--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আয়োজক দলটোৱে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথ মুকলি ৰখাৰ বাবে আজিৰ মেচখনত কেৱল জয়ী হ'লেই নহ'ব, বৃহৎ ব্যৱধানত জয়লাভ কৰিব লাগিব।

ডিজিটেল ডেস্ক: ভাৰতে টি-২০ বিশ্ব কাপৰ ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ মেচত জিম্বাবুৱেৰ সন্মুখীন হ'ব। ছুপাৰ এইটৰ প্ৰথমখন মেচত দক্ষিণ আফ্রিকাৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত এতিয়া ভাৰতৰ বাবে আজি জিম্বাবুৱেৰ বিৰুদ্ধে মেচখনৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।


আয়োজক দলটোৱে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথ মুকলি ৰখাৰ বাবে আজিৰ মেচখনত কেৱল জয়ী হ'লেই নহ'ব, বৃহৎ ব্যৱধানত জয়লাভ কৰিব লাগিব। ভাৰতৰ ছেমি ফাইনেলৰ সম্ভাৱনা জীয়াই ৰখাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব দলটোৰ শীৰ্যক্ৰমৰ বেটিং পৰাক্ৰমৰ ওপৰত। 


উল্লেখযোগ্য যে ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটাসকলৰ ব্যৰ্থতাই দক্ষিণ-আফ্ৰিকাৰ বিৰুদ্ধে দলৰ পৰাজয় মাতি আনিলে। দলটোৱে প্ৰাৰম্ভিক যুটি আৰু তৃতীয় স্থানৰ বেটাৰৰ ব্যৰ্থতা আজি মেচখনত প্রতিহত কৰি আক্রমণাত্মভাৱে বেটিং কৰিব পাৰিব লাগিব। 


উল্লেখযোগ্য যে বিশ্ব কাপৰ আগতে অভিষেক শৰ্মা আৰু ঈশান কিষাণ প্ৰাৰম্ভিক যুটিয়ে সুন্দৰ প্ৰদৰ্শন কৰিছিল, কিন্তু পেটৰ সংক্ৰমণ হোৱাৰ পাছত অভিষেকে ছন্দ হেৰুৱাই পেলায়। তেওঁ বিশেষকৈ স্পীনাৰৰ বিৰুদ্ধে নিজৰ পচন্দৰ খেল প্ৰদৰ্শন কৰিব পৰা নাই। ইয়াৰ ফল ভোগ কৰিছে ভাৰতে। বিশ্ব কাপৰ চাৰিখন মেচত অভিষেকে সংগ্রহ কৰিছে মাত্র ১৫ ৰান। অভিষেক ব্যর্থ হোৱাৰ সময়ত ঈষানক পূৰ্ণ সহযোগ কৰিব লাগিছিল তিলক বার্মাই, কিন্তু সেইটোও হোৱা দেখা পোৱা নাই। 


ঈশানে ১৯৩ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰি আছে। ইফালে অধিনায়ক সূর্যকুমাৰৰো আক্রমণাত্মক বেটিঙৰ অভাৱ দেখিবলৈ পোৱা গৈছে। তেওঁ মুঠ ১৮০ ৰান সংগ্ৰহ কৰিছে, কিন্তু ষ্ট্ৰাইক ৰেট মাত্র ১২৭। ইয়াৰ ফলত ঈশানৰ ওপৰত চাপ বৃদ্ধি পাইছে। একেদৰে তলৰ ক্ৰমত হার্ডিক পাণ্ডিয়া আৰু শিৱম ডুবেই আক্রমণাত্মকভাৱে বেটিং কৰিব নোৱাৰাৰ ফলত দুই-এখন খেলত ভাৰতে সন্মাজনক ৰানো গোটাব পৰা নাই। ভাৰতৰ বাবে প্রধান সমস্যাটো হ'ল শীর্ষ ক্ৰমৰ বেটাৰৰ প্ৰতিপক্ষৰ স্পীন আক্রমণ মোকাবিলা কৰিব নোৱাৰাটো আনহাতে, ভাৰতৰ বলিং বিভাগে দক্ষিণ আফ্রিকাক বিশাল ৰান গোটোৱাৰ সুযোগ দিয়াটোও এটা চিন্তনীয় বিষয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু