--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজেৰে বুলেটপ্ৰুফ বাহনত গীটানগৰস্থিত মুখ্য দণ্ডাধীশৰ বাসগৃসলৈ লৈ যোৱা হল মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ।

ডিজিটেল ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৷ দুয়োকে অসম আৰক্ষীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ বুধবাৰে পুৱাই দুয়োকে অনা হয় গুৱাহাটীলৈ ৷


কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজেৰে বুলেটপ্ৰুফ বাহনত গীটানগৰস্থিত মুখ্য দণ্ডাধীশৰ বাসগৃসলৈ লৈ যোৱা হল মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ।


অসম আৰক্ষীয়ে শ্যামকানু মহন্তক দিল্লীৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে এয়াৰ ইণ্ডিয়াৰ IX 1197 নম্বৰ বিমান যোগে আজি পুৱাই গুৱাহাটীলৈ আনে ৷


আৰক্ষীৰ মতে, বিভিন্ন ফেষ্টিভেল পতাৰ নামত নিজকে ধোৱা তুলসীৰ পাত সজোৱা শ্যামকানু মহন্তই ছিংগাপুৰত আত্মগোপন কৰি আছিল , আনহাতে ইতিমধ্যে তেওঁ আৰু শৰ্মা দুয়োৰে বিৰুদ্ধে লুক আউট জাননী জাৰি কৰা হৈছিল, য’ত ৬ অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।


উল্লেখ্য যে বিগত বাৰটা দিনে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল হৈ পৰিছে সমগ্ৰ অসম ৷ দোষীয়ে উচিত শাস্তি পোৱাতো বিচাৰিছিল সকলোৱে ।ইয়াৰ মাজতে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চি আই ডিক ৷


প্ৰথমে স্পষ্টীকৰণ,তাৰ পাছত সামাজিক মাধ্যমত বিশেষ পোষ্ট, শেষত ফেচবুকৰ পৰা অন্তৰ্ধান হৈ পৰিছিল শ্যামকানু মহন্তৰ দুয়োটা একাউণ্ট ৷ আনহাতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ফেচবুকৰ জৰিয়তে লিখিছিল মুকলি চিঠি ৷


আজি পূজাৰ বাবে আদালত বন্ধ। গতিকে CJM ৰ আগত হাজিৰ কৰি আৰক্ষীয়ে জিম্মাত ল’ব দুয়োকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ