--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সময়ছোৱাত কূটাঘাতকাৰীয়ে গুৱাহাটী মহানগৰত কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি আৰক্ষী-প্রশাসনে নিৰাপত্তা ব্যবস্থা শক্তিশালী কৰি তুলিছে

ডিজিটেল ডেস্ক : সমাগত দেশৰ স্বাধীনতা দিৱস। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্রস্তুতি আৰম্ভ হৈছে।


এই সময়ছোৱাত কূটাঘাতকাৰীয়ে গুৱাহাটী মহানগৰত কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি আৰক্ষী-প্রশাসনে নিৰাপত্তা ব্যবস্থা শক্তিশালী কৰি তুলিছে। স্বাধীনতা দিৱসৰ পূৰ্বে মহানগৰ আৰক্ষী- প্রশাসনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। স্বাধীনতা দিৱসৰ সময়ছোৱাত মহানগৰত যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় তাৰ প্রতি দৃষ্টি ৰাখি চৌদিশে আৰক্ষী সষ্টম হৈ পৰাৰ লগতে নিশা আৰক্ষী আৰু চি আৰ পি এফৰ দলে বিভিন্ন পথত তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে।


পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত আটাইকেইখন থানা এলেকাত আৰক্ষীয়ে দিনে-ৰাতিয়ে নাকা তালাচীৰ ব্যৱস্থা কৰি যান-বাহনসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে সন্দেহযুক্ত লোকৰ ওপৰত অধিক লক্ষ্য ৰাখিছে। আৰক্ষীৰ এই অভিযান দিনৰ ভাগতো একাংশ স্থানত অব্যাহত আছে। বিশেষকৈ মহানগৰৰ স্পৰ্শকাতৰ, পাহাৰীয়া আৰু বস্তি অঞ্চলসমূহত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে। খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে। তদুপৰি নদী আৰক্ষীয়েও ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নজৰ ৰখাৰ লগতে নাৱেৰে যাতে কোনো দুষ্কৃতিকাৰী গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিছে। ইফালে আটাইকেইটা ৰে'ল ষ্টেছনতে বহিঃৰাজ্যৰ পৰা অহা যাত্রীবাহী ৰে'লসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা স্বাধীনে ই মেইলযোগে ৰাজ্যৰ ২৫টা স্থানত বোমা সংস্থাপন কৰাৰ খবৰ দিয়াৰ পাছতেই সমগ্ৰ ৰাজ্যতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে থৰ-কাছুটি হেৰুৱাইছিল অসম আৰক্ষীয়ে। স্বাধীনতা দিৱসৰ কেই বাদিনো পূৰ্বৰে পৰা আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে ৰাজ্যৰ ঠায়ে ঠায়ে নাকা চেকিং, তালাচী অভিযান অব্যাহত ৰখাৰ মাজতে সকলোবোৰ ফুটুকাৰ ফেন কৰি স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি ২০২৪ বৰ্ষৰ ১৫ আগষ্টৰ দিনটোত ৰাজ্যৰ য'তে-ত'তে বোমা সংস্থাপন কৰাৰ দাবী কৰি আলফা স্বাধীনে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল।


প্ৰধানকৈ আৰক্ষী, অর্ধসামৰিক বাহিনীৰে দপদপাই থকা তথা ভি আই পি-ভি ভি আই পিৰে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰৰ গুৱাহাটীতো আৰক্ষীৰ নাকৰ তলতে ৮ টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পাছত কেইবাটাও স্থানৰ পৰা আৰক্ষীয়ে বোমা সদৃশ বিস্ফোৰক উদ্ধাৰ কৰিছিল। যাৰ ফলত পূৰ্বৰ বছৰৰ দৰে এইবাৰো যাতে কোনো উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱসৰ দিনটোত কোনোধৰণৰ কূটাঘাতৰ পৰিকল্পনা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য