--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট নাৰ্চিং হোমলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বিমুখ হ'বলগীয়া হ'ল এগৰাকী বয়সস্থ মহিলা কেৱল মাত্ৰ ব্যৱসায়িক মনোবৃত্তিত নিমজ্জিত নাৰ্চিং হোম কৰ্তৃপক্ষ

ডিজিটেল ডেস্কঃ গোলাঘাট নাৰ্চিং হোমখনৰ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডত ৰোগীৰ হাহাকাৰ। স্বাস্থ্য সেৱাক ধোৱাচাঙত তুলি কেৱল মাত্ৰ ব্যৱসায়িক মনোবৃত্তিত নিমজ্জিত নাৰ্চিং হোম কৰ্তৃপক্ষ ।


উল্লেখ্য যে গোলাঘাট নাৰ্চিং হোমলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বিমুখ হ'বলগীয়া হ'ল এগৰাকী বয়সস্থ মহিলা। মহিলা ৰোগী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নাৰ্চিং হোম খনত আজি অৰ্থাৎ ১৬ জুন,২০২৫ তাৰিখৰ পুৱাৰ ভাগত ডা: নয়ন দত্তক দেখুৱাবৰ বাবে নাম তালিকাভূক্ত কৰা হয়।


সেই অনুসৰি নাৰ্চিং হোম খনৰ কৰ্মচাৰীয়ে নিৰ্ধাৰণ কৰা সময়ত বয়সস্থ ৰোগী গৰাকী যথা স্থানত উপস্থিত হয়। কিন্তু নাৰ্চিং হোম খনৰ কৰ্তব্যৰত নাৰ্চে নাম লিখোৱা নাই বুলি বয়সস্থ মহিলা গৰাকীক নাৰ্চিং হোমৰ পৰা ওভতাই পঠায়। যি সময়ত চিকিৎসক গৰাকীয়ে নাৰ্চিং হোমৰ চেম্বাৰত ৰোগী চাই আছিল। নাৰ্চিং হোম কৰ্তৃপক্ষৰ নিয়ম মতে যথা সময়ত নাম তালিকাভূক্ত কৰাৰ পিছত আৰু চিকিৎসক উপস্থিত থকা অৱস্থাত নাম অন্তৰ্ভুক্ত কৰা নাই বুলি ৰোগীক উভতাই পঠোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই।


প্ৰায় সত্তৰ কিলোমিটাৰ দূৰত্বৰ পৰা নৰিয়া গাৰে আহি চিকিৎসা সেৱাৰ পৰা বিমুখ হৈ ক্ষোভ প্ৰকাশ কৰে মহিলা গৰাকীয়ে। ৰোগীৰ জীৱনক লৈ হেতালি খেলা গোলাঘাট নাৰ্চিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা