--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অষ্ট্ৰেলিয়াই ২০ অ'ভাৰত ৯ উইকেট হেৰুৱাই ১৫৯ ৰান কৰি ১৭ ৰানত পৰাজয়বৰণ কৰে। ভাৰতে দ্বিতীয়বাৰলৈ অষ্ট্ৰেলিয়াত শৃংখলা জয় কৰে।

ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্রিকেট দলে অষ্ট্ৰেলিয়াৰ মহিলা দলটোক তৃতীয় তথা অন্তিমখন টি-২০ মেচত পৰাজিত কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক নিজৰ দেশত ২-১ ব্যৱধানত শৃংখলাত পৰাজিত কৰে। 


কালি অনুষ্ঠিত হোৱা তৃতীয়খন মেচত ভাৰতে প্রথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ১৭৬ ৰান কৰে। প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই ২০ অ'ভাৰত ৯ উইকেট হেৰুৱাই ১৫৯ ৰান কৰি ১৭ ৰানত পৰাজয়বৰণ কৰে। ভাৰতে দ্বিতীয়বাৰলৈ অষ্ট্ৰেলিয়াত শৃংখলা জয় কৰে। 


ভাৰতৰ অ'পেনাৰ স্মৃতি মান্ধানাই আক্রমণাত্মক বেটিঙেৰে ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮২ ৰান কৰে। আনহাতে, জেমিমা ৰড্রিগজে ৫৯ ৰানৰ অৱদান আগবঢ়ায়। ইফালে জেমিমাই কালি টি-২০ ক্রিকেটত ২,৫০০ ৰান সংগ্ৰহ কৰা চতুৰ্থগৰাকী মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ভাৰতৰ হৈ টি-২০ত সর্বাধিক ৪,২৩১ ৰান সংগ্ৰহ কৰে স্মৃতি মান্ধানাই ১৬০খন মেচত। 


কালি অনুষ্ঠিত মেচখনত অষ্ট্ৰেলিয়াই ১৭৭ ৰানৰ জয়ৰ লক্ষ্য লৈ বেটিং কৰিবলৈ নামে। এশ্বলেই গার্ডেনাৰক বাদ দি দলটোৰ বেটাৰসকলৰ ব্যৰ্থতাৰ বাবে ১৫৯ ৰানতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। গার্ডেনাৰে ৪৫টা বলত ৫৭ ৰান কৰে। ভাৰতৰ শ্রেয়াংকা পাটিল আৰু শ্ৰীচৰণিয়ে তিনিটাকৈ উইকেট লয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ