--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসম ৷ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত গাঁৱৰ সমূহ ৰাইজে অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক :  বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ। কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰতি সমন্বয়ে ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়।


অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দিহানামৰ লগতে ভাগৱত পাঠ কৰি প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ কামনা কৰে।


অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসম ৷ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত গাঁৱৰ সমূহ ৰাইজে অংশগ্ৰহণ কৰে। প্ৰতিগৰাকী লোকৰ চকুত চকুপানী । প্ৰিয় শিল্পীগৰাকীক অকালতে হেৰুৱাই মৰ্মাহত প্ৰতি জন লোক।


মহান শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনাৰে সন্ধ্যা ২০০ গছি বন্তি প্ৰজ্বলন কৰা হ'ব লগতে প্ৰিয় শিল্পীগৰাকীৰ গীতৰ সোঁৱৰণী অনুষ্ঠান আয়োজন কৰিব বুলি জানিবলৈ দিয়ে।

জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই গাঁৱৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ