--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আয়োজক দলটোৱে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথ মুকলি ৰখাৰ বাবে আজিৰ মেচখনত কেৱল জয়ী হ'লেই নহ'ব, বৃহৎ ব্যৱধানত জয়লাভ কৰিব লাগিব।

ডিজিটেল ডেস্ক: ভাৰতে টি-২০ বিশ্ব কাপৰ ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ মেচত জিম্বাবুৱেৰ সন্মুখীন হ'ব। ছুপাৰ এইটৰ প্ৰথমখন মেচত দক্ষিণ আফ্রিকাৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত এতিয়া ভাৰতৰ বাবে আজি জিম্বাবুৱেৰ বিৰুদ্ধে মেচখনৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।


আয়োজক দলটোৱে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথ মুকলি ৰখাৰ বাবে আজিৰ মেচখনত কেৱল জয়ী হ'লেই নহ'ব, বৃহৎ ব্যৱধানত জয়লাভ কৰিব লাগিব। ভাৰতৰ ছেমি ফাইনেলৰ সম্ভাৱনা জীয়াই ৰখাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব দলটোৰ শীৰ্যক্ৰমৰ বেটিং পৰাক্ৰমৰ ওপৰত। 


উল্লেখযোগ্য যে ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটাসকলৰ ব্যৰ্থতাই দক্ষিণ-আফ্ৰিকাৰ বিৰুদ্ধে দলৰ পৰাজয় মাতি আনিলে। দলটোৱে প্ৰাৰম্ভিক যুটি আৰু তৃতীয় স্থানৰ বেটাৰৰ ব্যৰ্থতা আজি মেচখনত প্রতিহত কৰি আক্রমণাত্মভাৱে বেটিং কৰিব পাৰিব লাগিব। 


উল্লেখযোগ্য যে বিশ্ব কাপৰ আগতে অভিষেক শৰ্মা আৰু ঈশান কিষাণ প্ৰাৰম্ভিক যুটিয়ে সুন্দৰ প্ৰদৰ্শন কৰিছিল, কিন্তু পেটৰ সংক্ৰমণ হোৱাৰ পাছত অভিষেকে ছন্দ হেৰুৱাই পেলায়। তেওঁ বিশেষকৈ স্পীনাৰৰ বিৰুদ্ধে নিজৰ পচন্দৰ খেল প্ৰদৰ্শন কৰিব পৰা নাই। ইয়াৰ ফল ভোগ কৰিছে ভাৰতে। বিশ্ব কাপৰ চাৰিখন মেচত অভিষেকে সংগ্রহ কৰিছে মাত্র ১৫ ৰান। অভিষেক ব্যর্থ হোৱাৰ সময়ত ঈষানক পূৰ্ণ সহযোগ কৰিব লাগিছিল তিলক বার্মাই, কিন্তু সেইটোও হোৱা দেখা পোৱা নাই। 


ঈশানে ১৯৩ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰি আছে। ইফালে অধিনায়ক সূর্যকুমাৰৰো আক্রমণাত্মক বেটিঙৰ অভাৱ দেখিবলৈ পোৱা গৈছে। তেওঁ মুঠ ১৮০ ৰান সংগ্ৰহ কৰিছে, কিন্তু ষ্ট্ৰাইক ৰেট মাত্র ১২৭। ইয়াৰ ফলত ঈশানৰ ওপৰত চাপ বৃদ্ধি পাইছে। একেদৰে তলৰ ক্ৰমত হার্ডিক পাণ্ডিয়া আৰু শিৱম ডুবেই আক্রমণাত্মকভাৱে বেটিং কৰিব নোৱাৰাৰ ফলত দুই-এখন খেলত ভাৰতে সন্মাজনক ৰানো গোটাব পৰা নাই। ভাৰতৰ বাবে প্রধান সমস্যাটো হ'ল শীর্ষ ক্ৰমৰ বেটাৰৰ প্ৰতিপক্ষৰ স্পীন আক্রমণ মোকাবিলা কৰিব নোৱাৰাটো আনহাতে, ভাৰতৰ বলিং বিভাগে দক্ষিণ আফ্রিকাক বিশাল ৰান গোটোৱাৰ সুযোগ দিয়াটোও এটা চিন্তনীয় বিষয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ