--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অষ্ট্ৰেলিয়াই ২০ অ'ভাৰত ৯ উইকেট হেৰুৱাই ১৫৯ ৰান কৰি ১৭ ৰানত পৰাজয়বৰণ কৰে। ভাৰতে দ্বিতীয়বাৰলৈ অষ্ট্ৰেলিয়াত শৃংখলা জয় কৰে।

ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্রিকেট দলে অষ্ট্ৰেলিয়াৰ মহিলা দলটোক তৃতীয় তথা অন্তিমখন টি-২০ মেচত পৰাজিত কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক নিজৰ দেশত ২-১ ব্যৱধানত শৃংখলাত পৰাজিত কৰে। 


কালি অনুষ্ঠিত হোৱা তৃতীয়খন মেচত ভাৰতে প্রথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ১৭৬ ৰান কৰে। প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই ২০ অ'ভাৰত ৯ উইকেট হেৰুৱাই ১৫৯ ৰান কৰি ১৭ ৰানত পৰাজয়বৰণ কৰে। ভাৰতে দ্বিতীয়বাৰলৈ অষ্ট্ৰেলিয়াত শৃংখলা জয় কৰে। 


ভাৰতৰ অ'পেনাৰ স্মৃতি মান্ধানাই আক্রমণাত্মক বেটিঙেৰে ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮২ ৰান কৰে। আনহাতে, জেমিমা ৰড্রিগজে ৫৯ ৰানৰ অৱদান আগবঢ়ায়। ইফালে জেমিমাই কালি টি-২০ ক্রিকেটত ২,৫০০ ৰান সংগ্ৰহ কৰা চতুৰ্থগৰাকী মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ভাৰতৰ হৈ টি-২০ত সর্বাধিক ৪,২৩১ ৰান সংগ্ৰহ কৰে স্মৃতি মান্ধানাই ১৬০খন মেচত। 


কালি অনুষ্ঠিত মেচখনত অষ্ট্ৰেলিয়াই ১৭৭ ৰানৰ জয়ৰ লক্ষ্য লৈ বেটিং কৰিবলৈ নামে। এশ্বলেই গার্ডেনাৰক বাদ দি দলটোৰ বেটাৰসকলৰ ব্যৰ্থতাৰ বাবে ১৫৯ ৰানতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। গার্ডেনাৰে ৪৫টা বলত ৫৭ ৰান কৰে। ভাৰতৰ শ্রেয়াংকা পাটিল আৰু শ্ৰীচৰণিয়ে তিনিটাকৈ উইকেট লয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু