--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰনগুৰি গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান ।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰনগুৰি গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী।


ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই বিয়াৰ ৰভাৰ পৰা উদ্ধাৰ কৰে দৰা আৰু কিশোৰী কইনাক ।আশা কৰ্মী আঞ্জুমা খাতুনে ৫ হাজাৰ টকা লৈ ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ অভিযোগ কিশোৰী গৰাকীৰ মাতৃৰ ।


টকা হ'লেই কেনেকৈ আশা কৰ্মী আঞ্জুমাই আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰে ?আঞ্জুমাৰ সৈতে কেনেকৈ মিতিৰালী কৰি আমবাগান ৰাজ্যিক চিকিৎসালয়ৰ পৰা ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ দিলে ? এইবোৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।


বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো একাংশ দালাল প্ৰকৃতিৰ চৰকাৰী কৰ্মচাৰীয়ে টকাৰ লোভত নাবালিকা কিশোৰীক অসৎভাৱে বয়স বঢ়াই বিয়াৰ এক চক্ৰ গঢ়ি তুলিছে সংখ্যালঘু প্ৰদান অঞ্চলত ।


মায়ংৰ দৰা কেফাইদুল্লা আহিছিল ৰূপহীহাটৰ বৰুণগুৰিত বাল্য বিবাহ পাতিবলৈ । আৰক্ষীৰ তৎপৰতা দৰা-কইনাক বাল্য বিবাহৰ পৰা উদ্ধাৰ কৰে যদিও বয়স বঢ়াই দিয়া চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষ্যণীয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা