--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ৫১টা শক্তিপীঠ আছে। ইয়াৰে প্ৰত্যেকখন শক্তিপীঠৰে আছে নিজস্ব মাহাত্ম্য। এই শক্তিপীঠসমূহৰ দৰ্শন আৰু পূজাৰে ভক্তৰ বিভিন্ন মনোকামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। তেনে এক শক্তিপীঠেই হৈছে নীলাচল পাহাৰত অৱস্থিত ‘মা কামাখ্যাৰ মন্দিৰ’।

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ৫১টা শক্তিপীঠ আছে। ইয়াৰে প্ৰত্যেকখন শক্তিপীঠৰে আছে নিজস্ব মাহাত্ম্য। এই শক্তিপীঠসমূহৰ দৰ্শন আৰু পূজাৰে ভক্তৰ বিভিন্ন মনোকামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। তেনে এক শক্তিপীঠেই হৈছে নীলাচল পাহাৰত অৱস্থিত ‘মা কামাখ্যাৰ মন্দিৰ’। এই মন্দিৰ অসমৰ অন্যতম বিখ্যাত পৰ্যটনস্থলীৰ লগতে তন্ত্ৰ সাধনা কেন্দ্ৰস্বৰূপ।

উল্লেখ্য যে প্ৰতি বছৰৰ ২২ৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যাধামত বাৰ্ষিক অনুষ্ঠান হিচাপে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। অম্বুবাচীৰ প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।সেই সময়ত মা ভগৱতীৰ ৰজস্বলাৰ হয় বুলি কোৱা হয়। মা ভগৱতীৰ ৰজস্বলাৰ তিনিদিন পাছত তেওঁৰ বিশেষভাৱে পূজা কৰা হয় । সেই সময়ত হাজাৰ হাজাৰ দেশী-বিদেশী পর্যটকে ভিৰ কৰে নীলাচল পাহাৰত। এই বছৰো ২২ জুন ২.৫৬ত কামাখ্যাৰ মন্দিৰৰ দুৱাৰ প্ৰবৃত্তি হৈ ২৬ জুনৰ পুৱা মুকলি হ'ব। ২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে মন্দিৰৰ দুৱাৰ খোলা থাকিব, সেই দুদিন ভিআইপি, ভিভিআইপিৰ বাবে কোনো ব্যৱস্থা নাথাকিব।হুলস্থুলীয়া পৰিৱেশ নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ প্ৰয়াস প্ৰশাসনৰ।


এইক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এই বছৰো আৰক্ষী আয়ুক্ত নীতি-নিৰ্দেশনা।পূৰ্বতকৈ অধিক কটকটীয়া কৰি তোলা হ'ব নিৰাপত্তা ব্যৱস্থা। যোৱা বৰ্ষসমূহত ২৭ লক্ষাধিক ভক্ত কামাখ্যালৈ আগমন হয় যদিও এইবাৰ ভূমিস্খলনৰ সমস্যাই দেখা দিছে কামাখ্যা মন্দিৰত। এই সন্দৰ্ভত মহানগৰ প্ৰশাসনে বিশেষ সতৰ্কতা হোৱাৰ লগতে ভূমিস্খলনৰ ভয়াৱহতা অব্যাহত থকা বাবে প্ৰশাসনে ৰাইজকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।প্ৰশাসনৰ তৰফৰ পৰা এইক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰদান কৰে।

* পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ

* কামাখ্যাৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা খোজকাঢ়ি আহিব লাগিব

* ৩-৪ ঘণ্টাৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত

* হুলস্থুলীয়া পৰিৱেশ কোনেও সৃষ্টি কৰিব নোৱাৰিব

* মন্দিৰ খোলাৰ পাছত প্ৰথম দুদিনত ভিভিআইপিৰ দৰ্শনী নাথাকিব

* সেই দুদিনত মুখ্যমন্ত্ৰীকো নাহিবলৈ আহ্বান জনাব প্ৰশাসনে

ভূমিস্খলনপ্ৰৱণ অঞ্চল চিনাক্ত কৰা হৈছে, তাত এচডিআৰএফ, এনডিআৰএফ ৰখা হৈছে

মেখেলা উজোৱা পথটো সুন্দৰকৈ সজোৱা হৈছে। এইবাৰ কোনেও নিৰ্দিষ্ট সমদল কৰি কামাখ্যাধামলৈ আহিব নোৱাৰিব। পাণ্ডুৰ ফালেৰে অহা পথ বন্ধ থাকিব, বিশেষ বিশেষ কাৰণতহে সেই পথ মুকলি কৰি দিব প্ৰশাসনে। পূৰ্বৰতকৈ অধিক চি চি কেমেৰা সংযোগ কৰিছে প্ৰশাসনে।বাদ্যযন্ত্ৰ বজাই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্ৰশাসনৰ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী