ডিজিটেল ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৷ দুয়োকে অসম আৰক্ষীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ বুধবাৰে পুৱাই দুয়োকে অনা হয় গুৱাহাটীলৈ ৷
কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজেৰে বুলেটপ্ৰুফ বাহনত গীটানগৰস্থিত মুখ্য দণ্ডাধীশৰ বাসগৃসলৈ লৈ যোৱা হল মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ।
অসম আৰক্ষীয়ে শ্যামকানু মহন্তক দিল্লীৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে এয়াৰ ইণ্ডিয়াৰ IX 1197 নম্বৰ বিমান যোগে আজি পুৱাই গুৱাহাটীলৈ আনে ৷
আৰক্ষীৰ মতে, বিভিন্ন ফেষ্টিভেল পতাৰ নামত নিজকে ধোৱা তুলসীৰ পাত সজোৱা শ্যামকানু মহন্তই ছিংগাপুৰত আত্মগোপন কৰি আছিল , আনহাতে ইতিমধ্যে তেওঁ আৰু শৰ্মা দুয়োৰে বিৰুদ্ধে লুক আউট জাননী জাৰি কৰা হৈছিল, য’ত ৬ অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।
উল্লেখ্য যে বিগত বাৰটা দিনে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল হৈ পৰিছে সমগ্ৰ অসম ৷ দোষীয়ে উচিত শাস্তি পোৱাতো বিচাৰিছিল সকলোৱে ।ইয়াৰ মাজতে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চি আই ডিক ৷
প্ৰথমে স্পষ্টীকৰণ,তাৰ পাছত সামাজিক মাধ্যমত বিশেষ পোষ্ট, শেষত ফেচবুকৰ পৰা অন্তৰ্ধান হৈ পৰিছিল শ্যামকানু মহন্তৰ দুয়োটা একাউণ্ট ৷ আনহাতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ফেচবুকৰ জৰিয়তে লিখিছিল মুকলি চিঠি ৷
আজি পূজাৰ বাবে আদালত বন্ধ। গতিকে CJM ৰ আগত হাজিৰ কৰি আৰক্ষীয়ে জিম্মাত ল’ব দুয়োকে।