--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাইৰ দক্ষিণ কেন্দুগুৰিৰ এগৰাকী ৭ বছৰীয়া কন্যাৰ মাতৃ সামাজিক মাধ্যমেৰে চিনাকি হৈছিল বিহাৰৰ এজন যুৱকৰ সৈতে। সম্পৰ্ক পাতি লোৱা হৈছিল ভায়েক বায়েক হিচাপে।

ডিজিটেল ডেস্কঃ ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মে নিঃশেষ কৰিছে বহুজনৰ সুখৰ সংসাৰ। হোজাই দক্ষিণ কেন্দুগুৰিত সংঘটিত হৈছে এক তেনে ঘটনা।


হোজাইৰ দক্ষিণ কেন্দুগুৰিৰ এগৰাকী ৭ বছৰীয়া কন্যাৰ মাতৃ সামাজিক মাধ্যমেৰে চিনাকি হৈছিল বিহাৰৰ এজন যুৱকৰ সৈতে। সম্পৰ্ক পাতি লোৱা হৈছিল ভায়েক বায়েক হিচাপে। সেই সূত্ৰে অহা যোৱা চলি ভাতৃত্ববোধ সম্পৰ্ক গঢ়ি উঠিছিল আৰু মহিলা গৰাকীৰ স্বামীয়েও সহজভাৱে লৈছিল সকলো ঘটনা। সহজভাৱে লোৱা এই কাৰ্যই কাল হল সোমনাথ বাঢ়ৈ নামৰ লোকজনৰ।


চলিত মাহৰ ১৭জুলাইত নিৰুদ্দেশ হল সোমনাথ বাঢ়ৈৰ পত্নী আৰু কন্যা।প্ৰথম অৱস্থাত ঘটনাৰ একো ভূ পোৱা নাছিল বাবে হোজাই থানাত দাখিল কৰিছিল নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ। পৰৱৰ্তী সময়ত ঘৰৰ টকা পইচা, সোণৰ গহনা নোহোৱা হোৱাতহে ঘটনাৰ উমান পালে যে বিহাৰৰ যুৱকজন আৰু নিজ পত্নীৰ মোবাইল বন্ধ। নিৰুদ্দেশ মহিলাগৰাকীৰ স্বামী সোমনাথৰ মতে বিহাৰৰ যুৱকজনৰ নাম বিকাশ আহনীয়ান, কিন্তু বেংকৰ নাম দাৰোগা কুমাৰ।


বৰ্তমান অসহায় স্বামী সোমনাথ বাঢ়ৈয়ে পুনৰ কাষ চাপিছে হোজাই আৰক্ষীৰ আৰু সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। বিহাৰৰ যুৱকজনৰ আৰু পত্নী কন্যাৰ ফটো ৰাজহুৱা কৰি বিহাৰৰ যুৱক জনক উচিত শাস্তি পোৱাৰ লগতে নিজ পত্নী আৰু কন্যাক উদ্ধাৰৰ আহ্বান জনাইছে।


বৰ্তমান নিজ কন্যাক হেৰুৱাই দুখত ভাগি পৰিছে সোমনাথ বাঢ়ৈ। কোনো সদাশয় লোকে মাতৃ কন্যাৰ সন্ধান লাভ কৰে তেন্তে 8514034707 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পিতৃ, স্বামী আৰু স্থানীয় ৰাইজৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ