--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বহিৰাগত বণিয়াৰ লগতে নাগৰিকত্বৰ সন্দেহজনক লোকৰ সমান্তৰালভাৱে স্থানীয় লোকেও সুযোগ বুজি টোকোলাইত বেদখল অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক : যোৰহাটৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈ আৰু টোকোলাই জানৰ দুয়ো কাষে দীর্ঘদিনৰ পৰা অবাধ গতিত চলি থকা ভয়ানক বেদখলৰ ফলত বৃহত্তৰ যোৰহাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ভিন্ন সামাজিক অপৰাধে গা কৰি উঠাৰ লগতে সামগ্রিকভাৱে পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে।


উল্লেখযোগ্য যে এসময়ৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে প্রাতঃ আৰু সান্ধ্য ভ্ৰমণৰ বাবে ভোগদৈ নৈৰ পূজাডুবি অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় উপ-পথ তথা বৰ্তমানৰ চাৰিলেনযুক্ত পথৰ সমীপলৈকে দুয়ো পাৰে নিৰাপদজনক তথা নাগৰিকৰ মুক্ত বিচৰণৰ নিৰাপদস্থলী আছিল যদিও সেই পৰিৱেশ এতিয়া চকুৰ পচাৰতে নিচেই কম দিনৰ ভিতৰতে সলনি হৈ পৰিল।


বিশেষকৈ উক্ত অঞ্চলটোত ভোগদৈৰ দুয়ো কাষে অবাধ গতিত সন্দেহজনক লোকৰ বসতিস্থল হৈ পৰাৰ লগতে আন একাংশ থলুৱা লোকেও নৈৰ ভিতৰৰ অংশ বেদখল কৰি স্থায়ী নিৰ্মাণকাৰ্যৰে বসবাস কৰাৰ উপৰি ভিন্ন ব্যৱসায় চলাবলৈ সুবিধা লাভ কৰিছে। ফলত ভোগদৈৰ পাৰৰ সংশ্লিষ্ট এলেকাৰ ঠাই বিশেষে চোৰ-ডকাইতৰ আশ্রয়স্থলৰ লগতে ড্ৰাগছৰ ঘাটিৰ দৰে অপৰাধেও গা-কৰি উঠিবলৈ সুবিধা পাইছে।


ভোগদৈৰ পাৰৰ ভিন্ন স্থানত হোৱা অবাধ বেদখলৰ গইনাৰে গঢ় লৈ উঠা মদ, ভাং আৰু ভিন্ন ড্রাগকে ধৰি অবাধ নিচাজাতীয় দ্ৰব্যৰ বেহাৰ ঘাটিত বিগত সময়ত কেইবাটাও হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধো সংঘটিত হৈছে। তেনেদৰে যোৰহাটৰ মাজেৰে বৈ যোৱা এসময়ৰ নগৰখনৰ আৱাসিক আৰু ব্যাৱসায়িক এলেকাৰ পানী ওলাই যোৱাৰ স্বাভাৱিক ব্যৱস্থা টোকোলাই জানখনো এতিয়া বহিৰাগত বণিয়াৰ বেদখলৰ গ্ৰাসত একপ্ৰকাৰ মৃত অৱস্থালৈ গতি কৰিবলৈ বাধ্য হৈছে। বহিৰাগত বণিয়াৰ লগতে নাগৰিকত্বৰ সন্দেহজনক লোকৰ সমান্তৰালভাৱে স্থানীয় লোকেও সুযোগ বুজি টোকোলাইত বেদখল অব্যাহত ৰাখিছে। আনকি টোকোলাইৰ বেদখলত যোৰহাট পৌৰসভাৰ বৰ্তমানৰ পৌৰসদস্যও পিছপৰি ৰোৱা নাই। বিজেপিৰ নেতৃত্বৰ পৌৰসভাৰ সদস্যই টোকোলাইজান বেদখল কৰি নিজৰ গৃহ নিৰ্মাণৰ বাবে সুবিধা কৰি লোৱাৰো গুৰুতৰ অভিযোগ উঠিছে। ইফালে ভোগদৈ নৈৰ দুয়োপাৰ আৰু টোকোলাই জানৰ দুয়ো দিশত অবাধ গতিত দীর্ঘদিনৰ পৰা অব্যাহত থকা অবাধ বেদখলৰ সমান্তৰালভাৱে পূজাডুবি অঞ্চলকে ধৰি বৃহত্তৰ অঞ্চলসমূহত গা কৰি উঠি অসামাজিক কার্যকলাপ তথা ভিন্ন অপৰাধৰ ঘাটিসমূহ তাৎক্ষণিকভাৱে উচ্ছেদ কৰি শৈক্ষিক নগৰী যোৰহাটৰ কলুষিত পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিয়ে শুকুৰবাৰে জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ মহানগৰ সমিতিৰ সভাপতি দেৱজিৎ বৰুৱা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঋতুপর্ণ ভৰদ্বাজে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰত উল্লেখ কৰিছে যে দীর্ঘদিন ধৰি ভৌগদৈ নদীখনৰ দুয়োপাৰে যোৰহাট পূজাডুবিৰ পৰা আৰম্ভ কৰি চাৰিলেনযুক্ত পথৰ সমীপলৈকে একাংশ সন্দেহজনক মানুহে বেদখল কৰি নিগাজিকৈ ঘৰ সাজি বসবাস কৰি আহিছে।


বিশেষকৈ এই পূজাডুবি অঞ্চলৰ বে-দখল এলেকাত বিভিন্ন অসামাজিক কাম-কাজৰ লগতে ড্ৰাগছ, মদকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী সৰবৰাহ লগতে সঘনাই চুৰিও সংঘটিত হয়। ভোগদৈ নদীৰ দুয়োপাৰে হোৱা ব্যাপক বেদখলে নদীখনত মলমূত্ৰৰ উপৰি বিভিন্ন প্লাষ্টিক, জাবৰ-জোঁথৰ আদিয়ে নদীখন প্ৰদূষিত কৰিছে। সেয়ে সন্দেহজনক নাগৰিকৰ দ্বাৰা বে-দখলৰ কবলত থকা ঐতিহাসিক ভোগদৈ নদীখন বেদখলমুক্ত কৰিবলৈ আৰু অন্যহাতে টোকোলাই জানটো বেদখলৰ কবলত পৰি দূষিত হোৱাৰ লগতে কদর্যময় পৰিৱেশ আৰু ভৱিষ্যতে টোকোলাই নিশ্চিহ্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়। অন্যহাতে, টোকোলাই আৰু ভোগদৈত অবাধ গতিত বেদখল হৈ থকাৰ পাছতো জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ দৃষ্টিগোচৰ নোহোৱাটো অতি দুর্ভাগ্যজনক বিষয় বুলি উল্লেখ কৰি পূজাডুবি অঞ্চলত সন্দহজনক নাগৰিকে ভোগদৈ নদীৰ গৰ্ভলৈকে দখল কৰাৰ অভিযোগ আছে বুলিও স্মাৰক-পত্ৰত উল্লেখ কৰে। ইমানৰ পাছতো জিলা প্রশাসনে নেদেখাৰ লগতে নজনাৰ ভাও ধৰি আহিছে বুলি উল্লেখ কৰি একাংশ দখলকাৰীয়ে টোকোলাইজানৰ ওপৰত ব্যক্তিগতভাৱে পাৰাপাৰ হ'ব পৰাকৈ দলং নিৰ্মাণ কৰি লোৱাৰ ক'ত অধিকাৰ পালে বুলিও যুৱ-ছাত্ৰ পৰিষদে প্রশ্ন উত্থাপন কৰিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ