--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰনগুৰি গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান ।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰনগুৰি গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী।


ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই বিয়াৰ ৰভাৰ পৰা উদ্ধাৰ কৰে দৰা আৰু কিশোৰী কইনাক ।আশা কৰ্মী আঞ্জুমা খাতুনে ৫ হাজাৰ টকা লৈ ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ বনাই দিয়াৰ অভিযোগ কিশোৰী গৰাকীৰ মাতৃৰ ।


টকা হ'লেই কেনেকৈ আশা কৰ্মী আঞ্জুমাই আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰে ?আঞ্জুমাৰ সৈতে কেনেকৈ মিতিৰালী কৰি আমবাগান ৰাজ্যিক চিকিৎসালয়ৰ পৰা ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া জন্মৰ প্ৰমাণ পত্ৰ দিলে ? এইবোৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।


বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো একাংশ দালাল প্ৰকৃতিৰ চৰকাৰী কৰ্মচাৰীয়ে টকাৰ লোভত নাবালিকা কিশোৰীক অসৎভাৱে বয়স বঢ়াই বিয়াৰ এক চক্ৰ গঢ়ি তুলিছে সংখ্যালঘু প্ৰদান অঞ্চলত ।


মায়ংৰ দৰা কেফাইদুল্লা আহিছিল ৰূপহীহাটৰ বৰুণগুৰিত বাল্য বিবাহ পাতিবলৈ । আৰক্ষীৰ তৎপৰতা দৰা-কইনাক বাল্য বিবাহৰ পৰা উদ্ধাৰ কৰে যদিও বয়স বঢ়াই দিয়া চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষ্যণীয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি