--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এছ আই টিয়ে কালি পুনৰ শ্যামকানু মহন্তৰ বাসগৃহত অভিযান চলাই বহু বিত্তীয় খেলিমেলিৰ তথ্য উদ্ধাৰ কৰাত চি আই ডিয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰে।

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটন কৰিবলৈ চি আই ডি আৰু এছ আই টিয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। এছ আই টিয়ে দেওবাৰে প্রয়াত জুবিন গাৰ্গৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালৰ সৈতে পুনৰবাৰ আলোচনা কৰে। 


আনহাতে, এছ আই টিয়ে কালি পুনৰ শ্যামকানু মহন্তৰ বাসগৃহত অভিযান চলাই বহু বিত্তীয় খেলিমেলিৰ তথ্য উদ্ধাৰ কৰাত চি আই ডিয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰে। আনহাতে, চি আই ডিৰ কাৰ্যালয়ত দ্বিতীয় দিনাও জুবিন গাৰ্গৰ সহশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু অভিনেত্রী নিশিতা গোস্বামীক এছ আই টিয়ে মাৰাথন জেৰা কৰে। লক্ষণীয় যে শনিবাৰে পৰিয়ালবৰ্গই জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত ছিংগাপুৰত থকা অসমৰ সকলোৰে বিৰুদ্ধে গোচৰ তৰিছিল। সেই সংক্রান্ততে এছ আই টিৰ দলটোৱে শিল্পীজনৰ পৰিয়ালৰ সৈতে পুনৰ আলোচনা কৰে। 


ইফালে যি নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল সেই ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে এছ আই টিয়ে। এছ আই টিয়ে পূর্বে অভিযান চলাই ছীল কৰি দিয়া শ্যামকানু মহন্তৰ বাসগৃহত কালি পুনৰ অভিযান চলায়। তালাচী অভিযানত ইমান দিনে কৰি অহা ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য উদ্ধাৰ হয়। 


শ্যামকানু মহন্তই ইমানদিনে ভয়ংকৰ জালিয়াতি আৰু প্ৰৱঞ্চনা কৰি অহাৰ তথ্যও লাভ কৰে দলটোৱে। লক্ষণীয়ভাৱে শ্যামকানু মহন্তৰ কোম্পানী ট্রেণ্ডছ এম এম এছৰ নামত উদ্ধাৰ হোৱা দুখন পান কাৰ্ডৰ উপৰি বহু চৰকাৰী বিষয়া আৰু কোম্পানীৰ ছীল-মোহৰ উদ্ধাৰ কৰে এছ আই টিয়ে। ইয়াৰ উপৰি বহু বেনামী সম্পত্তিৰ নথি-পত্ৰ আৰু অনৈতিকভাৱে বিত্তীয় সুবিধা লাভৰ বহু তথ্য লাভ কৰে অভিযানকাৰী দলটোৱে। অভিযানকাৰী এছ আই টিয়ে বিভিন্ন চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামত থকা প্রায় ৩০টা ছীল-মোহৰ জব্দ কৰে। এছ আই টিয়ে তেওঁ বিত্তীয় অনিয়ম, জালিয়াতি আৰু প্ৰৱঞ্চনাৰ তথ্য লাভ কৰাৰ পাছত চি আই ডিয়ে তেওঁৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি চি আই ডিয়ে ১৯/২০২৫ নম্বৰত গোচৰ ৰুজু কৰে। আনহাতে, এছ আই টিয়ে দিল্লীত পুনৰ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এছ আই টিৰ এটা দল দিল্লীত বাহৰ পাতি লৈছে এই অভিযানৰ বাবে। 


ইফালে অহা ৩০ ছেপ্টেম্বৰত এছ আই টিৰ এটা দলে ছিংগাপুৰলৈ গৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব। চি আই ডিৰ এছ এছ পি সুধাকৰ সিঙৰ নেতৃত্বত যাবলগীয়া দলটোৱে ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেল আৰু ঘটনাস্থলীত অনুসন্ধান কৰাৰ লগতে ছিংগাপুৰ আৰক্ষীৰ পৰা প্ৰাথমিক তদন্তৰ তথ্য সংগ্ৰহ কৰিব। লক্ষণীয় যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অভিযুক্ত হোৱা দুই মুখ্য ব্যক্তি শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা দিল্লীত আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। ইফালে ঘটনাৰ দিনা ছিংগাপুৰত থকা তিনি অসমীয়া অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু নিশিতা গোস্বামীক কালি এছ আই টিয়ে পুনৰ দীর্ঘ সময় ধৰি জেৰা কৰে। লক্ষণীয় যে চি আই ডিয়ে কালি তেওঁলোকক প্রায় ১০ ঘণ্টা সময় জেৰা কৰিছিল। লক্ষণীয় যে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা দলটোত আছিল সহঃ শিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰ গোস্বামীও। আনহাতে, নর্থ-ইষ্ট ফেষ্টিভেলত ঘোষিকা হিচাপে অংশ ল'বলৈ গৈছিল অভিনেত্রী নিশিতা গোস্বামী। লক্ষণীয় যে অভিশপ্ত সময়ত জুবিন গাৰ্গৰ সৈতে শেখৰ গোস্বামী কাষতে আছিল। একেদৰে য়াটত গায়িকা অমৃতপ্রভা মহন্তও আছিল। আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে যে ৰাইজৰ প্ৰতিটো প্রশ্নয়ে প্রশাসনে তেওঁলোকক সুধি আছে। তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈকে যিমানবাৰ প্রশাসনে মাতিব সিমানবাৰেই সহায় কৰি যাব বুলিও কয়। তদন্তৰ খাতিৰত তেওঁ এতিয়াই সকলো কথা ক'ব নোৱাৰে যদিও জুবিন গার্গে ন্যায় পোৱাটো তেওঁৰ অন্তৰাত্মাৰো কাম্য বুলি কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ