--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাইৰ দক্ষিণ কেন্দুগুৰিৰ এগৰাকী ৭ বছৰীয়া কন্যাৰ মাতৃ সামাজিক মাধ্যমেৰে চিনাকি হৈছিল বিহাৰৰ এজন যুৱকৰ সৈতে। সম্পৰ্ক পাতি লোৱা হৈছিল ভায়েক বায়েক হিচাপে।

ডিজিটেল ডেস্কঃ ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মে নিঃশেষ কৰিছে বহুজনৰ সুখৰ সংসাৰ। হোজাই দক্ষিণ কেন্দুগুৰিত সংঘটিত হৈছে এক তেনে ঘটনা।


হোজাইৰ দক্ষিণ কেন্দুগুৰিৰ এগৰাকী ৭ বছৰীয়া কন্যাৰ মাতৃ সামাজিক মাধ্যমেৰে চিনাকি হৈছিল বিহাৰৰ এজন যুৱকৰ সৈতে। সম্পৰ্ক পাতি লোৱা হৈছিল ভায়েক বায়েক হিচাপে। সেই সূত্ৰে অহা যোৱা চলি ভাতৃত্ববোধ সম্পৰ্ক গঢ়ি উঠিছিল আৰু মহিলা গৰাকীৰ স্বামীয়েও সহজভাৱে লৈছিল সকলো ঘটনা। সহজভাৱে লোৱা এই কাৰ্যই কাল হল সোমনাথ বাঢ়ৈ নামৰ লোকজনৰ।


চলিত মাহৰ ১৭জুলাইত নিৰুদ্দেশ হল সোমনাথ বাঢ়ৈৰ পত্নী আৰু কন্যা।প্ৰথম অৱস্থাত ঘটনাৰ একো ভূ পোৱা নাছিল বাবে হোজাই থানাত দাখিল কৰিছিল নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ। পৰৱৰ্তী সময়ত ঘৰৰ টকা পইচা, সোণৰ গহনা নোহোৱা হোৱাতহে ঘটনাৰ উমান পালে যে বিহাৰৰ যুৱকজন আৰু নিজ পত্নীৰ মোবাইল বন্ধ। নিৰুদ্দেশ মহিলাগৰাকীৰ স্বামী সোমনাথৰ মতে বিহাৰৰ যুৱকজনৰ নাম বিকাশ আহনীয়ান, কিন্তু বেংকৰ নাম দাৰোগা কুমাৰ।


বৰ্তমান অসহায় স্বামী সোমনাথ বাঢ়ৈয়ে পুনৰ কাষ চাপিছে হোজাই আৰক্ষীৰ আৰু সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। বিহাৰৰ যুৱকজনৰ আৰু পত্নী কন্যাৰ ফটো ৰাজহুৱা কৰি বিহাৰৰ যুৱক জনক উচিত শাস্তি পোৱাৰ লগতে নিজ পত্নী আৰু কন্যাক উদ্ধাৰৰ আহ্বান জনাইছে।


বৰ্তমান নিজ কন্যাক হেৰুৱাই দুখত ভাগি পৰিছে সোমনাথ বাঢ়ৈ। কোনো সদাশয় লোকে মাতৃ কন্যাৰ সন্ধান লাভ কৰে তেন্তে 8514034707 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পিতৃ, স্বামী আৰু স্থানীয় ৰাইজৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ