--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৰহাটবাসীৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী বুলি উল্লেখ কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে কয় যে পৰিয়ালৰ সমস্যা তথা দেউতাৰ অসুস্থতাৰ বাবে যোৰহাটলৈ প্ৰথমে আহিব নোৱাৰিলোঁ। প্রথমে নিজৰ ঠাই যোৰহাটলৈ আহিব পৰা হ'লে সকলোৰে ভাল লাগিলেহেঁতেন।

ডিজিটেল ডেস্কঃ যোৰহাটৰ ৰাজহুৱা শ্রদ্ধাঞ্জলিত অংশগ্রহণ কৰি গৰিমা শইকীয়া গার্গে শিল্পীগৰাকীৰ সম্পর্কে কয় যে এক ঐশ্বৰিক আত্মা আমাৰ মাজত আছিল, যাক আমি কাষত থাকোঁতে চিনি নাপালোঁ। 


এই আত্মাই আমাক যিখিনি কথা কৈ গৈছে, যি কাম কৰি গৈছে সেইখিনিৰে অমৰ হ'ব। জীয়াই থাকোঁতে তেওঁ কেতিয়াবা কৈছিল মোৰ কথাবোৰ এতিয়া বুজি নাপায়, ১০-১৫ বছৰৰ পাছতহে বুজি উঠিব। 


আমি বুজি গৈ আছোঁ লাহে লাহে আৰু বহুত কথা এতিয়াও বুজিবলৈ বাকী আছে। কিন্তু তেওঁৰ সেই কথাবোৰ আমি যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়া এখন শান্তি-সম্প্রীতি আৰু এখন সৃষ্টিমুখী অসম পাম, তাৰে মই কামনা কৰোঁ। 


যোৰহাটবাসীৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী বুলি উল্লেখ কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে কয় যে পৰিয়ালৰ সমস্যা তথা দেউতাৰ অসুস্থতাৰ বাবে যোৰহাটলৈ প্ৰথমে আহিব নোৱাৰিলোঁ। প্রথমে নিজৰ ঠাই যোৰহাটলৈ আহিব পৰা হ'লে সকলোৰে ভাল লাগিলেহেঁতেন। 


জুবিনে ইয়াৰ ধূলি-মাটি লৈ ডাঙৰ হৈছে, ইয়াতেই নিজৰ ভেটি স্থাপন কৰিছে। ইয়াৰ মানুহৰ আশিস লৈয়ে জুবিনে নিজৰ প্রফেশ্যনেল জীবন ইয়াতে আৰম্ভ কৰিছে। যোৰহাটলৈ ১৩দিনৰ মাংগলিক অনুষ্ঠান কৰিবলৈ আহিলোঁ। যোৰহাটৰ হাজাৰ হাজাৰ ভকত-বৈষ্ণৱ, বিভিন্ন ধর্মীৱলম্বী লোক আহি সর্বধর্মীয় প্রার্থনা কৰিছে। প্ৰাৰ্থনাৰে জুবিনক বিদায় দিছে, সকলোৱে মৰম-আদৰ সকলো দিছে। 


জুবিনৰ সিখন পৃথিৱীৰ যাত্রাও সুগম হ'ব। গৰিমা শইকীয়া গার্গে কয় যে জুবিনে যিখন অসমৰ সপোন দেখিছিল, সদায় ইতিবাচক কথাবোৰ কৈছিল। অসমৰ সকলোৰে মাজত মিলাপ্ৰীতিৰ কথা কৈছিল। কোনো জাতি-জনগোষ্ঠী, ধৰ্মৰ মাজত ভেদ ভাব নৰখাকৈ ৰাজহুৱা অনুষ্ঠানলৈ সকলো আহিছে। তেনেদৰে জুবিনে বিচৰাধৰণেৰে যেন সকলো মিলাপ্ৰীতিৰে থাকক। 


জুবিনৰ যিমানখিনি আদর্শ আছিল সকলোরে এই আদর্শ কঢ়িয়াই লৈ যাওক। তেনেদৰে আমাৰ মাজত তেওঁক জীয়াই ৰাখিব পাৰিম। তেওঁৰ সত্তাটো অমৰ সত্তা। ইফালে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত গৰিমা শইকীয়া গার্গে কয় যে তেওঁলোকৰ মুখৰ পৰা উলিয়াওক সেইদিনাখন আচলতে কি হৈছিল। 


আমি সকলোৱে ইমানদিন ধৰি জানিব বিচাৰি আছোঁ। জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰ লগত এনেকুৱা কিয় হ'ল? সেই প্রশ্নই আমাক খুলি খুলি খাইছে। তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা-বিশ্বাস আছে। সেয়েহে তদন্ত পানী নসৰকাকৈ হ'ব আৰু সকলো কথা ওলাই পৰিব। আমাৰ অসম চৰকাৰ, আৰক্ষী ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূর্ণ আস্থা আছে। অতি শীঘ্রে এই ন্যায় পাম বুলি আমি বিশ্বাস কৰোঁ। তেওঁ ঘটনাটো ফাষ্টট্রেক আদালতত বিচাৰ হোৱাটো বিচাৰোঁ বুলি উল্লেখ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ