--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট নাৰ্চিং হোমলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বিমুখ হ'বলগীয়া হ'ল এগৰাকী বয়সস্থ মহিলা কেৱল মাত্ৰ ব্যৱসায়িক মনোবৃত্তিত নিমজ্জিত নাৰ্চিং হোম কৰ্তৃপক্ষ

ডিজিটেল ডেস্কঃ গোলাঘাট নাৰ্চিং হোমখনৰ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডত ৰোগীৰ হাহাকাৰ। স্বাস্থ্য সেৱাক ধোৱাচাঙত তুলি কেৱল মাত্ৰ ব্যৱসায়িক মনোবৃত্তিত নিমজ্জিত নাৰ্চিং হোম কৰ্তৃপক্ষ ।


উল্লেখ্য যে গোলাঘাট নাৰ্চিং হোমলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বিমুখ হ'বলগীয়া হ'ল এগৰাকী বয়সস্থ মহিলা। মহিলা ৰোগী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নাৰ্চিং হোম খনত আজি অৰ্থাৎ ১৬ জুন,২০২৫ তাৰিখৰ পুৱাৰ ভাগত ডা: নয়ন দত্তক দেখুৱাবৰ বাবে নাম তালিকাভূক্ত কৰা হয়।


সেই অনুসৰি নাৰ্চিং হোম খনৰ কৰ্মচাৰীয়ে নিৰ্ধাৰণ কৰা সময়ত বয়সস্থ ৰোগী গৰাকী যথা স্থানত উপস্থিত হয়। কিন্তু নাৰ্চিং হোম খনৰ কৰ্তব্যৰত নাৰ্চে নাম লিখোৱা নাই বুলি বয়সস্থ মহিলা গৰাকীক নাৰ্চিং হোমৰ পৰা ওভতাই পঠায়। যি সময়ত চিকিৎসক গৰাকীয়ে নাৰ্চিং হোমৰ চেম্বাৰত ৰোগী চাই আছিল। নাৰ্চিং হোম কৰ্তৃপক্ষৰ নিয়ম মতে যথা সময়ত নাম তালিকাভূক্ত কৰাৰ পিছত আৰু চিকিৎসক উপস্থিত থকা অৱস্থাত নাম অন্তৰ্ভুক্ত কৰা নাই বুলি ৰোগীক উভতাই পঠোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই।


প্ৰায় সত্তৰ কিলোমিটাৰ দূৰত্বৰ পৰা নৰিয়া গাৰে আহি চিকিৎসা সেৱাৰ পৰা বিমুখ হৈ ক্ষোভ প্ৰকাশ কৰে মহিলা গৰাকীয়ে। ৰোগীৰ জীৱনক লৈ হেতালি খেলা গোলাঘাট নাৰ্চিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি