--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ডিফেণ্ডাৰৰূপে ভাৰতীয় ফুটবল ক্ষেত্ৰত প্রতিষ্ঠা লাভ কৰা গৌৰৱে ভাৰতীয় ২৩ অনূর্ধ্ব দলৰ হৈ ইতিমধ্যে দেশক প্রতিনিধিত্ব কৰিছে।

ডিজিটেল ডেস্ক: প্রতিভাৱান ফুটবলাৰ অসম সন্তান গৌৰৱ বৰাই এইবাৰৰ আই এছ এলত ১৩৪ বছৰীয়া পুৰণি, কলকাতাৰ ঐতিহাসিক মহমেদান স্প'র্টিং ক্লাবৰ অধিনায়কৰ দায়িত্ব লাভ কৰি ৰাজ্যৰ ফুটবল ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। 


ডিফেণ্ডাৰৰূপে ভাৰতীয় ফুটবল ক্ষেত্ৰত প্রতিষ্ঠা লাভ কৰা গৌৰৱে ভাৰতীয় ২৩ অনূর্ধ্ব দলৰ হৈ ইতিমধ্যে দেশক প্রতিনিধিত্ব কৰিছে। ইয়াৰ আগেয়ে গৌৰৱে খেলিছিল ওড়িষা এফ চিৰ হৈ। গৌৰৱ বৰা অসমৰ গুৱাহাটীৰ পৰা ওলাই গৈ দেশৰ লেখত ল'বলগীয়া ডিফেণ্ডাৰ আৰু মিডফিল্ডাৰ হিচাপে পৰিচিতি লাভ কৰিছে। 


আই-লীগ জয় কৰা প্ৰথমগৰাকী অসমীয়া' খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰা গৌৰৱে বাইচুং ভুটিয়া ফুটবল স্কুলত খেলবিধৰ আদিপাঠ শিকিছিল। তেওঁ ইতিমধ্যে চেন্নাই চিটি এফ চিৰ লগতে ওড়িষা এফ চি, নর্থইষ্ট ইউনাইটেড এফ চি দলৰ হৈ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ত খেলিছে। 


গুৱাহাটীত জন্মগ্রহণ কৰা বৰা সৰুতে পৰিয়ালসহ দিল্লীলৈ গুচি যায়। স্কুলীয়া দলৰ হৈ খেলাৰ পাছত বৰাই বাইচুং ভুটীয়া ফুটবল স্কুলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয়। দলটোৰ সৈতে তেওঁৰ ভাল প্ৰদৰ্শনৰ বাবে গৌৰৱক দিল্লীৰ ১৬ বছৰ অনূর্ধ্ব ৰাজ্যিক দলক প্রতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হয় আৰু পুনে চহৰৰ সৈতে ট্রায়েল কৰিবলৈ স্কাউট কৰা হয়। তেওঁৰ ট্রায়েল সফল হোৱাত বৰাই পুনে চিটি একাডেমিত যোগদান কৰে। 


২০১৭ চনৰ নৱেম্বৰ মাহত বৰাক আই-লীগৰ চেন্নাই চিটিলৈ ঋণত দিয়া হয়। ২০১৭ চনৰ ২৯ নৱেম্বৰত ইণ্ডিয়ান এৰ'জৰ বিৰুদ্ধে ক্লাবটোৰ হৈ পেছাদাৰী অভিষেক ঘটায়। চেন্নাই চিটি ৩-০ গ'লত পৰাস্ত হোৱাৰ সময়তে তেওঁ মাত্র ২৬ মিনিট খেলিছিল। ২০১৭-১৮ ছিজনত চেন্নাই চিটিৰ প্ৰশিক্ষকক আপ্লুত কৰাৰ পাছত গৌৰৱক পাছৰ ছিজনত ক্লাবলৈ পুনৰ ঋণত দিয়া হয়। ২০১৮-১৯ ছিজনত বৰাক মুখ্য প্রশিক্ষক আকবৰ নাৱাছে মিডফিল্ডৰ পৰা চেন্ট্রেল ডিফেন্সলৈ লৈ যায়, য'ত তেওঁ ৰ'বাৰ্ট' এছলাভাৰ সৈতে এক সুদৃঢ় যুটি গঢ়ি তুলিছিল। ২০১৯ চনৰ ৯ মাৰ্চত চেন্নাই চিটিৰ ছিজনৰ শেষৰখন খেলত বৰাই মিনার্ভা পঞ্জাবৰ বিৰুদ্ধে এটা গ'ল দিছিল যিয়ে ক্লাবটোক প্ৰথমবাৰৰ বাবে আই-লীগৰ খিতাপ জয় কৰাত সহায় কৰিছিল আৰু বৰাই প্ৰথমটো ট্রফী লাভকৰিছিল। 


২০১৯ চনৰ ২৭ জুনত বৰাই ইণ্ডিয়ান ছুপাৰ লীগৰ দিল্লী ডাইনামোজত যোগদান কৰে। ইয়াৰ পাছত বৰাই পুনৰ ব্ৰেণ্ডেড ক্লাব অর্থাৎ ওড়িষা এফ চিৰ হৈ অভিষেক ঘটায়, ২০১৯ চনৰ ২২ ডিচেম্বৰত গোৱাৰ বিৰুদ্ধে য'ত তেওঁ ডেনিয়েল লালহলিমপুয়াৰ হৈ হাফটাইম ছাবষ্টিটিট বিকল্প হিচাপে খেলিছিল। ২০২২ চনৰ ২৫ আগষ্টত গৌৰৱে ওড়িষাৰ পৰা ইণ্ডিয়ান ছুপাৰ লীগৰ ক্লাব নৰ্থইষ্ট ইউনাইটেডত যোগদান কৰে। 


২০১৯ চনৰ ১৩ ফেব্ৰুৱাৰীত বৰাক ২০২০ চনৰ এ এফ চি ২৩ বছৰ অনূর্ধ্ব চেম্পিয়নশ্বিপৰ কোৱালিফায়াৰত অংশগ্ৰহণ কৰা ভাৰতৰ ২৩ বছৰ অনূর্ধ্ব দললৈ মাতি অনা হয়। কোৱালিফায়াৰৰ প্ৰথমখন মেচত উজবেকিস্তানৰ ২৩ বছৰ অনূর্ধ্বৰ বিৰুদ্ধে তেওঁ দলটোৰ হৈ অভিষেক ঘটায়। ভাৰত ২৩ বছৰ অনুৰ্ধ্ব খেলখনত ২-০ গ'লত পৰাস্ত হৈ শেষত যোগ্যতা অর্জন কৰাত ব্যর্থ হয়।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement