--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছুপাৰ মাৰ্কেটৰ উৰণ সেতু খন আজিৰ পৰা কেইবা বছৰৰ পূবেই মুকলি কৰা হৈছিল যদিও নামকৰণ কৰা হোৱা নাছিল। আনহাতে, ডাউন টাউনৰ উৰণ সেতুখন সম্প্রতি নিৰ্মাণ কৰা হৈছে

ডিজিটেল ডেস্কঃ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰা হ'ব ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখন। উৰণ সেতু দুখনৰ নামকৰণ কৰাৰ কথা শনিবাৰে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'গুৱাহাটীৰ ডাউন টাউনৰ সন্মুখৰ উৰণ সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব।


ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখনৰ নাম আমি প্রসিদ্ধ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ আগ্ৰহেৰে বাট চাইছোঁ। আমাৰ গৌৰৱপূৰ্ণ ইতিহাসক শ্রদ্ধা তথা কলিতা জনগোষ্ঠীৰ দাবীৰ এয়া এক আমাৰ বিনম্র সন্মান।'


উল্লেখযোগ্য যে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু খন আজিৰ পৰা কেইবা বছৰৰ পূবেই মুকলি কৰা হৈছিল যদিও নামকৰণ কৰা হোৱা নাছিল। আনহাতে, ডাউন টাউনৰ উৰণ সেতুখন সম্প্রতি নিৰ্মাণ কৰা হৈছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে দুয়োখন উৰণ সেতুক ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ লোৱা সিদ্ধান্ত লক্ষণীয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ