT ৰ ওচৰত ভাষ্য প্ৰদান কৰিলে NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ ।

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অকাল বিয়োগৰ এটা মাহ উকলিল । অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ।


আজি SIT ৰ ওচৰত ভাষ্য প্ৰদান কৰিলে NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ ।


জুবিন গাৰ্গৰ সংগীতৰ ৰয়েলিটী আৰু কপিৰাইট সন্দৰ্ভত তথ্য ল'বলৈ মাতিছিল দেৱ বৰকটকীক । এই সন্দৰ্ভত SITক সকলো তথ্য প্ৰদান কৰিছে বৰকটকীয়ে


ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ হৈছিল দেৱ বৰকটকীৰ । জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সিদ্ধাৰ্থৰ অৱজ্ঞাৰ কথা উল্লেখ কৰিলে দেৱ বৰকটকীয়ে। অসুস্থ বুলি জানিওঁ সিদ্ধাৰ্থই সাগৰলৈ লৈ গৈছিল জুবিনক। 


তেওঁ কয়,'ছিংগাপুৰ যোৱাৰ অলপ দিনৰ আগত জুবিনক লগ পাইছিলো ৷ কৈছিল যে মই এতিয়া গানতকৈ চিনেমাৰ কাম কৰি আছো। সিদ্ধাৰ্থ শৰ্মাক মই ব্যক্তিগত ভাৱে চিনি নাপাও ৷ আগৰ সময়খিনিত তেওঁলোক নাছিল। পাছত তাৰচেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ সকলো চোৱাচিতা কৰিছিল।


আগলৈ তেওঁ কয়,'জুবিনৰ মৃত্যু চুড়ান্ত অৱহেলাৰ বাবে হ'ল ৷ সিদ্ধাৰ্থৰ ভুল সকলো৷ জুবিনৰ নিজৰ প্ৰডাকচনৰ ৰয়েলটি জুবিনে পায় ৷ যদি বেংক একাউন্টত সিদ্ধাৰ্থৰ নাম আছে তেন্তে তাত সোমাব ৷ সেইটো মই গম নাপাও।'



FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন