--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছুপাৰ মাৰ্কেটৰ উৰণ সেতু খন আজিৰ পৰা কেইবা বছৰৰ পূবেই মুকলি কৰা হৈছিল যদিও নামকৰণ কৰা হোৱা নাছিল। আনহাতে, ডাউন টাউনৰ উৰণ সেতুখন সম্প্রতি নিৰ্মাণ কৰা হৈছে

ডিজিটেল ডেস্কঃ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰা হ'ব ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখন। উৰণ সেতু দুখনৰ নামকৰণ কৰাৰ কথা শনিবাৰে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'গুৱাহাটীৰ ডাউন টাউনৰ সন্মুখৰ উৰণ সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব।


ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখনৰ নাম আমি প্রসিদ্ধ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ আগ্ৰহেৰে বাট চাইছোঁ। আমাৰ গৌৰৱপূৰ্ণ ইতিহাসক শ্রদ্ধা তথা কলিতা জনগোষ্ঠীৰ দাবীৰ এয়া এক আমাৰ বিনম্র সন্মান।'


উল্লেখযোগ্য যে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু খন আজিৰ পৰা কেইবা বছৰৰ পূবেই মুকলি কৰা হৈছিল যদিও নামকৰণ কৰা হোৱা নাছিল। আনহাতে, ডাউন টাউনৰ উৰণ সেতুখন সম্প্রতি নিৰ্মাণ কৰা হৈছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে দুয়োখন উৰণ সেতুক ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ লোৱা সিদ্ধান্ত লক্ষণীয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে