--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সময়ছোৱাত কূটাঘাতকাৰীয়ে গুৱাহাটী মহানগৰত কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি আৰক্ষী-প্রশাসনে নিৰাপত্তা ব্যবস্থা শক্তিশালী কৰি তুলিছে

ডিজিটেল ডেস্ক : সমাগত দেশৰ স্বাধীনতা দিৱস। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্রস্তুতি আৰম্ভ হৈছে।


এই সময়ছোৱাত কূটাঘাতকাৰীয়ে গুৱাহাটী মহানগৰত কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি আৰক্ষী-প্রশাসনে নিৰাপত্তা ব্যবস্থা শক্তিশালী কৰি তুলিছে। স্বাধীনতা দিৱসৰ পূৰ্বে মহানগৰ আৰক্ষী- প্রশাসনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। স্বাধীনতা দিৱসৰ সময়ছোৱাত মহানগৰত যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় তাৰ প্রতি দৃষ্টি ৰাখি চৌদিশে আৰক্ষী সষ্টম হৈ পৰাৰ লগতে নিশা আৰক্ষী আৰু চি আৰ পি এফৰ দলে বিভিন্ন পথত তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে।


পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত আটাইকেইখন থানা এলেকাত আৰক্ষীয়ে দিনে-ৰাতিয়ে নাকা তালাচীৰ ব্যৱস্থা কৰি যান-বাহনসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে সন্দেহযুক্ত লোকৰ ওপৰত অধিক লক্ষ্য ৰাখিছে। আৰক্ষীৰ এই অভিযান দিনৰ ভাগতো একাংশ স্থানত অব্যাহত আছে। বিশেষকৈ মহানগৰৰ স্পৰ্শকাতৰ, পাহাৰীয়া আৰু বস্তি অঞ্চলসমূহত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে। খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে। তদুপৰি নদী আৰক্ষীয়েও ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নজৰ ৰখাৰ লগতে নাৱেৰে যাতে কোনো দুষ্কৃতিকাৰী গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিছে। ইফালে আটাইকেইটা ৰে'ল ষ্টেছনতে বহিঃৰাজ্যৰ পৰা অহা যাত্রীবাহী ৰে'লসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা স্বাধীনে ই মেইলযোগে ৰাজ্যৰ ২৫টা স্থানত বোমা সংস্থাপন কৰাৰ খবৰ দিয়াৰ পাছতেই সমগ্ৰ ৰাজ্যতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে থৰ-কাছুটি হেৰুৱাইছিল অসম আৰক্ষীয়ে। স্বাধীনতা দিৱসৰ কেই বাদিনো পূৰ্বৰে পৰা আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে ৰাজ্যৰ ঠায়ে ঠায়ে নাকা চেকিং, তালাচী অভিযান অব্যাহত ৰখাৰ মাজতে সকলোবোৰ ফুটুকাৰ ফেন কৰি স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি ২০২৪ বৰ্ষৰ ১৫ আগষ্টৰ দিনটোত ৰাজ্যৰ য'তে-ত'তে বোমা সংস্থাপন কৰাৰ দাবী কৰি আলফা স্বাধীনে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল।


প্ৰধানকৈ আৰক্ষী, অর্ধসামৰিক বাহিনীৰে দপদপাই থকা তথা ভি আই পি-ভি ভি আই পিৰে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰৰ গুৱাহাটীতো আৰক্ষীৰ নাকৰ তলতে ৮ টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পাছত কেইবাটাও স্থানৰ পৰা আৰক্ষীয়ে বোমা সদৃশ বিস্ফোৰক উদ্ধাৰ কৰিছিল। যাৰ ফলত পূৰ্বৰ বছৰৰ দৰে এইবাৰো যাতে কোনো উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱসৰ দিনটোত কোনোধৰণৰ কূটাঘাতৰ পৰিকল্পনা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল